36 : 1
يسٓ
ইয়া-ছীন,[1]
36 : 2
وَٱلْقُرْءَانِ ٱلْحَكِيمِ
জ্ঞানগৰ্ভ কোৰআনৰ শপত!
36 : 3
إِنَّكَ لَمِنَ ٱلْمُرْسَلِينَ
নিশ্চয় তুমি ৰাছুলসকলৰ অন্তৰ্ভুক্ত,
36 : 4
عَلَىٰ صِرَٰطٍ مُّسْتَقِيمٍ
সৰল পথৰ ওপৰত প্ৰতিষ্ঠিত।
36 : 5
تَنزِيلَ ٱلْعَزِيزِ ٱلرَّحِيمِ
এই কোৰআন প্ৰবল পৰাক্ৰমশালী, পৰম দয়ালু আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ।
36 : 6
لِتُنذِرَ قَوْمًا مَّآ أُنذِرَ ءَابَآؤُهُمْ فَهُمْ غَـٰفِلُونَ
যাতে তুমি সতৰ্ক কৰিব পাৰা এনেকুৱা এটা জাতিক, যিসকলৰ পিতৃ-পুৰুষসকলক সতৰ্ক কৰা হোৱা নাছিল, সেয়ে সিহঁত উদাসীন।
36 : 7
لَقَدْ حَقَّ ٱلْقَوْلُ عَلَىٰٓ أَكْثَرِهِمْ فَهُمْ لَا يُؤْمِنُونَ
নিশ্চয় সিহঁতৰ অধিকাংশৰ ওপৰতে (আল্লাহৰ) বাণী অৱধাৰিত হৈছে, সেয়ে সিহঁতে ঈমান পোষণ নকৰিব।
36 : 8
إِنَّا جَعَلْنَا فِىٓ أَعْنَـٰقِهِمْ أَغْلَـٰلًا فَهِىَ إِلَى ٱلْأَذْقَانِ فَهُم مُّقْمَحُونَ
নিশ্চয় আমি সিহঁতৰ ডিঙিত থুঁতৰিলৈকে গলাবান্ধ (শিকলি) মেৰিয়াই দিছোঁ, ফলত সিহঁত উৰ্দ্ধমুখী হৈ গৈছে।
36 : 9
وَجَعَلْنَا مِنۢ بَيْنِ أَيْدِيهِمْ سَدًّا وَمِنْ خَلْفِهِمْ سَدًّا فَأَغْشَيْنَـٰهُمْ فَهُمْ لَا يُبْصِرُونَ
আৰু আমি সিহঁতৰ আগফালে প্ৰাচীৰ আৰু পিছফালে প্ৰাচীৰ স্থাপন কৰিছোঁ, তাৰ পিছত আমি সিহঁতক ঢাকি দিছোঁ, ফলত সিহঁতে দেখিবলৈ নাপায়।
36 : 10
وَسَوَآءٌ عَلَيْهِمْ ءَأَنذَرْتَهُمْ أَمْ لَمْ تُنذِرْهُمْ لَا يُؤْمِنُونَ
তুমি সিহঁতক সতৰ্ক কৰা বা নকৰা, সিহঁতৰ বাবে উভয়ে সমান; সিহঁতে ঈমান পোষণ নকৰিব।
36 : 11
إِنَّمَا تُنذِرُ مَنِ ٱتَّبَعَ ٱلذِّكْرَ وَخَشِىَ ٱلرَّحْمَـٰنَ بِٱلْغَيْبِ ۖ فَبَشِّرْهُ بِمَغْفِرَةٍ وَأَجْرٍ كَرِيمٍ
তুমি কেৱল তাকেই সতৰ্ক কৰিব পাৰিবা যিয়ে কোৰআনৰ অনুসৰণ কৰে আৰু ৰহমানক নেদেখাকৈয়ে ভয় কৰে। এতেকে তুমি তাক ক্ষমা আৰু সন্মানজনক পুৰস্কাৰৰ সুসংবাদ দিয়া।
36 : 12
إِنَّا نَحْنُ نُحْىِ ٱلْمَوْتَىٰ وَنَكْتُبُ مَا قَدَّمُوا۟ وَءَاثَـٰرَهُمْ ۚ وَكُلَّ شَىْءٍ أَحْصَيْنَـٰهُ فِىٓ إِمَامٍ مُّبِينٍ
নিশ্চয় আমিয়েই মৃতক জীৱিত কৰোঁ আৰু লিখি ৰাখোঁ সিহঁতে যি আগলৈ প্ৰেৰণ কৰে আৰু যি সিহঁতে পিছত এৰি যায়। আমি প্ৰত্যেক বস্তুকেই সুস্পষ্ট কিতাবত সংৰক্ষণ কৰি ৰাখিছোঁ।
36 : 13
وَٱضْرِبْ لَهُم مَّثَلًا أَصْحَـٰبَ ٱلْقَرْيَةِ إِذْ جَآءَهَا ٱلْمُرْسَلُونَ
আৰু সিহঁতৰ ওচৰত এটা জনপদৰ অধিবাসীসকলৰ দৃষ্টান্ত বৰ্ণনা কৰা; যেতিয়া সিহঁতৰ ওচৰলৈ ৰাছুলসকল আহিছিল।
36 : 14
إِذْ أَرْسَلْنَآ إِلَيْهِمُ ٱثْنَيْنِ فَكَذَّبُوهُمَا فَعَزَّزْنَا بِثَالِثٍ فَقَالُوٓا۟ إِنَّآ إِلَيْكُم مُّرْسَلُونَ
