27 : 1
طسٓ ۚ تِلْكَ ءَايَـٰتُ ٱلْقُرْءَانِ وَكِتَابٍ مُّبِينٍ
ত্বা-ছীন;[1] এইবোৰ হৈছে আল-কোৰআন তথা সুস্পষ্ট কিতাবৰ আয়াত;
27 : 2
هُدًى وَبُشْرَىٰ لِلْمُؤْمِنِينَ
পথনিৰ্দেশ আৰু সুসংবাদ মুমিনসকলৰ বাবে,
27 : 3
ٱلَّذِينَ يُقِيمُونَ ٱلصَّلَوٰةَ وَيُؤْتُونَ ٱلزَّكَوٰةَ وَهُم بِٱلْـَٔاخِرَةِ هُمْ يُوقِنُونَ
যিসকলে ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে আৰু তেওঁলোকেই আখিৰাতৰ প্ৰতি নিশ্চিত বিশ্বাস স্থাপন কৰে।
27 : 4
إِنَّ ٱلَّذِينَ لَا يُؤْمِنُونَ بِٱلْـَٔاخِرَةِ زَيَّنَّا لَهُمْ أَعْمَـٰلَهُمْ فَهُمْ يَعْمَهُونَ
নিশ্চয় যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন নকৰে, সিহঁতৰ বাবে সিহঁতৰ কৰ্মক আমি শোভনীয় কৰি দিছোঁ, ফলত সিহঁত বিভ্ৰান্ত হৈ ঘূৰি ফুৰে;
27 : 5
أُو۟لَـٰٓئِكَ ٱلَّذِينَ لَهُمْ سُوٓءُ ٱلْعَذَابِ وَهُمْ فِى ٱلْـَٔاخِرَةِ هُمُ ٱلْأَخْسَرُونَ
ইহঁতৰ বাবেই আছে নিকৃষ্ট শাস্তি আৰু ইহঁতেই হ’ব আখিৰাতত সৰ্বাধিক ক্ষতিগ্ৰস্ত।
27 : 6
وَإِنَّكَ لَتُلَقَّى ٱلْقُرْءَانَ مِن لَّدُنْ حَكِيمٍ عَلِيمٍ
আৰু নিশ্চয় তুমি প্ৰজ্ঞাময় সৰ্বজ্ঞ (আল্লাহ)ৰ তৰফৰ পৰা আল-কোৰআন প্ৰাপ্ত হৈছা।
27 : 7
إِذْ قَالَ مُوسَىٰ لِأَهْلِهِۦٓ إِنِّىٓ ءَانَسْتُ نَارًا سَـَٔاتِيكُم مِّنْهَا بِخَبَرٍ أَوْ ءَاتِيكُم بِشِهَابٍ قَبَسٍ لَّعَلَّكُمْ تَصْطَلُونَ
স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ পৰিয়ালবৰ্গক কৈছিল, ‘নিশ্চয় মই জুই দেখিছোঁ, অনতিপলমে মই তাৰ পৰা তোমালোকৰ বাবে কোনো সংবাদ লৈ আহিম নাইবা তোমালোকৰ বাবে লৈ আহিম জ্বলন্ত অন্ধৰা, যাতে তোমালোকে জুই পুঁৱাব পাৰা’।
27 : 8
فَلَمَّا جَآءَهَا نُودِىَ أَنۢ بُورِكَ مَن فِى ٱلنَّارِ وَمَنْ حَوْلَهَا وَسُبْحَـٰنَ ٱللَّهِ رَبِّ ٱلْعَـٰلَمِينَ
তাৰ পিছত তেওঁ যেতিয়া সেইটোৰ ওচৰত আহি পালে, তেতিয়া ঘোষিত হ’ল, ‘বৰকতময়, যি আছে এই জুইৰ মাজত আৰু যি আছে ইয়াৰ চাৰিওফালে, আৰু বিশ্বজগতৰ প্ৰতিপালক আল্লাহ পৱিত্ৰ আৰু মহিমাময়!
27 : 9
يَـٰمُوسَىٰٓ إِنَّهُۥٓ أَنَا ٱللَّهُ ٱلْعَزِيزُ ٱلْحَكِيمُ
‘হে মুছা! নিশ্চয় ময়েই আল্লাহ! পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
27 : 10
وَأَلْقِ عَصَاكَ ۚ فَلَمَّا رَءَاهَا تَهْتَزُّ كَأَنَّهَا جَآنٌّ وَلَّىٰ مُدْبِرًا وَلَمْ يُعَقِّبْ ۚ يَـٰمُوسَىٰ لَا تَخَفْ إِنِّى لَا يَخَافُ لَدَىَّ ٱلْمُرْسَلُونَ
‘আৰু তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা’। তাৰ পিছত যেতিয়া তেওঁ সেই লাখুটিডালক সাপৰ দৰে কেৰমেৰ কৰা দেখা পালে তেতিয়া তেওঁ পিছ হোঁহকা দি লৰ মাৰিলে আৰু উভতি চোৱা নাছিল। (আল্লাহে ক’লে) ‘হে মুছা! ভয় নকৰিবা, নিশ্চয় মোৰ ওচৰত ৰাছুলসকলে ভয় নাপায়;
27 : 11
إِلَّا مَن ظَلَمَ ثُمَّ بَدَّلَ حُسْنًۢا بَعْدَ سُوٓءٍ فَإِنِّى غَفُورٌ رَّحِيمٌ
‘কিন্তু অন্যায়কাৰীসকলৰ বাহিৰে। তাৰ পিছত বেয়া কামৰ পৰিবৰ্তে যদি সৎকৰ্ম কৰে তেন্তে নিশ্চয় মই ক্ষমাশীল, পৰম দয়ালু।
27 : 12
وَأَدْخِلْ يَدَكَ فِى جَيْبِكَ تَخْرُجْ بَيْضَآءَ مِنْ غَيْرِ سُوٓءٍ ۖ فِى تِسْعِ ءَايَـٰتٍ إِلَىٰ فِرْعَوْنَ وَقَوْمِهِۦٓ ۚ إِنَّهُمْ كَانُوا۟ قَوْمًا فَـٰسِقِينَ
‘আৰু তুমি তোমাৰ হাতখন কাষলতিত প্ৰৱেশ কৰোৱা, চাবা সেইখন ত্ৰুটিমুক্ত শুভ্ৰ-উজ্জ্বল হৈ ওলাই আহিব। এইটো ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ওচৰলৈ অহা নটা নিদৰ্শনৰ অন্তৰ্ভুক্ত। নিশ্চয় সিহঁত আছিল ফাছিক্ব সম্প্ৰদায়’।
27 : 13
فَلَمَّا جَآءَتْهُمْ ءَايَـٰتُنَا مُبْصِرَةً قَالُوا۟ هَـٰذَا سِحْرٌ مُّبِينٌ
তাৰ পিছত যেতিয়া আমাৰ নিদৰ্শনসমূহ সিহঁতৰ ওচৰত দৃশ্যমান হ’ল, সিহঁতে ক’লে, ‘এইটো সুস্পষ্ট যাদু’।
27 : 14
وَجَحَدُوا۟ بِهَا وَٱسْتَيْقَنَتْهَآ أَنفُسُهُمْ ظُلْمًا وَعُلُوًّا ۚ فَٱنظُرْ كَيْفَ كَانَ عَـٰقِبَةُ ٱلْمُفْسِدِينَ
সিহঁতে অন্যায় আৰু উদ্ধতভাৱে নিদৰ্শনসমূহ প্ৰত্যাখ্যান কৰিলে, যদিও সিহঁতৰ অন্তৰে এইবোৰক নিশ্চিত সত্য বুলি গ্ৰহণ কৰিছিল। এতেকে চোৱা, বিপৰ্যয় সৃষ্টিকাৰীবিলাকৰ পৰিণাম কেনেকুৱা আছিল!
