70 : 1
سَأَلَ سَآئِلٌۢ بِعَذَابٍ وَاقِعٍ
আবেদনকাৰীয়ে আবেদন কৰিলে, সংঘটিত হওক অৱধাৰিত শাস্তি-
★
70 : 2
لِّلْكَـٰفِرِينَ لَيْسَ لَهُۥ دَافِعٌ
কাফিৰসকলৰ ওপৰত, যাৰ কোনো প্ৰতিৰোধকাৰী নাই।
★
70 : 3
مِّنَ ٱللَّهِ ذِى ٱلْمَعَارِجِ
এইটো আহিব আল্লাহৰ তৰফৰ পৰা, যিজন ঊৰ্ধ্বাৰোহণৰ খটখটীবোৰৰ (জখলা) অধিকাৰী,
★
70 : 4
تَعْرُجُ ٱلْمَلَـٰٓئِكَةُ وَٱلرُّوحُ إِلَيْهِ فِى يَوْمٍ كَانَ مِقْدَارُهُۥ خَمْسِينَ أَلْفَ سَنَةٍ
ফিৰিস্তাসকল আৰু ৰূহ এনে এটা দিনত আল্লাহৰ দিশে ঊৰ্দ্ধগামী হয়, যাৰ পৰিমাণ পঞ্চাশ হাজাৰ বছৰ।
★
70 : 5
فَٱصْبِرْ صَبْرًا جَمِيلًا
এতেকে তুমি ধৈৰ্য ধাৰণ কৰা পৰম ধৈৰ্য।
★
70 : 6
إِنَّهُمْ يَرَوْنَهُۥ بَعِيدًا
নিশ্চয় সিহঁতে এই দিৱসটোক বহু দূৰত থকা বুলি ভাবে।
★
70 : 7
وَنَرَىٰهُ قَرِيبًا
আৰু আমি ইয়াক নিচেই ওচৰত দেখি আছোঁ।
★
70 : 8
يَوْمَ تَكُونُ ٱلسَّمَآءُ كَٱلْمُهْلِ
সেইদিনা আকাশ হৈ যাব গলিত ধাতুৰ দৰে,
★
70 : 9
وَتَكُونُ ٱلْجِبَالُ كَٱلْعِهْنِ
আৰু পৰ্বতসমূহ হৈ যাব ৰং-বিৰঙৰ ঊণৰ দৰে,
★
70 : 10
وَلَا يَسْـَٔلُ حَمِيمٌ حَمِيمًا
আৰু কোনো অন্তৰঙ্গ বন্ধুৱেও অন্তৰঙ্গ বন্ধুৰ খা-খবৰ নুসুধিব,
★
70 : 11
يُبَصَّرُونَهُمْ ۚ يَوَدُّ ٱلْمُجْرِمُ لَوْ يَفْتَدِى مِنْ عَذَابِ يَوْمِئِذٍۭ بِبَنِيهِ
(যদিও) সিহঁতক পৰস্পৰৰ দৃষ্টিগোচৰ কৰোৱা হ’ব। অপৰাধীয়ে সেইদিৱসৰ শাস্তিৰ বিনিময়ত দিব বিচাৰিব তাৰ সন্তান-সন্ততিক,
★
70 : 12
وَصَـٰحِبَتِهِۦ وَأَخِيهِ
আৰু তাৰ স্ত্ৰী আৰু ভাতৃক,
★
70 : 13
وَفَصِيلَتِهِ ٱلَّتِى تُـْٔوِيهِ
আৰু তাৰ জাতি-গোষ্ঠিক, যিসকলে তাক আশ্ৰয় দিছিল,
★
70 : 14
وَمَن فِى ٱلْأَرْضِ جَمِيعًا ثُمَّ يُنجِيهِ
লগতে পৃথিৱীৰ সকলোকে (দিব বিচাৰিব), যাতে ইয়াৰ বিনিময়ত তাক মুক্তি দিয়া হয়।
★
70 : 15
كَلَّآ ۖ إِنَّهَا لَظَىٰ
কেতিয়াও নহয়, নিশ্চয় এইটো হৈছে লেলিহান জুই,
★
70 : 16
نَزَّاعَةً لِّلشَّوَىٰ
যিয়ে (তাৰ) মূৰৰ ছাল খহাই পেলাব।
★
70 : 17
تَدْعُوا۟ مَنْ أَدْبَرَ وَتَوَلَّىٰ
জাহান্নামে সেই ব্যক্তিক মাতিব, যিয়ে (সত্যৰ প্ৰতি) পৃষ্ঠ প্ৰদৰ্শন কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।
★
70 : 18
وَجَمَعَ فَأَوْعَىٰٓ
আৰু সি সম্পদ সঞ্চয় কৰিছিল, লগতে সংৰক্ষণ কৰি ৰাখিছিল।
★
70 : 19
۞ إِنَّ ٱلْإِنسَـٰنَ خُلِقَ هَلُوعًا