যেতিয়া আমি সিহঁতৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ দুজন ৰাছুল, তেতিয়া সিহঁতে তেওঁলোকক অবিশ্বাস কৰিছিল, তাৰ পিছত আমি তেওঁলোকক তৃতীয় এজনৰ দ্বাৰা শক্তিশালী কৰিছিলোঁ। তেওঁলোকে কৈছিল, ‘নিশ্চয় আমি তোমালোকৰ ওচৰলৈ (আল্লাহৰ দূত হিচাপে) প্ৰেৰিত হৈছোঁ’।
36 : 15
قَالُوا۟ مَآ أَنتُمْ إِلَّا بَشَرٌ مِّثْلُنَا وَمَآ أَنزَلَ ٱلرَّحْمَـٰنُ مِن شَىْءٍ إِنْ أَنتُمْ إِلَّا تَكْذِبُونَ
সিহঁতে কৈছিল, ‘তোমালোকে দেখোন আমাৰ দৰেই মানুহ, পৰম কৰুণাময়ে একো অৱতীৰ্ণ কৰা নাই। তোমালোকে কেৱল মিছা কথাহে কৈ আছা’।
36 : 16
قَالُوا۟ رَبُّنَا يَعْلَمُ إِنَّآ إِلَيْكُمْ لَمُرْسَلُونَ
তেওঁলোকে (উত্তৰত) কৈছিল, ‘আমাৰ প্ৰতিপালকে জানে, নিশ্চয় আমি তোমালোকৰ ওচৰলৈ প্ৰেৰিত হৈছোঁ’।
36 : 17
وَمَا عَلَيْنَآ إِلَّا ٱلْبَلَـٰغُ ٱلْمُبِينُ
‘আৰু (শুনা!) স্পষ্টভাৱে প্ৰচাৰ কৰাটোহে আমাৰ দায়িত্ব’।
36 : 18
قَالُوٓا۟ إِنَّا تَطَيَّرْنَا بِكُمْ ۖ لَئِن لَّمْ تَنتَهُوا۟ لَنَرْجُمَنَّكُمْ وَلَيَمَسَّنَّكُم مِّنَّا عَذَابٌ أَلِيمٌ
সিহঁতে ক’লে, ‘নিশ্চয় আমি তোমালোকক অমঙ্গলৰ কাৰণ হিচাপেহে গণ্য কৰোঁ, যদি তোমালোকে বিৰত নোহোৱা তেন্তে নিশ্চয় আমি তোমালোকক শিল দলিয়াই হত্যা কৰিম আৰু আমাৰ ফালৰ পৰা তোমালোকক যন্ত্ৰণাদায়ক শাস্তিয়ে স্পৰ্শ কৰিব’।
36 : 19
قَالُوا۟ طَـٰٓئِرُكُم مَّعَكُمْ ۚ أَئِن ذُكِّرْتُم ۚ بَلْ أَنتُمْ قَوْمٌ مُّسْرِفُونَ
তেওঁলোকে ক’লে, ‘তোমালোকৰ অমঙ্গল তোমালোকৰেই লগত; তোমালোকক উপদেশ দিয়া হৈছে বুলিয়েই এনেকৈ কৈছা নেকি? বৰং তোমালোক হৈছা এটা সীমালঙ্ঘনকাৰী সম্প্ৰদায়’।
36 : 20
وَجَآءَ مِنْ أَقْصَا ٱلْمَدِينَةِ رَجُلٌ يَسْعَىٰ قَالَ يَـٰقَوْمِ ٱتَّبِعُوا۟ ٱلْمُرْسَلِينَ
ইপিনে নগৰৰ দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তি দৌৰি আহি ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে ৰাছুলসকলৰ অনুসৰণ কৰা;
36 : 21
ٱتَّبِعُوا۟ مَن لَّا يَسْـَٔلُكُمْ أَجْرًا وَهُم مُّهْتَدُونَ
‘অনুসৰণ কৰা সেইসকল ব্যক্তিৰ, যিসকলে তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰে আৰু তেওঁলোক হৈছে সৎপথপ্ৰাপ্ত।
36 : 22
وَمَا لِىَ لَآ أَعْبُدُ ٱلَّذِى فَطَرَنِى وَإِلَيْهِ تُرْجَعُونَ
‘আৰু মই কি যুক্তিত সেই সত্ত্বাৰ ইবাদতৰ পৰা বিৰত থাকিম, যিজনে মোক সৃষ্টি কৰিছে? আৰু যাৰ ওচৰলৈ তোমালোকক ওভতাই নিয়া হ’ব।
36 : 23
ءَأَتَّخِذُ مِن دُونِهِۦٓ ءَالِهَةً إِن يُرِدْنِ ٱلرَّحْمَـٰنُ بِضُرٍّ لَّا تُغْنِ عَنِّى شَفَـٰعَتُهُمْ شَيْـًٔا وَلَا يُنقِذُونِ
‘মই তেওঁৰ বাহিৰে বেলেগ কোনো ইলাহ গ্ৰহণ কৰিম নেকি? ৰহমানে মোৰ কোনো ক্ষতি কৰিব বিচাৰিলে সিহঁতৰ চুপাৰিছ মোৰ কোনো কামত নাহিব আৰু সিহঁতে মোক উদ্ধাৰো কৰিব নোৱাৰিব।