27 : 15
وَلَقَدْ ءَاتَيْنَا دَاوُۥدَ وَسُلَيْمَـٰنَ عِلْمًا ۖ وَقَالَا ٱلْحَمْدُ لِلَّهِ ٱلَّذِى فَضَّلَنَا عَلَىٰ كَثِيرٍ مِّنْ عِبَادِهِ ٱلْمُؤْمِنِينَ
আৰু নিশ্চয় আমি দাউদ আৰু ছুলাইমানক জ্ঞান দান কৰিছিলোঁ আৰু তেওঁলোকে উভয়ে কৈছিল, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে যিজনে আমাক তেওঁৰ বহুতো মুমিন বান্দাসকলৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে’।
27 : 16
وَوَرِثَ سُلَيْمَـٰنُ دَاوُۥدَ ۖ وَقَالَ يَـٰٓأَيُّهَا ٱلنَّاسُ عُلِّمْنَا مَنطِقَ ٱلطَّيْرِ وَأُوتِينَا مِن كُلِّ شَىْءٍ ۖ إِنَّ هَـٰذَا لَهُوَ ٱلْفَضْلُ ٱلْمُبِينُ
আৰু ছুলাইমান আছিল দাউদৰ উত্তৰাধিকাৰী আৰু তেওঁ কৈছিল, ‘হে মানৱজাতি! আমাক চৰাই-চিৰিকটিৰ ভাষা শিক্ষা দিয়া হৈছে আৰু আমাক সকলো বস্তু দান কৰা হৈছে, নিশ্চয় এয়া সুস্পষ্ট অনুগ্ৰহ’।
27 : 17
وَحُشِرَ لِسُلَيْمَـٰنَ جُنُودُهُۥ مِنَ ٱلْجِنِّ وَٱلْإِنسِ وَٱلطَّيْرِ فَهُمْ يُوزَعُونَ
আৰু ছুলাইমানৰ সন্মুখত তেওঁৰ গোটেই সেনাবাহিনীক সমবেত কৰা হ’ল, জিন, মানৱ আৰু চৰাই-চিৰিকটিবোৰক। তাৰ পিছত সিহঁতক বিন্যস্ত কৰা হ’ল বিভিন্ন ব্যূহত।
27 : 18
حَتَّىٰٓ إِذَآ أَتَوْا۟ عَلَىٰ وَادِ ٱلنَّمْلِ قَالَتْ نَمْلَةٌ يَـٰٓأَيُّهَا ٱلنَّمْلُ ٱدْخُلُوا۟ مَسَـٰكِنَكُمْ لَا يَحْطِمَنَّكُمْ سُلَيْمَـٰنُ وَجُنُودُهُۥ وَهُمْ لَا يَشْعُرُونَ
অৱশেষত যেতিয়া তেওঁলোক (এটা অভিযানত) পৰুৱা অধ্যূষিত উপত্যকাত উপনীত হ’ল তেতিয়া এটা পৰুৱাই ক’লে, ‘হে পৰুৱা বাহিনী! তোমালোকে নিজ নিজ ঘৰত প্ৰৱেশ কৰা, যাতে ছুলাইমান আৰু তেওঁৰ সৈন্যবাহিনীয়ে অজানিতে তোমালোকক গচকি নামাৰে’।
27 : 19
فَتَبَسَّمَ ضَاحِكًا مِّن قَوْلِهَا وَقَالَ رَبِّ أَوْزِعْنِىٓ أَنْ أَشْكُرَ نِعْمَتَكَ ٱلَّتِىٓ أَنْعَمْتَ عَلَىَّ وَعَلَىٰ وَٰلِدَىَّ وَأَنْ أَعْمَلَ صَـٰلِحًا تَرْضَىٰهُ وَأَدْخِلْنِى بِرَحْمَتِكَ فِى عِبَادِكَ ٱلصَّـٰلِحِينَ
এই কথা শুনি ছুলাইমানে মিচিকিয়া হাঁহিলে আৰু ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি মোক সামৰ্থ দিয়া যাতে মই তোমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰোঁ, মোৰ প্ৰতি আৰু মোৰ পিতৃ-মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে, লগতে মই যাতে এনেকুৱা সৎকৰ্ম কৰিব পাৰোঁ যিটোক তুমি পছন্দ কৰা। লগতে তোমাৰ অনুগ্ৰহেৰে মোক তোমাৰ সৎকৰ্মপৰায়ণ বান্দাসকলৰ অন্তৰ্ভুক্ত কৰা’।
27 : 20
وَتَفَقَّدَ ٱلطَّيْرَ فَقَالَ مَا لِىَ لَآ أَرَى ٱلْهُدْهُدَ أَمْ كَانَ مِنَ ٱلْغَآئِبِينَ
আৰু তেওঁ (ছুলাইমানে) চৰাইবোৰৰ খা-খবৰ ল’লে, আৰু ক’লে, ‘কি হ’ল, মই হুদহুদক দেখা পোৱা নাই যে? সি অনুপস্থিত নেকি?
27 : 21
لَأُعَذِّبَنَّهُۥ عَذَابًا شَدِيدًا أَوْ لَأَا۟ذْبَحَنَّهُۥٓ أَوْ لَيَأْتِيَنِّى بِسُلْطَـٰنٍ مُّبِينٍ
‘নিশ্চয় তাক মই কঠিন শাস্তি বিহিম, নহ’লে জবেহ কৰিম, অন্যথা মোৰ ওচৰলৈ উপযুক্ত কাৰণ দৰ্শাব লাগিব’।
27 : 22
فَمَكَثَ غَيْرَ بَعِيدٍ فَقَالَ أَحَطتُ بِمَا لَمْ تُحِطْ بِهِۦ وَجِئْتُكَ مِن سَبَإٍۭ بِنَبَإٍ يَقِينٍ
ক্ষন্তেক পিছতেই হুদহুদ আহি পালে, আৰু ক’লে, ‘আপুনি যিটো জ্ঞান আয়ত্ব কৰিব পৰা নাই মই সেই জ্ঞান আয়ত্ব কৰিছোঁ। মই আপোনাৰ বাবে ‘চাবা’ৰ পৰা সুনিশ্চিত সংবাদ লৈ আহিছোঁ।
27 : 23
إِنِّى وَجَدتُّ ٱمْرَأَةً تَمْلِكُهُمْ وَأُوتِيَتْ مِن كُلِّ شَىْءٍ وَلَهَا عَرْشٌ عَظِيمٌ
‘মই এগৰাকী নাৰীক সিহঁতৰ ওপৰত ৰাজত্ব কৰা দেখি আহিলোঁ। তাইক সকলো বস্তু প্ৰদান কৰা হৈছে লগতে তাইৰ এখন বিশাল সিংহাসনো আছে।
27 : 24
وَجَدتُّهَا وَقَوْمَهَا يَسْجُدُونَ لِلشَّمْسِ مِن دُونِ ٱللَّهِ وَزَيَّنَ لَهُمُ ٱلشَّيْطَـٰنُ أَعْمَـٰلَهُمْ فَصَدَّهُمْ عَنِ ٱلسَّبِيلِ فَهُمْ لَا يَهْتَدُونَ
মই তাইক আৰু তাইৰ সম্প্ৰদায়ক দেখিলোঁ সিহঁতে আল্লাহৰ পৰিবৰ্তে সূৰ্যক ছাজদাহ কৰে। চয়তানে সিহঁতৰ কাৰ্যৱলী সিহঁতৰ ওচৰত সুশোভিত কৰি দিছে আৰু সিহঁতক সৎপথৰ পৰা বাধাগ্ৰস্ত কৰিছে, ফলত সিহঁতে হিদায়ত পোৱা নাই;
27 : 25
أَلَّا يَسْجُدُوا۟ لِلَّهِ ٱلَّذِى يُخْرِجُ ٱلْخَبْءَ فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ وَيَعْلَمُ مَا تُخْفُونَ وَمَا تُعْلِنُونَ