নিশ্চয় মানুহক সৃষ্টি কৰা হৈছে অতিশয় ধৈৰ্যহীন অস্থিৰচিত্তৰূপে।
★
70 : 20
إِذَا مَسَّهُ ٱلشَّرُّ جَزُوعًا
যেতিয়া তাক বিপদে স্পৰ্শ কৰে, তেতিয়া সি অতিমাত্ৰা উৎকণ্ঠিত হৈ পৰে।
★
70 : 21
وَإِذَا مَسَّهُ ٱلْخَيْرُ مَنُوعًا
আৰু যেতিয়া তাক কল্যাণে স্পৰ্শ কৰে, তেতিয়া সি অতিশয় কৃপণ হৈ পৰে।
★
70 : 22
إِلَّا ٱلْمُصَلِّينَ
কিন্তু ছালাত প্ৰতিষ্ঠাকাৰীসকলৰ বাহিৰে,
★
70 : 23
ٱلَّذِينَ هُمْ عَلَىٰ صَلَاتِهِمْ دَآئِمُونَ
যিসকলে নিজৰ ছালাতৰ ক্ষেত্ৰত সদায় প্ৰতিষ্ঠিত,
★
70 : 24
وَٱلَّذِينَ فِىٓ أَمْوَٰلِهِمْ حَقٌّ مَّعْلُومٌ
আৰু যিসকলৰ ধন-সম্পদত আছে নিৰ্ধাৰিত হক্ব (প্ৰাপ্য),
★
70 : 25
لِّلسَّآئِلِ وَٱلْمَحْرُومِ
খোজনীয়া-মগনীয়া আৰু বঞ্চিতসকলৰ বাবে,
★
70 : 26
وَٱلَّذِينَ يُصَدِّقُونَ بِيَوْمِ ٱلدِّينِ
আৰু যিসকলে প্ৰতিফল দিৱসক সত্য বুলি বিশ্বাস কৰে।
★
70 : 27
وَٱلَّذِينَ هُم مِّنْ عَذَابِ رَبِّهِم مُّشْفِقُونَ
আৰু যিসকলে নিজ প্ৰতিপালকৰ শাস্তি সম্পৰ্কে ভীত-সন্ত্ৰস্ত--
★
70 : 28
إِنَّ عَذَابَ رَبِّهِمْ غَيْرُ مَأْمُونٍ
নিশ্চয় তেওঁলোকৰ প্ৰতিপালকৰ শাস্তি কোনো নিৰাপদ বস্তু নহয়;
★
70 : 29
وَٱلَّذِينَ هُمْ لِفُرُوجِهِمْ حَـٰفِظُونَ
আৰু যিসকলে নিজৰ যৌনাঙ্গৰ হিফাজত কৰে,
★
70 : 30
إِلَّا عَلَىٰٓ أَزْوَٰجِهِمْ أَوْ مَا مَلَكَتْ أَيْمَـٰنُهُمْ فَإِنَّهُمْ غَيْرُ مَلُومِينَ
কিন্তু সিহঁতৰ পত্নী অথবা অধিকাৰভুক্ত দাসীৰ বাহিৰে, এনে ক্ষেত্ৰত সিহঁত নিন্দনীয় নহ’ব--
★
70 : 31
فَمَنِ ٱبْتَغَىٰ وَرَآءَ ذَٰلِكَ فَأُو۟لَـٰٓئِكَ هُمُ ٱلْعَادُونَ
কিন্তু যিসকলে এওঁলোকৰ বাহিৰে আনক কামনা কৰে, সিহঁতেই সীমালংঘনকাৰী।
★
70 : 32
وَٱلَّذِينَ هُمْ لِأَمَـٰنَـٰتِهِمْ وَعَهْدِهِمْ رَٰعُونَ
আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে,
★
70 : 33
وَٱلَّذِينَ هُم بِشَهَـٰدَٰتِهِمْ قَآئِمُونَ
আৰু যিসকলে সাক্ষ্যদানত অটল,
★
70 : 34
وَٱلَّذِينَ هُمْ عَلَىٰ صَلَاتِهِمْ يُحَافِظُونَ
আৰু যিসকলে নিজৰ ছালাতৰ হিফাজত কৰে,
★
70 : 35
أُو۟لَـٰٓئِكَ فِى جَنَّـٰتٍ مُّكْرَمُونَ
তেওঁলোকেই জান্নাতসমূহত সন্মানিত হ’ব।
★
70 : 36
فَمَالِ ٱلَّذِينَ كَفَرُوا۟ قِبَلَكَ مُهْطِعِينَ
কাফিৰসকলৰ কি হ’ল, সিহঁতে দেখোন তোমাৰ ফালে ঢপলীয়াই আহি আছে?