36 : 24
إِنِّىٓ إِذًا لَّفِى ضَلَـٰلٍ مُّبِينٍ
‘এনে কৰিলে নিশ্চয় মই স্পষ্ট বিভ্ৰান্তিত পতিত হ'ম।
36 : 25
إِنِّىٓ ءَامَنتُ بِرَبِّكُمْ فَٱسْمَعُونِ
‘নিশ্চয় মই তোমালোকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিছোঁ, এতেকে তোমালোকে মোৰ কথা শুনা’।
36 : 26
قِيلَ ٱدْخُلِ ٱلْجَنَّةَ ۖ قَالَ يَـٰلَيْتَ قَوْمِى يَعْلَمُونَ
তেওঁক কোৱা হ’ল, ‘জান্নাতত প্ৰৱেশ কৰা’। তেওঁ ক’লে, ‘হায়! মোৰ সম্প্ৰদায়ে যদি জানিলেহেঁতেন,
36 : 27
بِمَا غَفَرَ لِى رَبِّى وَجَعَلَنِى مِنَ ٱلْمُكْرَمِينَ
‘যাৰ বিনিময়ত মোৰ প্ৰতিপালকে মোক ক্ষমা কৰি দিছে আৰু মোক সন্মানিত কৰিছে’।
36 : 28
۞ وَمَآ أَنزَلْنَا عَلَىٰ قَوْمِهِۦ مِنۢ بَعْدِهِۦ مِن جُندٍ مِّنَ ٱلسَّمَآءِ وَمَا كُنَّا مُنزِلِينَ
আমি তেওঁৰ (মৃত্যুৰ) পিছত তেওঁৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আকাশৰ পৰা কোনো বাহিনী প্ৰেৰণ কৰা নাছিলোঁ, আনকি প্ৰেৰণ কৰাৰ কোনো প্ৰয়োজনো নাছিল।
36 : 29
إِن كَانَتْ إِلَّا صَيْحَةً وَٰحِدَةً فَإِذَا هُمْ خَـٰمِدُونَ
সেয়া আছিল কেৱল এটা বিকট শব্দ। যাৰ ফলত সিহঁত নিথৰ নিস্তব্ধ হৈ পৰিছিল।
36 : 30
يَـٰحَسْرَةً عَلَى ٱلْعِبَادِ ۚ مَا يَأْتِيهِم مِّن رَّسُولٍ إِلَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ
পৰিতাপ বান্দাসকলৰ বাবে; সিহঁতৰ ওচৰলৈ যেতিয়াই কোনো ৰাছুল আহিছে তেতিয়াই সিহঁতে তেওঁৰ লগত ঠাট্টা-বিদ্ৰূপ কৰিছে।
36 : 31
أَلَمْ يَرَوْا۟ كَمْ أَهْلَكْنَا قَبْلَهُم مِّنَ ٱلْقُرُونِ أَنَّهُمْ إِلَيْهِمْ لَا يَرْجِعُونَ
সিহঁতে লক্ষ্য কৰা নাইনে যে, আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক ধ্বংস কৰিছোঁ? নিশ্চয় সেইসকল লোক সিহঁতৰ মাজলৈ আৰু উভতি নাহিব।
36 : 32
وَإِن كُلٌّ لَّمَّا جَمِيعٌ لَّدَيْنَا مُحْضَرُونَ
সিহঁত সকলোকে একত্ৰিত কৰি আমাৰ ওচৰত উপস্থিত কৰোৱা হ’ব।
36 : 33
وَءَايَةٌ لَّهُمُ ٱلْأَرْضُ ٱلْمَيْتَةُ أَحْيَيْنَـٰهَا وَأَخْرَجْنَا مِنْهَا حَبًّا فَمِنْهُ يَأْكُلُونَ
আৰু মৃত ভূমি হৈছে সিহঁতৰ বাবে এটা নিদৰ্শন, যাক আমি সঞ্জীৱিত কৰিছোঁ আৰু তাৰ পৰা শস্য উৎপন্ন কৰিছোঁ, যিবোৰ সিহঁতে খায়।
36 : 34
وَجَعَلْنَا فِيهَا جَنَّـٰتٍ مِّن نَّخِيلٍ وَأَعْنَـٰبٍ وَفَجَّرْنَا فِيهَا مِنَ ٱلْعُيُونِ
আৰু তাত আমি সৃষ্টি কৰিছোঁ খেজুৰ আৰু আঙুৰৰ উদ্যান আৰু তাত আমি প্ৰবাহিত কৰিছোঁ কিছুমান প্ৰস্ৰৱন,
36 : 35
لِيَأْكُلُوا۟ مِن ثَمَرِهِۦ وَمَا عَمِلَتْهُ أَيْدِيهِمْ ۖ أَفَلَا يَشْكُرُونَ
যাতে সিহঁতে তাৰ ফলমূল খাব পাৰে, অথচ (এইবোৰক) সিহঁতে নিজ হাতেৰে সৃষ্টি কৰা নাই। তথাপিও সিহঁতে কৃতজ্ঞতা প্ৰকাশ নকৰিবনে?