(চয়তানে এই কাৰণে বাধা দিছে যে,) যাতে সিহঁতে আল্লাহক ছাজদাহ নকৰে, যিজনে আকাশসমূহ আৰু পৃথিৱীৰ গুপ্ত বস্তুবোৰক প্ৰকাশ কৰে, আৰু তেৱেঁই জানে যি তোমালোকে গোপন কৰা আৰু যি তোমালোকে প্ৰকাশ কৰা।
27 : 26
ٱللَّهُ لَآ إِلَـٰهَ إِلَّا هُوَ رَبُّ ٱلْعَرْشِ ٱلْعَظِيمِ ۩
আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই মহা আৰছৰ প্ৰতিপালক।
27 : 27
۞ قَالَ سَنَنظُرُ أَصَدَقْتَ أَمْ كُنتَ مِنَ ٱلْكَـٰذِبِينَ
ছুলাইমানে ক’লে, ‘আমি পৰীক্ষা কৰি চাম, তুমি সঁচাই কৈছা নে তুমি মিছলীয়াবিলাকৰ অন্তৰ্ভুক্ত।
27 : 28
ٱذْهَب بِّكِتَـٰبِى هَـٰذَا فَأَلْقِهْ إِلَيْهِمْ ثُمَّ تَوَلَّ عَنْهُمْ فَٱنظُرْ مَاذَا يَرْجِعُونَ
‘তুমি মোৰ এই পত্ৰখন লৈ যোৱা আৰু এইখন সিহঁতৰ ওচৰত পেলাই দিয়াগৈ, তাৰ পিছত সিহঁতৰ পৰা আঁতৰত থাকিবা আৰু লক্ষ্য কৰিবা সিহঁতৰ প্ৰতিক্ৰিয়া কি’?
27 : 29
قَالَتْ يَـٰٓأَيُّهَا ٱلْمَلَؤُا۟ إِنِّىٓ أُلْقِىَ إِلَىَّ كِتَـٰبٌ كَرِيمٌ
সেই মহিলা (ৰাণী) গৰাকীয়ে ক’লে, ‘হে মোৰ পৰিষদবৰ্গ! নিশ্চয় মোলৈ এখন সন্মানিত পত্ৰ প্ৰেৰণ কৰা হৈছে;
27 : 30
إِنَّهُۥ مِن سُلَيْمَـٰنَ وَإِنَّهُۥ بِسْمِ ٱللَّهِ ٱلرَّحْمَـٰنِ ٱلرَّحِيمِ
নিশ্চয় এইখন ছুলাইমানৰ তৰফৰ পৰা (প্ৰেৰিত), আৰু (য'ত লিখা আছে, আৰম্ভ কৰিছোঁ) পৰম কৰুণাময়, পৰম দয়ালু আল্লাহৰ নামত,
27 : 31
أَلَّا تَعْلُوا۟ عَلَىَّ وَأْتُونِى مُسْلِمِينَ
‘যাতে তোমালোকে অহংকাৰ কৰি মোৰ বিৰোধিতা নকৰা, লগতে আত্মসমৰ্পণ কৰি (মুছলিম হৈ) মোৰ ওচৰলৈ উপস্থিত হোৱা’।
27 : 32
قَالَتْ يَـٰٓأَيُّهَا ٱلْمَلَؤُا۟ أَفْتُونِى فِىٓ أَمْرِى مَا كُنتُ قَاطِعَةً أَمْرًا حَتَّىٰ تَشْهَدُونِ
ৰাণীয়ে ক’লে, ‘হে পৰিষদবৰ্গ! তোমালোকে মোৰ এই বিষয়ত অভিমত দিয়া। তোমালোকৰ অনুপস্থিতিত মই কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰোঁ’।
27 : 33
قَالُوا۟ نَحْنُ أُو۟لُوا۟ قُوَّةٍ وَأُو۟لُوا۟ بَأْسٍ شَدِيدٍ وَٱلْأَمْرُ إِلَيْكِ فَٱنظُرِى مَاذَا تَأْمُرِينَ
সিহঁতে ক’লে, ‘আমি দেখোন শক্তিশালী আৰু কঠোৰ যুদ্ধা, কিন্তু সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ কেৱল আপোনাৰহে আছে; এতেকে চিন্তা কৰি চাওক, কি নিৰ্দেশ কৰিব’।
27 : 34
قَالَتْ إِنَّ ٱلْمُلُوكَ إِذَا دَخَلُوا۟ قَرْيَةً أَفْسَدُوهَا وَجَعَلُوٓا۟ أَعِزَّةَ أَهْلِهَآ أَذِلَّةً ۖ وَكَذَٰلِكَ يَفْعَلُونَ
ৰাণীয়ে ক’লে, ‘ৰজাসকলে যেতিয়া কোনো জনপদত (বিজয়ীৰূপে) প্ৰৱেশ কৰে তেতিয়া তাক বিপৰ্যস্ত কৰি দিয়ে আৰু তাত থকা মৰ্যাদাশীল ব্যক্তিসকলক অপদস্থ কৰে, আৰু এইটোৱে হৈছে সিহঁতৰ ৰীতি;
27 : 35
وَإِنِّى مُرْسِلَةٌ إِلَيْهِم بِهَدِيَّةٍ فَنَاظِرَةٌۢ بِمَ يَرْجِعُ ٱلْمُرْسَلُونَ
‘আৰু নিশ্চয় মই সিহঁতৰ ওচৰলৈ উপঢৌকন প্ৰেৰণ কৰিম, চাওঁ, কটকীয়ে কি সংবাদ লৈ উভতি আহে’।
27 : 36
فَلَمَّا جَآءَ سُلَيْمَـٰنَ قَالَ أَتُمِدُّونَنِ بِمَالٍ فَمَآ ءَاتَىٰنِۦَ ٱللَّهُ خَيْرٌ مِّمَّآ ءَاتَىٰكُم بَلْ أَنتُم بِهَدِيَّتِكُمْ تَفْرَحُونَ
এতেকে যেতিয়া কটকী আহি ছুলাইমানৰ ওচৰত উপস্থিত হ'ল, তেতিয়া তেওঁ উত্তৰত ক’লে, ‘তোমালোকে মোক ধন-সম্পদ প্ৰদান কৰি সহায় কৰিব বিচাৰিছা নেকি? (শুনা) আল্লাহে মোক যি দান কৰিছে সেয়া তোমালোকক যি দিছে তাতকৈও উৎকৃষ্ট বৰং তোমালোকেই তোমালোকৰ উপঢৌকন লৈ আনন্দ কৰাগৈ।
27 : 37
ٱرْجِعْ إِلَيْهِمْ فَلَنَأْتِيَنَّهُم بِجُنُودٍ لَّا قِبَلَ لَهُم بِهَا وَلَنُخْرِجَنَّهُم مِّنْهَآ أَذِلَّةً وَهُمْ صَـٰغِرُونَ
‘সিহঁতৰ ওচৰলৈ উভতি যোৱা, (আৰু শুনা) নিশ্চয় আমি সিহঁতৰ ওচৰলৈ এনেকুৱা সৈন্যবাহিনী লৈ আহিম যাৰ মুকাবিলা কৰাৰ শক্তি সিহঁতৰ নাই, লগতে সিহঁতক আমি অৱশ্যে তাৰ পৰা লাঞ্ছিত কৰি বহিষ্কাৰ কৰিম আৰু সিহঁত হ’ব অপমানিত’।
27 : 38
قَالَ يَـٰٓأَيُّهَا ٱلْمَلَؤُا۟ أَيُّكُمْ يَأْتِينِى بِعَرْشِهَا قَبْلَ أَن يَأْتُونِى مُسْلِمِينَ
(ছুলাইমানে তেওঁৰ পৰিষদবৰ্গক উদ্দেশ্য কৰি) ক’লে, ‘হে পৰিষদবৰ্গ! সিহঁত মোৰ ওচৰলৈ আত্মসমৰ্পণ কৰি অহাৰ পূৰ্বেই তোমালোকৰ মাজৰ কোনে মোক তাইৰ সিংহাসন আনি দিব পাৰিবা’?
