87 : 1
سَبِّحِ ٱسْمَ رَبِّكَ ٱلْأَعْلَى
তুমি তোমাৰ সুমহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা,
★
87 : 2
ٱلَّذِى خَلَقَ فَسَوَّىٰ
যিজনে সৃষ্টি কৰিছে, তাৰ পিছত সুঠাম কৰিছে।
★
87 : 3
وَٱلَّذِى قَدَّرَ فَهَدَىٰ
আৰু যিজনে (ভাগ্য) নিৰ্ধাৰণ কৰিছে তাৰ পিছত সৎপথ প্ৰদৰ্শন কৰিছে,
★
87 : 4
وَٱلَّذِىٓ أَخْرَجَ ٱلْمَرْعَىٰ
আৰু যিজনে ঘাঁহ-বন তৃণ-লতা উৎপন্ন কৰিছে,
★
87 : 5
فَجَعَلَهُۥ غُثَآءً أَحْوَىٰ
তাৰ পিছত সেইবোৰক ক'লা আৱৰ্জনাত পৰিণত কৰিছে।
★
87 : 6
سَنُقْرِئُكَ فَلَا تَنسَىٰٓ
অনতিপলমে আমি তোমাক পাঠ কৰাম, ফলত তুমি নাপাহৰিবা,
★
87 : 7
إِلَّا مَا شَآءَ ٱللَّهُ ۚ إِنَّهُۥ يَعْلَمُ ٱلْجَهْرَ وَمَا يَخْفَىٰ
কেৱল আল্লাহে যি বিচাৰে তাৰ বাহিৰে। নিশ্চয় তেওঁ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো জানে।
★
87 : 8
وَنُيَسِّرُكَ لِلْيُسْرَىٰ
আৰু আমি তোমাৰ বাবে (কল্যাণৰ পথ) সহজ কৰি দিম।
★
87 : 9
فَذَكِّرْ إِن نَّفَعَتِ ٱلذِّكْرَىٰ
এতেকে উপদেশ দিয়া, যদি উপদেশ ফলপ্ৰসূ হয়;
★
87 : 10
سَيَذَّكَّرُ مَن يَخْشَىٰ
উপদেশ সিয়েই গ্ৰহণ কৰিব যিয়ে ভয় কৰে।
★
87 : 11
وَيَتَجَنَّبُهَا ٱلْأَشْقَى
আৰু যিজন দুৰ্ভগীয়া সিয়েই ইয়াক অগ্ৰাহ্য কৰিব,
★
87 : 12
ٱلَّذِى يَصْلَى ٱلنَّارَ ٱلْكُبْرَىٰ
সি ভয়াৱহ জুইত প্ৰৱেশ কৰিব।
★
87 : 13
ثُمَّ لَا يَمُوتُ فِيهَا وَلَا يَحْيَىٰ
তাৰ পিছত সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীৱিতও থাকিব নোৱাৰিব।
★
87 : 14
قَدْ أَفْلَحَ مَن تَزَكَّىٰ
নিশ্চয় সিয়েই সফলতা লাভ কৰে, যিয়ে আত্মশুদ্ধি কৰে।
★
87 : 15
وَذَكَرَ ٱسْمَ رَبِّهِۦ فَصَلَّىٰ
লগতে তাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰে আৰু ছালাত আদায় কৰে।
★
87 : 16
بَلْ تُؤْثِرُونَ ٱلْحَيَوٰةَ ٱلدُّنْيَا
কিন্তু তোমালোকে পৃথিৱীৰ জীৱনকহে প্ৰাধান্য দিয়া,
★
87 : 17
وَٱلْـَٔاخِرَةُ خَيْرٌ وَأَبْقَىٰٓ
অথচ আখিৰাত হৈছে সৰ্বোত্তম আৰু স্থায়ী।
★
87 : 18
إِنَّ هَـٰذَا لَفِى ٱلصُّحُفِ ٱلْأُولَىٰ
নিশ্চয় ইয়াৰ বৰ্ণনা আছে পূৰ্বৱৰ্তী ছহীফাসমূহত,
★
87 : 19
صُحُفِ إِبْرَٰهِيمَ وَمُوسَىٰ
ইব্ৰাহীম আৰু মূছাৰ ছহীফাসমূহত।
★