36 : 36
سُبْحَـٰنَ ٱلَّذِى خَلَقَ ٱلْأَزْوَٰجَ كُلَّهَا مِمَّا تُنۢبِتُ ٱلْأَرْضُ وَمِنْ أَنفُسِهِمْ وَمِمَّا لَا يَعْلَمُونَ
পৱিত্ৰ আৰু মহান তেওঁ, যিজনে সকলোকে যোৰ যোৰকৈ সৃষ্টি কৰিছে, মাটিৰ পৰা উৎপন্ন উদ্ভিদেই হওক বা সিহঁতৰ (মানুহৰ) মাজৰ পৰাই হওক (নাৰী আৰু পুৰুষ) আৰু সেইবোৰ বস্তুৰ মাজতো যিবোৰক সিহঁতে নাজানে।
36 : 37
وَءَايَةٌ لَّهُمُ ٱلَّيْلُ نَسْلَخُ مِنْهُ ٱلنَّهَارَ فَإِذَا هُم مُّظْلِمُونَ
আৰু ৰাতিও হৈছে সিহঁতৰ বাবে এটা নিদৰ্শন, আমি তাৰ পৰা দিনক অপসাৰিত কৰোঁ, তেতিয়া সিহঁত অন্ধকাৰাচ্ছন্ন হৈ পৰে।
36 : 38
وَٱلشَّمْسُ تَجْرِى لِمُسْتَقَرٍّ لَّهَا ۚ ذَٰلِكَ تَقْدِيرُ ٱلْعَزِيزِ ٱلْعَلِيمِ
আৰু সূৰ্যই ভ্ৰমণ কৰে তাৰ নিৰ্দিষ্ট গন্তব্যৰ ফালে, এইটো মহাপৰাক্ৰমশালী, সৰ্বজ্ঞ (আল্লাহ)ৰ নিৰ্ধাৰণ।
36 : 39
وَٱلْقَمَرَ قَدَّرْنَـٰهُ مَنَازِلَ حَتَّىٰ عَادَ كَٱلْعُرْجُونِ ٱلْقَدِيمِ
লগতে চন্দ্ৰৰ বাবে আমি নিৰ্দিষ্ট কৰিছোঁ বিভিন্ন মনজিল, অৱশেষত সেইটো শুকান বেকা, পুৰণি খেজুৰ ঠানিৰ আকাৰত উভতি যায়।
36 : 40
لَا ٱلشَّمْسُ يَنۢبَغِى لَهَآ أَن تُدْرِكَ ٱلْقَمَرَ وَلَا ٱلَّيْلُ سَابِقُ ٱلنَّهَارِ ۚ وَكُلٌّ فِى فَلَكٍ يَسْبَحُونَ
সূৰ্যৰ পক্ষে সম্ভৱ নহয় চন্দ্ৰক লগ পোৱা, আৰু ৰাতিৰ পক্ষেও সম্ভৱ নহয় দিনক অতিক্ৰম কৰা, আৰু প্ৰত্যেকেই নিজ নিজ কক্ষপথত ভাহিঁ আছে।
36 : 41
وَءَايَةٌ لَّهُمْ أَنَّا حَمَلْنَا ذُرِّيَّتَهُمْ فِى ٱلْفُلْكِ ٱلْمَشْحُونِ
সিহঁতৰ বাবে আৰু এটা নিদৰ্শন হৈছে এই যে, আমি সিহঁতৰ বংশধৰবিলাকক ভৰ্তি নৌযানত আৰোহণ কৰোৱাইছিলোঁ;
36 : 42
وَخَلَقْنَا لَهُم مِّن مِّثْلِهِۦ مَا يَرْكَبُونَ
আৰু সিহঁতৰ বাবেও অনুৰূপ যানবাহন সৃষ্টি কৰিছোঁ যাতে সিহঁতে আৰোহণ কৰে।
36 : 43
وَإِن نَّشَأْ نُغْرِقْهُمْ فَلَا صَرِيخَ لَهُمْ وَلَا هُمْ يُنقَذُونَ
আৰু আমি ইচ্ছা কৰিলে সিহঁতক ডুবাই মাৰিব পাৰোঁ, তেতিয়া সিহঁতৰ কোনো উদ্ধাৰকাৰী নাথাকিব আৰু সিহঁতে পৰিত্ৰাণো নাপাব,
36 : 44
إِلَّا رَحْمَةً مِّنَّا وَمَتَـٰعًا إِلَىٰ حِينٍ
একমাত্ৰ আমাৰ কৰুণাইহে সিহঁতক পাৰ লগাই দিয়ে আৰু কিছু সময়ৰ বাবে উপভোগৰ সুযোগ দিয়া হয়।