27 : 39
قَالَ عِفْرِيتٌ مِّنَ ٱلْجِنِّ أَنَا۠ ءَاتِيكَ بِهِۦ قَبْلَ أَن تَقُومَ مِن مَّقَامِكَ ۖ وَإِنِّى عَلَيْهِ لَقَوِىٌّ أَمِينٌ
এজন শক্তিশালী জিনে ক’লে, ‘আপুনি আপোনাৰ স্থানৰ পৰা উঠাৰ পূৰ্বেই মই সেইখন লৈ উপস্থিত হম আৰু এই বিষয়ে নিশ্চয় মই শক্তিমান, বিশ্বস্ত’।
27 : 40
قَالَ ٱلَّذِى عِندَهُۥ عِلْمٌ مِّنَ ٱلْكِتَـٰبِ أَنَا۠ ءَاتِيكَ بِهِۦ قَبْلَ أَن يَرْتَدَّ إِلَيْكَ طَرْفُكَ ۚ فَلَمَّا رَءَاهُ مُسْتَقِرًّا عِندَهُۥ قَالَ هَـٰذَا مِن فَضْلِ رَبِّى لِيَبْلُوَنِىٓ ءَأَشْكُرُ أَمْ أَكْفُرُ ۖ وَمَن شَكَرَ فَإِنَّمَا يَشْكُرُ لِنَفْسِهِۦ ۖ وَمَن كَفَرَ فَإِنَّ رَبِّى غَنِىٌّ كَرِيمٌ
যাৰ ওচৰত গ্ৰন্থৰ জ্ঞান আছিল তেওঁ ক’লে, ‘মই চকুৰ পলকতে সেইখন আপোনাৰ ওচৰলৈ আনি দিব পাৰিম’। এতেকে ছুলাইমানে যেতিয়া সেইখন নিজৰ সন্মুখত স্থিৰ অৱস্থাত দেখা পালে তেতিয়া তেওঁ ক’লে, ‘এয়া হৈছে মোৰ প্ৰতিপালকৰ অনুগ্ৰহ, যাতে তেওঁ মোক পৰীক্ষা কৰে যে, মই তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰোঁ নে অকৃতজ্ঞতা প্ৰকাশ কৰোঁ। এতেকে যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে সি নিজৰ কল্যাণৰ বাবেই কৃতজ্ঞতা প্ৰকাশ কৰে, আৰু যিয়ে অকৃতজ্ঞ হয়, সি জানি থোৱা উচিত যে, নিশ্চয় মোৰ প্ৰতিপালক অভাৱ মুক্ত, মহানুভৱ’।
27 : 41
قَالَ نَكِّرُوا۟ لَهَا عَرْشَهَا نَنظُرْ أَتَهْتَدِىٓ أَمْ تَكُونُ مِنَ ٱلَّذِينَ لَا يَهْتَدُونَ
ছুলাইমানে ক’লে, ‘তোমালোকে তাইৰ সিংহাসনৰ আকাৰ-আকৃতি পৰিবৰ্তন কৰি দিয়া, চাওঁ, তাই সঠিকভাৱে চিনিব পাৰে নে সিহঁতৰ অন্তৰ্ভুক্ত হয় যিহঁতে কোনো দিহ নাপায়’।
27 : 42
فَلَمَّا جَآءَتْ قِيلَ أَهَـٰكَذَا عَرْشُكِ ۖ قَالَتْ كَأَنَّهُۥ هُوَ ۚ وَأُوتِينَا ٱلْعِلْمَ مِن قَبْلِهَا وَكُنَّا مُسْلِمِينَ
এতেকে যেতিয়া তাই আহিল, তেতিয়া তাইক কোৱা হ’ল, ‘তোমাৰ সিংহাসনখন এনেকুৱাই নেকি’? তাই ক’লে, ‘সেইখনেই যেন লাগিছে, আৰু আমাক ইয়াৰ পূৰ্বেই প্ৰকৃত জ্ঞান দান কৰা হৈছে আৰু আমি আজ্ঞাবহ হৈছোঁ’।
27 : 43
وَصَدَّهَا مَا كَانَت تَّعْبُدُ مِن دُونِ ٱللَّهِ ۖ إِنَّهَا كَانَتْ مِن قَوْمٍ كَـٰفِرِينَ
আল্লাহৰ পৰিবৰ্তে তাই যাৰ পূজা পাঠ কৰিছিল সেইটোৱেই তাইক ঈমানৰ পৰা নিবৃত্ত কৰিছিল। নিশ্চয় তাই আছিল কাফিৰ সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত।
27 : 44
قِيلَ لَهَا ٱدْخُلِى ٱلصَّرْحَ ۖ فَلَمَّا رَأَتْهُ حَسِبَتْهُ لُجَّةً وَكَشَفَتْ عَن سَاقَيْهَا ۚ قَالَ إِنَّهُۥ صَرْحٌ مُّمَرَّدٌ مِّن قَوَارِيرَ ۗ قَالَتْ رَبِّ إِنِّى ظَلَمْتُ نَفْسِى وَأَسْلَمْتُ مَعَ سُلَيْمَـٰنَ لِلَّهِ رَبِّ ٱلْعَـٰلَمِينَ
তাইক কোৱা হ’ল, ‘প্ৰাসাদটোৰ ভিতৰত প্ৰৱেশ কৰা’। এতেকে যেতিয়া তাই সেইখন দেখিলে, তেতিয়া তাই সেইখনক জলাশয় বুলি ভাবিলে আৰু দুয়ো ভৰিৰ কাপোৰ কলাফুলিলৈকে অনাবৃত কৰিলে। তেওঁ (ছুলাইমানে) ক’লে, ‘এইখন কাচেৰে নিৰ্মিত স্বচ্ছ প্ৰাসাদহে’। মহিলা গৰাকীয়ে (প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মই নিজৰ প্ৰতি অন্যায় কৰিছিলোঁ, আৰু এতিয়া মই ছুলাইমানৰ লগত বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিলোঁ’।
27 : 45
وَلَقَدْ أَرْسَلْنَآ إِلَىٰ ثَمُودَ أَخَاهُمْ صَـٰلِحًا أَنِ ٱعْبُدُوا۟ ٱللَّهَ فَإِذَا هُمْ فَرِيقَانِ يَخْتَصِمُونَ
আৰু নিশ্চয় আমি ছামূদ সম্প্ৰদায়ৰ ওচৰলৈ সিহঁতৰ ভাতৃ ছলেহক প্ৰেৰণ কৰিছিলোঁ এই আদেশ প্ৰদান কৰি যে, ‘তোমালোকে আল্লাহৰ ইবাদত কৰা’। তাৰ পিছত সিহঁতে দুই দলত বিভক্ত হৈ বিতৰ্কত লিপ্ত হৈছিল।
27 : 46
قَالَ يَـٰقَوْمِ لِمَ تَسْتَعْجِلُونَ بِٱلسَّيِّئَةِ قَبْلَ ٱلْحَسَنَةِ ۖ لَوْلَا تَسْتَغْفِرُونَ ٱللَّهَ لَعَلَّكُمْ تُرْحَمُونَ
তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কিয় কল্যাণৰ আগতে অকল্যাণ ত্বৰান্বিত কৰিব বিচৰা, তোমালোকে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কিয় নকৰা, যাতে তোমালোকে ৰহমত প্ৰাপ্ত হ’ব পাৰা’?