★
70 : 37
عَنِ ٱلْيَمِينِ وَعَنِ ٱلشِّمَالِ عِزِينَ
সোঁফালৰ পৰা আৰু বাওঁফালৰ পৰা, দলে দলে।
★
70 : 38
أَيَطْمَعُ كُلُّ ٱمْرِئٍ مِّنْهُمْ أَن يُدْخَلَ جَنَّةَ نَعِيمٍ
সিহঁতৰ প্ৰত্যেকেই এইটো আশা কৰে নেকি যে, তাক প্ৰাচুৰ্যময় জান্নাতত প্ৰৱেশ কৰোৱা হ’ব?
★
70 : 39
كَلَّآ ۖ إِنَّا خَلَقْنَـٰهُم مِّمَّا يَعْلَمُونَ
কেতিয়াও নহয়, নিশ্চয় আমি সিহঁতক যিটোৰে সৃষ্টি কৰিছোঁ, সেয়া সিহঁতে জানে।
★
70 : 40
فَلَآ أُقْسِمُ بِرَبِّ ٱلْمَشَـٰرِقِ وَٱلْمَغَـٰرِبِ إِنَّا لَقَـٰدِرُونَ
এতেকে মই শপত কৰিছোঁ উদয়াচল আৰু অস্তাচলসমূহৰ প্ৰতিপালকৰ, নিশ্চয় আমি সক্ষম,
★
70 : 41
عَلَىٰٓ أَن نُّبَدِّلَ خَيْرًا مِّنْهُمْ وَمَا نَحْنُ بِمَسْبُوقِينَ
সিহঁততকৈ উৎকৃষ্টসকলক সিহঁতৰ স্থলৱৰ্তী কৰিবলৈ, আৰু এইটো কৰিবলৈ আমি অক্ষম নহয়।
★
70 : 42
فَذَرْهُمْ يَخُوضُوا۟ وَيَلْعَبُوا۟ حَتَّىٰ يُلَـٰقُوا۟ يَوْمَهُمُ ٱلَّذِى يُوعَدُونَ
এতেকে সিহঁতক নিৰৰ্থক কথা-বতৰা আৰু খেল-ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া-- যিটো দিৱসৰ প্ৰতিশ্ৰুতি সিহঁতক দিয়া হৈছে সেই দিৱসৰ সন্মুখীন নোহোৱা পৰ্যন্ত।
★
70 : 43
يَوْمَ يَخْرُجُونَ مِنَ ٱلْأَجْدَاثِ سِرَاعًا كَأَنَّهُمْ إِلَىٰ نُصُبٍ يُوفِضُونَ
সেইদিনা সিহঁত কবৰৰ পৰা দ্ৰুতবেগত ওলাই আহিব, এনে লাগিব যেনিবা সিহঁতে কোনো লক্ষ্যস্থলৰ ফালে ধাৱিত হৈছে,
★
70 : 44
خَـٰشِعَةً أَبْصَـٰرُهُمْ تَرْهَقُهُمْ ذِلَّةٌ ۚ ذَٰلِكَ ٱلْيَوْمُ ٱلَّذِى كَانُوا۟ يُوعَدُونَ
সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব। এইটোৱে সেইদিৱস যাৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল।
★