36 : 45
وَإِذَا قِيلَ لَهُمُ ٱتَّقُوا۟ مَا بَيْنَ أَيْدِيكُمْ وَمَا خَلْفَكُمْ لَعَلَّكُمْ تُرْحَمُونَ
আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকৰ সন্মুখত যি আছে আৰু তোমালোকৰ পিছত যি আছে সেই সম্পৰ্কে তাক্বৱা অৱলম্বন কৰা; যাতে তোমালোকৰ প্ৰতি ৰহমত বৰ্ষিত হয়’,
36 : 46
وَمَا تَأْتِيهِم مِّنْ ءَايَةٍ مِّنْ ءَايَـٰتِ رَبِّهِمْ إِلَّا كَانُوا۟ عَنْهَا مُعْرِضِينَ
আৰু সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা সিহঁতৰ ওচৰলৈ কোনো নিদৰ্শন আহিলেই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।
36 : 47
وَإِذَا قِيلَ لَهُمْ أَنفِقُوا۟ مِمَّا رَزَقَكُمُ ٱللَّهُ قَالَ ٱلَّذِينَ كَفَرُوا۟ لِلَّذِينَ ءَامَنُوٓا۟ أَنُطْعِمُ مَن لَّوْ يَشَآءُ ٱللَّهُ أَطْعَمَهُۥٓ إِنْ أَنتُمْ إِلَّا فِى ضَلَـٰلٍ مُّبِينٍ
আৰু যেতিয়া সিহঁতক কোৱা হয় যে, ‘আল্লাহে তোমালোকক যি জীৱিকা দান কৰিছে তাৰ পৰা তোমালোকে ব্যয় কৰা’, তেতিয়া কাফিৰসকলে মুমিনসকলক কয়, ‘আমি তাক খাদ্য দান কৰিমনে, যাক আল্লাহে ইচ্ছা কৰিলেই খোৱাব পাৰে? নিশ্চয় তোমালোক স্পষ্ট বিভ্ৰান্তিত আছা’।
36 : 48
وَيَقُولُونَ مَتَىٰ هَـٰذَا ٱلْوَعْدُ إِن كُنتُمْ صَـٰدِقِينَ
আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তৱায়িত হ’ব’?
36 : 49
مَا يَنظُرُونَ إِلَّا صَيْحَةً وَٰحِدَةً تَأْخُذُهُمْ وَهُمْ يَخِصِّمُونَ
সিহঁত মাথোন এটা বিকট শব্দৰ অপেক্ষাতহে আছে, যিটোৱে সিহঁতক বাক-বিতণ্ডাত লিপ্ত থকা অৱস্থাতে আক্ৰমণ কৰিব।
36 : 50
فَلَا يَسْتَطِيعُونَ تَوْصِيَةً وَلَآ إِلَىٰٓ أَهْلِهِمْ يَرْجِعُونَ
তেতিয়া সিহঁতে অছিয়ত কৰাৰো সামৰ্থ নাপাব আৰু নিজৰ পৰিয়ালবৰ্গৰ ওচৰলৈকেও উভতি আহিব নোৱাৰিব।
36 : 51
وَنُفِخَ فِى ٱلصُّورِ فَإِذَا هُم مِّنَ ٱلْأَجْدَاثِ إِلَىٰ رَبِّهِمْ يَنسِلُونَ
আৰু যেতিয়া শিঙাত ফুঁ দিয়া হ’ব, তেতিয়া সিহঁতে তৎক্ষণাত কবৰৰ পৰা ওলাই নিজ প্ৰতিপালকৰ পিনে লৰ মাৰিব।
36 : 52
قَالُوا۟ يَـٰوَيْلَنَا مَنۢ بَعَثَنَا مِن مَّرْقَدِنَا ۜ ۗ هَـٰذَا مَا وَعَدَ ٱلرَّحْمَـٰنُ وَصَدَقَ ٱلْمُرْسَلُونَ
সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! কোনে আমাক আমাৰ নিদ্ৰাস্থলৰ পৰা উঠালে? দয়াময় আল্লাহে ইয়াৰেই দেখোন প্ৰতিশ্ৰুতি দিছিল আৰু ৰাছুলসকলেও দেখোন সত্য কথাহে কৈছিল’।
36 : 53
إِن كَانَتْ إِلَّا صَيْحَةً وَٰحِدَةً فَإِذَا هُمْ جَمِيعٌ لَّدَيْنَا مُحْضَرُونَ
এইটো হ’ব কেৱল এটা বিকট শব্দ; তেতিয়াই ইহঁত সকলোকে উপস্থিত কৰা হ’ব আমাৰ সন্মুখত,
36 : 54
فَٱلْيَوْمَ لَا تُظْلَمُ نَفْسٌ شَيْـًٔا وَلَا تُجْزَوْنَ إِلَّا مَا كُنتُمْ تَعْمَلُونَ
এতেকে আজি কাৰো প্ৰতি অন্যায় কৰা নহ'ব আৰু তোমালোকে যি কৰিছিলা তোমালোকক কেৱল তাৰেই প্ৰতিফল দিয়া হ’ব।
36 : 55
إِنَّ أَصْحَـٰبَ ٱلْجَنَّةِ ٱلْيَوْمَ فِى شُغُلٍ فَـٰكِهُونَ
নিশ্চয় জান্নাতবাসীসকল আজি আনন্দত ব্যস্ত থাকিব,
36 : 56
هُمْ وَأَزْوَٰجُهُمْ فِى ظِلَـٰلٍ عَلَى ٱلْأَرَآئِكِ مُتَّكِـُٔونَ
তেওঁলোক আৰু তেওঁলোকৰ স্ত্ৰীসকলে সুশীতল ছাঁৰ তলত সুসজ্জিত আসনত আউজি বহিব।
36 : 57
لَهُمْ فِيهَا فَـٰكِهَةٌ وَلَهُم مَّا يَدَّعُونَ
তাত থাকিব তেওঁলোকৰ বাবে ফলমূল, আৰু তেওঁলোকে যিটো বিচাৰিব সেইটোৱেই পাব,
36 : 58
سَلَـٰمٌ قَوْلًا مِّن رَّبٍّ رَّحِيمٍ
অসীম দয়ালু প্ৰতিপালকৰ তৰফৰ পৰা কোৱা হ’ব ‘ছালাম’ (অভিনন্দন বা নিৰাপত্তা)।
36 : 59
وَٱمْتَـٰزُوا۟ ٱلْيَوْمَ أَيُّهَا ٱلْمُجْرِمُونَ
আৰু ‘হে অপৰাধীসকল! তোমালোকে আজি পৃথক হৈ যোৱা’।
36 : 60
۞ أَلَمْ أَعْهَدْ إِلَيْكُمْ يَـٰبَنِىٓ ءَادَمَ أَن لَّا تَعْبُدُوا۟ ٱلشَّيْطَـٰنَ ۖ إِنَّهُۥ لَكُمْ عَدُوٌّ مُّبِينٌ
হে আদম সন্তান! মই তোমালোকক এই মৰ্মে নিৰ্দেশ দিয়া নাছিলোঁনে যে, তোমালোকে চয়তানৰ ইবাদত নকৰিবা, কাৰণ সি তোমালোকৰ প্ৰকাশ্য শত্ৰু?
36 : 61
وَأَنِ ٱعْبُدُونِى ۚ هَـٰذَا صِرَٰطٌ مُّسْتَقِيمٌ
আৰু কেৱল মোৰেই ইবাদত কৰা, এইটোৱেই হৈছে সৰল পথ।
36 : 62
وَلَقَدْ أَضَلَّ مِنكُمْ جِبِلًّا كَثِيرًا ۖ أَفَلَمْ تَكُونُوا۟ تَعْقِلُونَ
আৰু নিশ্চয় চয়তানে তোমালোকৰ বহু দলক বিভ্ৰান্ত কৰিছিল, তথাপিও তোমালোকে অনুধাৱন কৰা নাইনে?