27 : 47
قَالُوا۟ ٱطَّيَّرْنَا بِكَ وَبِمَن مَّعَكَ ۚ قَالَ طَـٰٓئِرُكُمْ عِندَ ٱللَّهِ ۖ بَلْ أَنتُمْ قَوْمٌ تُفْتَنُونَ
সিহঁতে কৈছিল, ‘আমি তোমাক আৰু তোমাৰ সঙ্গীসকলক অমঙ্গলৰ কাৰণ বুলি ভাবোঁ’। ছলেহে (উত্তৰত) কৈছিল, ‘তোমালোকৰ অমঙ্গল গ্ৰহণ কৰাটো হৈছে আল্লাহৰ ইখতিয়াৰত, প্ৰকৃততে তোমালোক এনেকুৱা এটা সম্প্ৰদায় যিসকলক পৰীক্ষা কৰা হৈছে’।
27 : 48
وَكَانَ فِى ٱلْمَدِينَةِ تِسْعَةُ رَهْطٍ يُفْسِدُونَ فِى ٱلْأَرْضِ وَلَا يُصْلِحُونَ
আৰু সেই চহৰত আছিল এনেকুৱা নজন ব্যক্তি, যিসকলে দেশত বিপৰ্যয় সৃষ্টি কৰিছিল আৰু সংশোধন কৰা নাছিল।
27 : 49
قَالُوا۟ تَقَاسَمُوا۟ بِٱللَّهِ لَنُبَيِّتَنَّهُۥ وَأَهْلَهُۥ ثُمَّ لَنَقُولَنَّ لِوَلِيِّهِۦ مَا شَهِدْنَا مَهْلِكَ أَهْلِهِۦ وَإِنَّا لَصَـٰدِقُونَ
সিহঁতে ক’লে, ‘তোমালোকে পৰস্পৰে আল্লাহৰ শপত গ্ৰহণ কৰা, আমি ৰাতিৰ ভিতৰতে শেষ কৰি দিম তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক; তাৰ পিছত তেওঁৰ অভিভাৱকক নিশ্চিতৰূপে কম যে, তেওঁৰ পৰিয়ালবৰ্গৰ হত্যা আমি প্ৰত্যক্ষ কৰা নাছিলোঁ, আৰু নিশ্চয় আমি সত্যবাদী’।
27 : 50
وَمَكَرُوا۟ مَكْرًا وَمَكَرْنَا مَكْرًا وَهُمْ لَا يَشْعُرُونَ
আৰু সিহঁতে এটা চক্ৰান্ত কৰিছিল আৰু আমিও এটা কৌশল অৱলম্বন কৰিছিলোঁ, অথচ সিহঁতে উপলব্ধিও কৰিব পৰা নাছিল।
27 : 51
فَٱنظُرْ كَيْفَ كَانَ عَـٰقِبَةُ مَكْرِهِمْ أَنَّا دَمَّرْنَـٰهُمْ وَقَوْمَهُمْ أَجْمَعِينَ
এতেকে চোৱা, সিহঁতৰ চক্ৰান্তৰ পৰিণাম কেনেকুৱা আছিল, নিশ্চয় আমি সিহঁতক আৰু সিহঁতৰ সম্প্ৰদায়ৰ সকলোকে ধ্বংস কৰিছোঁ।
27 : 52
فَتِلْكَ بُيُوتُهُمْ خَاوِيَةًۢ بِمَا ظَلَمُوٓا۟ ۗ إِنَّ فِى ذَٰلِكَ لَـَٔايَةً لِّقَوْمٍ يَعْلَمُونَ
চোৱা, এইবোৰ হৈছে সিহঁতৰ ঘৰ-দুৱাৰ, অন্যায় কৰাৰ কাৰণে এইবোৰ জনশূন্য হৈ আছে; নিশ্চয় ইয়াত নিদৰ্শন আছে সেই সম্প্ৰদায়ৰ বাবে যিসকলে জ্ঞান ৰাখে।
27 : 53
وَأَنجَيْنَا ٱلَّذِينَ ءَامَنُوا۟ وَكَانُوا۟ يَتَّقُونَ
আৰু যিসকলে ঈমান আনিছিল তেওঁলোকক আমি উদ্ধাৰ কৰিছিলোঁ আৰু তেওঁলোক আছিল তাক্বৱা অৱলম্বনকাৰী।
27 : 54
وَلُوطًا إِذْ قَالَ لِقَوْمِهِۦٓ أَتَأْتُونَ ٱلْفَـٰحِشَةَ وَأَنتُمْ تُبْصِرُونَ
আৰু স্মৰণ কৰা লূতৰ কথা, তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে জানি-বুজি কিয় অশ্লীল কাম কৰা?
27 : 55
أَئِنَّكُمْ لَتَأْتُونَ ٱلرِّجَالَ شَهْوَةً مِّن دُونِ ٱلنِّسَآءِ ۚ بَلْ أَنتُمْ قَوْمٌ تَجْهَلُونَ
‘তোমালোকে কামতৃপ্তিৰ বাবে নাৰীসকলক এৰি পুৰুষৰ ওচৰলৈ উপগত হোৱানে! প্ৰকৃততে তোমালোক হৈছা এটা অজ্ঞ সম্প্ৰদায়’।
27 : 56
۞ فَمَا كَانَ جَوَابَ قَوْمِهِۦٓ إِلَّآ أَن قَالُوٓا۟ أَخْرِجُوٓا۟ ءَالَ لُوطٍ مِّن قَرْيَتِكُمْ ۖ إِنَّهُمْ أُنَاسٌ يَتَطَهَّرُونَ
উত্তৰত তেওঁৰ সম্প্ৰদায়ে ক’লে, ‘লূত পৰিয়ালক তোমালোকে জনপদৰ পৰা বহিষ্কাৰ কৰি দিয়া, নিশ্চয় এওঁলোকে পৱিত্ৰ থাকিব বিচাৰে’।
27 : 57
فَأَنجَيْنَـٰهُ وَأَهْلَهُۥٓ إِلَّا ٱمْرَأَتَهُۥ قَدَّرْنَـٰهَا مِنَ ٱلْغَـٰبِرِينَ
তাৰ পিছত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক উদ্ধাৰ কৰিলোঁ, কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে, আমি তাইক অৱশিষ্টবিলাকৰ অন্তৰ্ভুক্ত কৰিছিলোঁ।
27 : 58
وَأَمْطَرْنَا عَلَيْهِم مَّطَرًا ۖ فَسَآءَ مَطَرُ ٱلْمُنذَرِينَ
আৰু আমি সিহঁতৰ ওপৰত শাস্তিমূলক শিলাবৃষ্টি বৰ্ষণ কৰিছিলোঁ। এতেকে যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ বাবে এই বৃষ্টি কিমান যে নিকৃষ্ট আছিল!
27 : 59
قُلِ ٱلْحَمْدُ لِلَّهِ وَسَلَـٰمٌ عَلَىٰ عِبَادِهِ ٱلَّذِينَ ٱصْطَفَىٰٓ ۗ ءَآللَّهُ خَيْرٌ أَمَّا يُشْرِكُونَ
কোৱা, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবেই, আৰু শান্তি কেৱল তেওঁৰ মনোনীত বান্দাসকলৰ প্ৰতি! (তেন্তে কোৱাচোন!) কোন শ্ৰেষ্ঠ, আল্লাহ নে সেইবোৰ, যিবোৰক সিহঁতে যি অংশী কৰে’?
27 : 60
أَمَّنْ خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ وَأَنزَلَ لَكُم مِّنَ ٱلسَّمَآءِ مَآءً فَأَنۢبَتْنَا بِهِۦ حَدَآئِقَ ذَاتَ بَهْجَةٍ مَّا كَانَ لَكُمْ أَن تُنۢبِتُوا۟ شَجَرَهَآ ۗ أَءِلَـٰهٌ مَّعَ ٱللَّهِ ۚ بَلْ هُمْ قَوْمٌ يَعْدِلُونَ
বৰং তেওঁহে (শ্ৰেষ্ঠ), যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে লগতে তেৱেঁই তোমালোকৰ বাবে আকাশৰ পৰা পানী বৰ্ষণ কৰে। তাৰ পিছত তাৰ দ্বাৰা আমি মনোৰম উদ্যান সৃষ্টি কৰোঁ, সেই উদ্যানবোৰৰ গছ উৎপন্ন কৰাৰ ক্ষমতা তোমালোকৰ নাই। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে? বৰং সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে (আল্লাহৰ) সমকক্ষ নিৰ্ধাৰণ কৰে।
27 : 61
أَمَّن جَعَلَ ٱلْأَرْضَ قَرَارًا وَجَعَلَ خِلَـٰلَهَآ أَنْهَـٰرًا وَجَعَلَ لَهَا رَوَٰسِىَ وَجَعَلَ بَيْنَ ٱلْبَحْرَيْنِ حَاجِزًا ۗ أَءِلَـٰهٌ مَّعَ ٱللَّهِ ۚ بَلْ أَكْثَرُهُمْ لَا يَعْلَمُونَ
বৰং তেওঁহে (শ্ৰেষ্ঠ), যিজনে পৃথিৱীক বাসোপযোগী কৰিছে আৰু ইয়াৰ মাজে মাজে নদ-নদী প্ৰবাহিত কৰিছে, আৰু ইয়াত স্থাপন কৰিছে সুদৃঢ় পৰ্বতমালা, লগতে দুই সাগৰৰ মাজত সৃষ্টি কৰিছে অন্তৰায়, (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে? বৰং সিহঁতৰ অধিকাংশই নাজানে।
27 : 62
أَمَّن يُجِيبُ ٱلْمُضْطَرَّ إِذَا دَعَاهُ وَيَكْشِفُ ٱلسُّوٓءَ وَيَجْعَلُكُمْ خُلَفَآءَ ٱلْأَرْضِ ۗ أَءِلَـٰهٌ مَّعَ ٱللَّهِ ۚ قَلِيلًا مَّا تَذَكَّرُونَ
বৰং তেওঁহে (শ্ৰেষ্ঠ), যিজনে নিৰুপায় ব্যক্তিৰ আহ্বানত সঁহাৰি দিয়ে যেতিয়া সি তেওঁক আহ্বান কৰে আৰু তেৱেঁই বিপদ-আপদ দূৰীভূত কৰে, লগতে তেৱেঁই তোমালোকক পৃথিৱীৰ প্ৰতিনিধি বনায়। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে? বৰং তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।
27 : 63
أَمَّن يَهْدِيكُمْ فِى ظُلُمَـٰتِ ٱلْبَرِّ وَٱلْبَحْرِ وَمَن يُرْسِلُ ٱلرِّيَـٰحَ بُشْرًۢا بَيْنَ يَدَىْ رَحْمَتِهِۦٓ ۗ أَءِلَـٰهٌ مَّعَ ٱللَّهِ ۚ تَعَـٰلَى ٱللَّهُ عَمَّا يُشْرِكُونَ
বৰং তেওঁহে (শ্ৰেষ্ঠ), যিজনে তোমালোকক স্থলত আৰু সাগৰৰ অন্ধকাৰত পথ দেখুৱায় আৰু তেৱেঁই নিজ অনুগ্ৰহৰ পূৰ্বে সুসংবাদবাহী বতাহ প্ৰেৰণ কৰে। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনোবা ইলাহ আছেনে? সিহঁতে যিবোৰক অংশীদাৰ স্থাপন কৰে, আল্লাহ সেইবোৰৰ পৰা বহু উৰ্দ্ধত।
27 : 64
أَمَّن يَبْدَؤُا۟ ٱلْخَلْقَ ثُمَّ يُعِيدُهُۥ وَمَن يَرْزُقُكُم مِّنَ ٱلسَّمَآءِ وَٱلْأَرْضِ ۗ أَءِلَـٰهٌ مَّعَ ٱللَّهِ ۚ قُلْ هَاتُوا۟ بُرْهَـٰنَكُمْ إِن كُنتُمْ صَـٰدِقِينَ
বৰং তেওঁহে (শ্ৰেষ্ঠ), যিজনে প্ৰথমে সৃষ্টিৰ সূচনা কৰিছে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব আৰু তেৱেঁই আকাশ আৰু পৃথিৱীৰ পৰা তোমালোকক জীৱনোপকৰণ দান কৰে। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনোবা ইলাহ আছেনে? কোৱা, ‘যদি তোমালোকে সত্যবাদী হোৱা তেন্তে তোমালোকৰ প্ৰমাণ লৈ আহা’।
27 : 65
قُل لَّا يَعْلَمُ مَن فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ٱلْغَيْبَ إِلَّا ٱللَّهُ ۚ وَمَا يَشْعُرُونَ أَيَّانَ يُبْعَثُونَ
কোৱা, ‘আল্লাহৰ বাহিৰে আকাশসমূহ আৰু পৃথিৱীৰ কাৰো ওচৰতেই গায়েবৰ জ্ঞান নাই। আনকি সিহঁতে (এই কথাও) উপলব্ধি কৰিব নোৱাৰে যে সিহঁতক কেতিয়া উত্থিত কৰা হ’ব’।
27 : 66
بَلِ ٱدَّٰرَكَ عِلْمُهُمْ فِى ٱلْـَٔاخِرَةِ ۚ بَلْ هُمْ فِى شَكٍّ مِّنْهَا ۖ بَلْ هُم مِّنْهَا عَمُونَ
বৰং আখিৰাত সম্পৰ্কে সিহঁতৰ জ্ঞান নিঃশেষ হৈছে; আৰু সেই বিষয়ে সিহঁতে সন্দেহত লিপ্ত হৈছে, তথা এই বিষয়ত সিহঁত হৈছে অন্ধ।
27 : 67
وَقَالَ ٱلَّذِينَ كَفَرُوٓا۟ أَءِذَا كُنَّا تُرَٰبًا وَءَابَآؤُنَآ أَئِنَّا لَمُخْرَجُونَ
আৰু কাফিৰসকলে কয়, ‘আমি আৰু আমাৰ পিতৃ-পুৰুষসকল যেতিয়া মাটিত পৰিণত হম, তাৰ পিছতো আমাক আকৌ উলিয়াই আনা হ’ব নেকি?