36 : 63
هَـٰذِهِۦ جَهَنَّمُ ٱلَّتِى كُنتُمْ تُوعَدُونَ
এইখনেই হৈছে সেই জাহান্নাম, যাৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল।
36 : 64
ٱصْلَوْهَا ٱلْيَوْمَ بِمَا كُنتُمْ تَكْفُرُونَ
আজি তোমালোকে ইয়াত দগ্ধ হোৱা, কিয়নো তোমালোকে কুফৰী কৰিছিলা।
36 : 65
ٱلْيَوْمَ نَخْتِمُ عَلَىٰٓ أَفْوَٰهِهِمْ وَتُكَلِّمُنَآ أَيْدِيهِمْ وَتَشْهَدُ أَرْجُلُهُم بِمَا كَانُوا۟ يَكْسِبُونَ
আজি আমি সিহঁতৰ মুখত মোহৰ মাৰি দিম, সিহঁতৰ হাতে আমাৰ লগত কথা পাতিব আৰু সিহঁতৰ ভৰিয়ে সাক্ষ্য দিব সিহঁতৰ কৃতকৰ্মৰ।
36 : 66
وَلَوْ نَشَآءُ لَطَمَسْنَا عَلَىٰٓ أَعْيُنِهِمْ فَٱسْتَبَقُوا۟ ٱلصِّرَٰطَ فَأَنَّىٰ يُبْصِرُونَ
আৰু আমি ইচ্ছা কৰিলে নিশ্চয় সিহঁতৰ চকুবোৰক লোপ কৰি দিলোঁহেঁতেন, তেতিয়া সিহঁতে পথ অন্বেষণত দৌৰি ফুৰিলেও (কোনো কামত নাহিব), কাৰণ কেনেকৈনো দেখা পাব!
36 : 67
وَلَوْ نَشَآءُ لَمَسَخْنَـٰهُمْ عَلَىٰ مَكَانَتِهِمْ فَمَا ٱسْتَطَـٰعُوا۟ مُضِيًّا وَلَا يَرْجِعُونَ
আৰু আমি ইচ্ছা কৰিলে সিহঁতক সিহঁতৰ নিজ নিজ স্থানতে আকৃতি পৰিবৰ্তন কৰি দিব পাৰিলোঁহেঁতেন, ফলত সিহঁতে আগুৱাইয়ো যাব নোৱাৰিলেহেঁতেন আৰু উভতিও আহিব নোৱাৰিলেহেঁতেন।
36 : 68
وَمَن نُّعَمِّرْهُ نُنَكِّسْهُ فِى ٱلْخَلْقِ ۖ أَفَلَا يَعْقِلُونَ
আৰু আমি যাক দীৰ্ঘ জীৱন দান কৰোঁ, সৃষ্টি অৱয়বত তাৰ অৱনতি ঘটাওঁ। তথাপিও সিহঁতে বুজি নাপায়নে?
36 : 69
وَمَا عَلَّمْنَـٰهُ ٱلشِّعْرَ وَمَا يَنۢبَغِى لَهُۥٓ ۚ إِنْ هُوَ إِلَّا ذِكْرٌ وَقُرْءَانٌ مُّبِينٌ
আমি তেওঁক (ৰাছুলক) কাব্য ৰচনা কৰা শিকোৱা নাই আৰু এইটো তেওঁৰ বাবে শোভনীয়ও নহয়। নিশ্চয় এইখন হৈছে কেৱল এটা উপদেশ আৰু সুস্পষ্ট কোৰআন;
36 : 70
لِّيُنذِرَ مَن كَانَ حَيًّا وَيَحِقَّ ٱلْقَوْلُ عَلَى ٱلْكَـٰفِرِينَ
যাতে ই জীৱিতসকলক সতৰ্ক কৰিব পাৰে, লগতে কাফিৰসকলৰ বিৰুদ্ধে শাস্তিৰ কথা সত্য বুলি প্ৰমাণিত হয়।
36 : 71
أَوَلَمْ يَرَوْا۟ أَنَّا خَلَقْنَا لَهُم مِّمَّا عَمِلَتْ أَيْدِينَآ أَنْعَـٰمًا فَهُمْ لَهَا مَـٰلِكُونَ
সিহঁতে লক্ষ্য কৰা নাইনে যে, আমাৰ হাতেৰে প্ৰস্তুত কৰা বস্তুসমূহৰ মাজত আমি সিহঁতৰ বাবে ঘৰচীয়া জন্তুও সৃষ্টি কৰিছোঁ। অথচ সিহঁতেই সেইবোৰৰ মালিক।
36 : 72
وَذَلَّلْنَـٰهَا لَهُمْ فَمِنْهَا رَكُوبُهُمْ وَمِنْهَا يَأْكُلُونَ
আৰু আমি সেইবোৰক সিহঁতৰ বশীভূত কৰি দিছোঁ। ফলত সেইবোৰৰ কিছু সংখ্যক হৈছে সিহঁতৰ বাহন আৰু কিছুমানক সিহঁতে ভক্ষণ কৰে।
36 : 73
وَلَهُمْ فِيهَا مَنَـٰفِعُ وَمَشَارِبُ ۖ أَفَلَا يَشْكُرُونَ
আৰু সিহঁতৰ বাবে এইবোৰৰ মাজত আছে বহুতো উপকাৰ লগতে আছে পানীয় উপাদান। তথাপিও সিহঁতে কৃতজ্ঞতা প্ৰকাশ নকৰিবনে?