27 : 68
لَقَدْ وُعِدْنَا هَـٰذَا نَحْنُ وَءَابَآؤُنَا مِن قَبْلُ إِنْ هَـٰذَآ إِلَّآ أَسَـٰطِيرُ ٱلْأَوَّلِينَ
‘নিশ্চয় এই বিষয়ে আমাক আৰু ইয়াৰ পূৰ্বে আমাৰ পিতৃ-পুৰুষসকলোকো প্ৰতিশ্ৰুতি দিয়া হৈছিল। এইটো পূৰ্বৱৰ্তীবিলাকৰ উপকথাৰ বাহিৰে আন একো নহয়’।
27 : 69
قُلْ سِيرُوا۟ فِى ٱلْأَرْضِ فَٱنظُرُوا۟ كَيْفَ كَانَ عَـٰقِبَةُ ٱلْمُجْرِمِينَ
কোৱা, ‘তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰা, তাৰ পিছত চোৱা, অপৰাধীবিলাকৰ পৰিণাম কেনেকুৱা আছিল’।
27 : 70
وَلَا تَحْزَنْ عَلَيْهِمْ وَلَا تَكُن فِى ضَيْقٍ مِّمَّا يَمْكُرُونَ
তুমি সিহঁতৰ বাবে দুখ নকৰিবা আৰু সিহঁতৰ ষড়যন্ত্ৰতো মনঃক্ষুণ্ণও নহ’বা।
27 : 71
وَيَقُولُونَ مَتَىٰ هَـٰذَا ٱلْوَعْدُ إِن كُنتُمْ صَـٰدِقِينَ
আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, কেতিয়া এই প্ৰতিশ্ৰুতি বাস্তৱায়িত হ’ব’?
27 : 72
قُلْ عَسَىٰٓ أَن يَكُونَ رَدِفَ لَكُم بَعْضُ ٱلَّذِى تَسْتَعْجِلُونَ
কোৱা, ‘তোমালোকে যিটো বিষয়ক ত্বৰান্বিত কৰিব বিচাৰিছা, সম্ভৱতঃ তাৰে কিছু (অংশ) তোমালোকৰ পিছে পিছে আহিয়ে পাইছে!’
27 : 73
وَإِنَّ رَبَّكَ لَذُو فَضْلٍ عَلَى ٱلنَّاسِ وَلَـٰكِنَّ أَكْثَرَهُمْ لَا يَشْكُرُونَ
নিশ্চয় তোমাৰ প্ৰতিপালক মানুহৰ প্ৰতি অনুগ্ৰহশীল; কিন্তু সিহঁতৰ অধিকাংশই হৈছে অকৃতজ্ঞ।
27 : 74
وَإِنَّ رَبَّكَ لَيَعْلَمُ مَا تُكِنُّ صُدُورُهُمْ وَمَا يُعْلِنُونَ
আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেওঁ অৱশ্যে জানে সিহঁতৰ অন্তৰে যি গোপন কৰে আৰু সিহঁতে যি প্ৰকাশ কৰে।
27 : 75
وَمَا مِنْ غَآئِبَةٍ فِى ٱلسَّمَآءِ وَٱلْأَرْضِ إِلَّا فِى كِتَـٰبٍ مُّبِينٍ
আকাশ আৰু পৃথিৱীত এনে কোনো গোপন ৰহস্য নাই, যিটো সুস্পষ্ট কিতাবত (লিপিবদ্ধ) নাই।
27 : 76
إِنَّ هَـٰذَا ٱلْقُرْءَانَ يَقُصُّ عَلَىٰ بَنِىٓ إِسْرَٰٓءِيلَ أَكْثَرَ ٱلَّذِى هُمْ فِيهِ يَخْتَلِفُونَ
বনী ইছৰাঈলে যিবোৰ বিষয়কলৈ বিতৰ্ক কৰিছিল, নিশ্চয় এই কোৰআনে তাৰে অধিকাংশ বিষয় সিহঁতৰ ওচৰত বিৱৰণ দিয়ে।
27 : 77
وَإِنَّهُۥ لَهُدًى وَرَحْمَةٌ لِّلْمُؤْمِنِينَ
আৰু নিশ্চয় এইখন হৈছে মুমিনসকলৰ বাবে হিদায়ত আৰু ৰহমত।
27 : 78
إِنَّ رَبَّكَ يَقْضِى بَيْنَهُم بِحُكْمِهِۦ ۚ وَهُوَ ٱلْعَزِيزُ ٱلْعَلِيمُ
নিশ্চয় তোমাৰ প্ৰতিপালকে তেওঁৰ বিধান অনুযায়ী সিহঁতৰ মাজত ফয়চালা কৰি দিব; আৰু তেওঁ মহাপৰাক্ৰমশালী, সৰ্বজ্ঞ।
27 : 79
فَتَوَكَّلْ عَلَى ٱللَّهِ ۖ إِنَّكَ عَلَى ٱلْحَقِّ ٱلْمُبِينِ
এতেকে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা; নিশ্চয় তুমি সুস্পষ্ট সত্যৰ ওপৰত প্ৰতিষ্ঠিত আছা।
27 : 80
إِنَّكَ لَا تُسْمِعُ ٱلْمَوْتَىٰ وَلَا تُسْمِعُ ٱلصُّمَّ ٱلدُّعَآءَ إِذَا وَلَّوْا۟ مُدْبِرِينَ
নিশ্চয় তুমি মৃতক শুনাব নোৱাৰিবা, আৰু বধিৰকো আহ্বান শুনাব নোৱাৰিবা, যেতিয়া সিহঁতে পিঠি দেখুৱাই উভতি যায়।
27 : 81
وَمَآ أَنتَ بِهَـٰدِى ٱلْعُمْىِ عَن ضَلَـٰلَتِهِمْ ۖ إِن تُسْمِعُ إِلَّا مَن يُؤْمِنُ بِـَٔايَـٰتِنَا فَهُم مُّسْلِمُونَ
তুমি অন্ধবিলাককো সিহঁতৰ পথভ্ৰষ্টতাৰ পৰা সঠিক পথলৈ আনিব নোৱাৰিবা। তুমি কেৱল তেওঁলোককহে শুনাব পাৰিবা যিসকলে আমাৰ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ কৰে, এতেকে তেওঁলোকেই হৈছে আত্মসমৰ্পণকাৰী।
27 : 82
۞ وَإِذَا وَقَعَ ٱلْقَوْلُ عَلَيْهِمْ أَخْرَجْنَا لَهُمْ دَآبَّةً مِّنَ ٱلْأَرْضِ تُكَلِّمُهُمْ أَنَّ ٱلنَّاسَ كَانُوا۟ بِـَٔايَـٰتِنَا لَا يُوقِنُونَ
আৰু যেতিয়া সিহঁতৰ ওপৰত ঘোষিত শাস্তি আহি পৰিব তেতিয়া আমি সিহঁতৰ বাবে পৃথিৱীৰ পৰা এটা জন্তু উলিয়াম (দা-ব্বাতুল আৰ্দ্ব), যিটো সিহঁতৰ লগত কথা ক'ব যে, মানুহে আমাৰ নিদৰ্শনসমূহৰ প্ৰতি নিশ্চিত বিশ্বাস কৰা নাছিল।
27 : 83
وَيَوْمَ نَحْشُرُ مِن كُلِّ أُمَّةٍ فَوْجًا مِّمَّن يُكَذِّبُ بِـَٔايَـٰتِنَا فَهُمْ يُوزَعُونَ
আৰু (স্মৰণ কৰা সেই দিনটোৰ কথা,) যিদিনা আমি সমবেত কৰিম প্ৰত্যেক সম্প্ৰদায়ৰ পৰা একো একোটা দল, যিসকলে আমাৰ নিদৰ্শনাৱলী প্ৰত্যাখ্যান কৰিছিল। তাৰ পিছত সিহঁতক শাৰীবদ্ধভাৱে একত্ৰিত কৰা হ'ব।
27 : 84
حَتَّىٰٓ إِذَا جَآءُو قَالَ أَكَذَّبْتُم بِـَٔايَـٰتِى وَلَمْ تُحِيطُوا۟ بِهَا عِلْمًا أَمَّاذَا كُنتُمْ تَعْمَلُونَ
অৱশেষত যেতিয়া সিহঁত আহি যাব, তেতিয়া আল্লাহে সিহঁতক ক’ব, ‘তোমালোকে মোৰ আয়াতসমূহক অস্বীকাৰ কৰিছিলা নেকি, অথচ সেই বিষয়ে তোমালোকৰ কোনো জ্ঞানেই নাছিল, নে তোমালোকে আৰু কিবা কৰিছিলা?
27 : 85
وَوَقَعَ ٱلْقَوْلُ عَلَيْهِم بِمَا ظَلَمُوا۟ فَهُمْ لَا يَنطِقُونَ
গতিকে অন্যায় কৰাৰ কাৰণে সিহঁতৰ ওপৰত ঘোষিত শাস্তি আহি পৰিব; ফলত সিহঁতে কথাও ক’ব নোৱাৰিব।
27 : 86
أَلَمْ يَرَوْا۟ أَنَّا جَعَلْنَا ٱلَّيْلَ لِيَسْكُنُوا۟ فِيهِ وَٱلنَّهَارَ مُبْصِرًا ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ لِّقَوْمٍ يُؤْمِنُونَ
সিহঁতে দেখা নাইনে যে, আমিয়েই সিহঁতৰ বাবে ৰাতি সৃষ্টি কৰিছোঁ, যাতে সিহঁতে বিশ্ৰাম লব পাৰে আৰু দিনক কৰিছোঁ দৃশ্যমান? নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।
27 : 87
وَيَوْمَ يُنفَخُ فِى ٱلصُّورِ فَفَزِعَ مَن فِى ٱلسَّمَـٰوَٰتِ وَمَن فِى ٱلْأَرْضِ إِلَّا مَن شَآءَ ٱللَّهُ ۚ وَكُلٌّ أَتَوْهُ دَٰخِرِينَ
আৰু যিদিনা শিঙাত ফুঁ দিয়া হ’ব, সেইদিনা আকাশসমূহ আৰু পৃথিৱীৰ সকলোৱে ভীত-বিহ্বল হৈ পৰিব, কিন্তু আল্লাহে যিসকলক (ইয়াৰ পৰা বিৰত ৰাখিবলৈ) ইচ্ছা কৰিব তেওঁলোকৰ বাহিৰে, আৰু সকলোৱে তেওঁৰ ওচৰত (লাঞ্ছিত তথা) হীন অৱস্থাত উপস্থিত হ’ব।
27 : 88
وَتَرَى ٱلْجِبَالَ تَحْسَبُهَا جَامِدَةً وَهِىَ تَمُرُّ مَرَّ ٱلسَّحَابِ ۚ صُنْعَ ٱللَّهِ ٱلَّذِىٓ أَتْقَنَ كُلَّ شَىْءٍ ۚ إِنَّهُۥ خَبِيرٌۢ بِمَا تَفْعَلُونَ
আৰু তুমি যিবোৰ পাহাৰ-পৰ্বতক দেখি অচল ভাবি আছা, অথচ (সেইদিনা) এইবোৰ মেঘপুঞ্জৰ দৰে চলমান হ’ব। এইটো আল্লাহৰেই সৃষ্টি-নৈপুণ্য, যিজনে সকলো বস্তুকেই কৰিছে সুষম। তোমালোকে যি কৰা নিশ্চয় তেওঁ সেই সম্পৰ্কে সম্যক অৱহিত।
27 : 89
مَن جَآءَ بِٱلْحَسَنَةِ فَلَهُۥ خَيْرٌ مِّنْهَا وَهُم مِّن فَزَعٍ يَوْمَئِذٍ ءَامِنُونَ
যিয়ে সৎকৰ্ম লৈ আহিব তেওঁ তাতকৈও উৎকৃষ্ট প্ৰতিফল পাব আৰু সেইদিনা তেওঁলোক ভীতিকৰ অৱস্থাৰ পৰা নিৰাপদ থাকিব।
27 : 90
وَمَن جَآءَ بِٱلسَّيِّئَةِ فَكُبَّتْ وُجُوهُهُمْ فِى ٱلنَّارِ هَلْ تُجْزَوْنَ إِلَّا مَا كُنتُمْ تَعْمَلُونَ
আনহাতে যিয়ে অসৎকৰ্ম লৈ আহিব, তাক অধোমুখে জুইত নিক্ষেপ কৰা হ’ব। (লগতে সিহঁতক কোৱা হ’ব) তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে।
27 : 91
إِنَّمَآ أُمِرْتُ أَنْ أَعْبُدَ رَبَّ هَـٰذِهِ ٱلْبَلْدَةِ ٱلَّذِى حَرَّمَهَا وَلَهُۥ كُلُّ شَىْءٍ ۖ وَأُمِرْتُ أَنْ أَكُونَ مِنَ ٱلْمُسْلِمِينَ
মোক নিৰ্দেশ কৰা হৈছে এই নগৰৰ প্ৰতিপালকৰ ইবাদত কৰিবলৈ, যিজনে ইয়াক সন্মানিত কৰিছে। সকলো বস্তু তেওঁৰেই। মোক আৰু আদেশ কৰা হৈছে, মই যেন আত্মসমৰ্পনকাৰীসকলৰ অন্তৰ্ভুক্ত হওঁ।
27 : 92
وَأَنْ أَتْلُوَا۟ ٱلْقُرْءَانَ ۖ فَمَنِ ٱهْتَدَىٰ فَإِنَّمَا يَهْتَدِى لِنَفْسِهِۦ ۖ وَمَن ضَلَّ فَقُلْ إِنَّمَآ أَنَا۠ مِنَ ٱلْمُنذِرِينَ
মোক আৰু নিৰ্দেশ দিয়া হৈছে, কোৰআন তিলাৱত কৰিবলৈ। এতেকে যিয়ে সৎপথ অৱলম্বন কৰে সি নিজৰ কল্যাণৰ বাবেই সৎপথ অৱলম্বন কৰে, আৰু যিয়ে ভুল পথ অৱলম্বন কৰে, তেন্তে তুমি কোৱা, ‘মই হৈছোঁ কেৱল এজন সতৰ্ককাৰী’।
27 : 93
وَقُلِ ٱلْحَمْدُ لِلَّهِ سَيُرِيكُمْ ءَايَـٰتِهِۦ فَتَعْرِفُونَهَا ۚ وَمَا رَبُّكَ بِغَـٰفِلٍ عَمَّا تَعْمَلُونَ
আৰু কোৱা, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই, অচিৰেই তেওঁ তোমালোকক তেওঁৰ নিদৰ্শনসমূহ দেখুৱাব, তেতিয়া তোমালোকে সেয়া চিনিব পাৰিবা’। তোমালোকে যি কৰা সেই সম্পৰ্কে তোমাৰ প্ৰতিপালক অমনোযোগী নহয়।