36 : 74
وَٱتَّخَذُوا۟ مِن دُونِ ٱللَّهِ ءَالِهَةً لَّعَلَّهُمْ يُنصَرُونَ
তথাপিও সিহঁতে আল্লাহৰ পৰিবৰ্তে অন্য ইলাহ গ্ৰহণ কৰিছে, এই আশাত যে, সিহঁতে সাহায্যপ্ৰাপ্ত হ’ব।
36 : 75
لَا يَسْتَطِيعُونَ نَصْرَهُمْ وَهُمْ لَهُمْ جُندٌ مُّحْضَرُونَ
কিন্তু সেইবোৰে সিহঁতক সহায় কৰিবলৈ সক্ষম নহয়, বৰং সেইবোৰক সিহঁতৰ বিৰুদ্ধে বাহিনীৰূপে উপস্থিত কৰা হ’ব।
36 : 76
فَلَا يَحْزُنكَ قَوْلُهُمْ ۘ إِنَّا نَعْلَمُ مَا يُسِرُّونَ وَمَا يُعْلِنُونَ
এতেকে সিহঁতৰ কথায় যেন তোমাক চিন্তিত নকৰে, নিশ্চয় আমি জানো সিহঁতে যি গোপন কৰে আৰু যি সিহঁতে প্ৰকাশ কৰে।
36 : 77
أَوَلَمْ يَرَ ٱلْإِنسَـٰنُ أَنَّا خَلَقْنَـٰهُ مِن نُّطْفَةٍ فَإِذَا هُوَ خَصِيمٌ مُّبِينٌ
মানুহে লক্ষ্য নকৰে নেকি যে, আমি তাক সৃষ্টি কৰিছোঁ শুক্ৰবিন্দুৰ পৰা, তথাপিও সি পাছত প্ৰকাশ্য বিতণ্ডাকাৰী হৈ পৰে।
36 : 78
وَضَرَبَ لَنَا مَثَلًا وَنَسِىَ خَلْقَهُۥ ۖ قَالَ مَن يُحْىِ ٱلْعِظَـٰمَ وَهِىَ رَمِيمٌ
আৰু সি আমাৰ বিষয়ে উপমা ৰচনা কৰে, অথচ সি নিজৰ সৃষ্টিৰ কথা পাহৰি যায়। সি কয়, ‘হাড়ৰ ভিতৰত কোনে প্ৰাণ সঞ্চাৰ কৰিব যেতিয়া ই জহি-খহি, গেলি-পচি যাব’?
36 : 79
قُلْ يُحْيِيهَا ٱلَّذِىٓ أَنشَأَهَآ أَوَّلَ مَرَّةٍ ۖ وَهُوَ بِكُلِّ خَلْقٍ عَلِيمٌ
কোৱা, ‘তেৱেঁই তাত প্ৰাণ সঞ্চাৰ কৰিব যিজনে ইয়াক প্ৰথমবাৰ সৃষ্টি কৰিছে, আৰু তেওঁ প্ৰতিটো সৃষ্টি সম্পৰ্কে সম্যক পৰিজ্ঞাত’।
36 : 80
ٱلَّذِى جَعَلَ لَكُم مِّنَ ٱلشَّجَرِ ٱلْأَخْضَرِ نَارًا فَإِذَآ أَنتُم مِّنْهُ تُوقِدُونَ
তেৱেঁই তোমালোকৰ বাবে সেউজীয়া গছৰ পৰা জুই উৎপন্ন কৰে, ফলত তোমালোকে তাৰ পৰা অগ্নি প্ৰজ্বলিত কৰা।
36 : 81
أَوَلَيْسَ ٱلَّذِى خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ بِقَـٰدِرٍ عَلَىٰٓ أَن يَخْلُقَ مِثْلَهُم ۚ بَلَىٰ وَهُوَ ٱلْخَلَّـٰقُ ٱلْعَلِيمُ
যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে, তেওঁ সিহঁতৰ অনুৰূপ পুনৰ সৃষ্টি কৰিবলৈ সক্ষম নহয়নে? নিশ্চয় সক্ষম। তেওঁ মহাস্ৰষ্টা, সৰ্বজ্ঞ।
36 : 82
إِنَّمَآ أَمْرُهُۥٓ إِذَآ أَرَادَ شَيْـًٔا أَن يَقُولَ لَهُۥ كُن فَيَكُونُ
তেওঁৰ বিষয়টো এনেকুৱা যে, তেওঁ যেতিয়া কোনো বস্তুৰ ইচ্ছা কৰে, তেতিয়া কেৱল কয়, ‘হ’, ফলত সেইটো হৈ যায়।
36 : 83
فَسُبْحَـٰنَ ٱلَّذِى بِيَدِهِۦ مَلَكُوتُ كُلِّ شَىْءٍ وَإِلَيْهِ تُرْجَعُونَ
এতেকে পৱিত্ৰ আৰু মহান সেই সত্ত্বা, যাৰ হাতত আছে প্ৰত্যেক বিষয়ৰ সাৰ্বভৌম কৰ্তৃত্ব; আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।