13 : 1
الٓمٓر ۚ تِلْكَ ءَايَـٰتُ ٱلْكِتَـٰبِ ۗ وَٱلَّذِىٓ أُنزِلَ إِلَيْكَ مِن رَّبِّكَ ٱلْحَقُّ وَلَـٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يُؤْمِنُونَ
আলিফ-লাম-মীম-ৰা,[1] এইবোৰ হৈছে কিতাবৰ আয়াত, আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া সত্য; কিন্তু অধিকাংশ মানুহেই ঈমান পোষণ নকৰে।
★
13 : 2
ٱللَّهُ ٱلَّذِى رَفَعَ ٱلسَّمَـٰوَٰتِ بِغَيْرِ عَمَدٍ تَرَوْنَهَا ۖ ثُمَّ ٱسْتَوَىٰ عَلَى ٱلْعَرْشِ ۖ وَسَخَّرَ ٱلشَّمْسَ وَٱلْقَمَرَ ۖ كُلٌّ يَجْرِى لِأَجَلٍ مُّسَمًّى ۚ يُدَبِّرُ ٱلْأَمْرَ يُفَصِّلُ ٱلْـَٔايَـٰتِ لَعَلَّكُم بِلِقَآءِ رَبِّكُمْ تُوقِنُونَ
আল্লাহ সেইজন, যিজনে আকাশসমূহক খুঁটাবিহীন ওপৰত স্থাপন কৰিছে, যিটো তোমালোকে দেখি আছা। তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে আৰু সূৰ্য আৰু চন্দ্ৰক নিয়মাধীন কৰিছে, প্ৰত্যেকটোৱে এটা নিৰ্দিষ্ট সময়লৈকে আৱৰ্তন কৰিব। তেৱেঁই সকলো বিষয় পৰিচালনা কৰে, আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰে, যাতে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ লগত সাক্ষাত সম্পৰ্কে নিশ্চিত বিশ্বাস কৰিব পাৰা।
★
13 : 3
وَهُوَ ٱلَّذِى مَدَّ ٱلْأَرْضَ وَجَعَلَ فِيهَا رَوَٰسِىَ وَأَنْهَـٰرًا ۖ وَمِن كُلِّ ٱلثَّمَرَٰتِ جَعَلَ فِيهَا زَوْجَيْنِ ٱثْنَيْنِ ۖ يُغْشِى ٱلَّيْلَ ٱلنَّهَارَ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ لِّقَوْمٍ يَتَفَكَّرُونَ
আৰু তেৱেঁই ভূ-পৃষ্ঠক বিস্তৃত কৰিছে আৰু তাত সুদৃঢ় পৰ্বত আৰু নদী সৃষ্টি কৰিছে আৰু তেৱেঁই সকলো ধৰণৰ ফল-মূল যোৰা-যোৰাকৈ সৃষ্টি কৰিছে। তেৱেঁই দিনক ৰাতিৰ দ্বাৰা ঢাকি দিয়ে। নিশ্চয় ইয়াত চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন আছে।
★
13 : 4
وَفِى ٱلْأَرْضِ قِطَعٌ مُّتَجَـٰوِرَٰتٌ وَجَنَّـٰتٌ مِّنْ أَعْنَـٰبٍ وَزَرْعٌ وَنَخِيلٌ صِنْوَانٌ وَغَيْرُ صِنْوَانٍ يُسْقَىٰ بِمَآءٍ وَٰحِدٍ وَنُفَضِّلُ بَعْضَهَا عَلَىٰ بَعْضٍ فِى ٱلْأُكُلِ ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ لِّقَوْمٍ يَعْقِلُونَ
আৰু পৃথিৱীত আছে পৰস্পৰ সংলগ্ন ভূখণ্ড, আঙ্গুৰৰ বাগিচা, খেতি পথাৰ, একেই মূলৰ পৰা উদগত বা ভিন ভিন মূলৰ পৰা উদগত খেজুৰ গছ যিবোৰক একে পানীয়েই জীপাল কৰে, কিন্তু সোৱাদৰ ক্ষেত্ৰত সেইবোৰৰ কিছুমানক আমি আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব দিওঁ। নিশ্চয় বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে ইয়াত আছে নিদৰ্শন।
★
13 : 5
۞ وَإِن تَعْجَبْ فَعَجَبٌ قَوْلُهُمْ أَءِذَا كُنَّا تُرَٰبًا أَءِنَّا لَفِى خَلْقٍ جَدِيدٍ ۗ أُو۟لَـٰٓئِكَ ٱلَّذِينَ كَفَرُوا۟ بِرَبِّهِمْ ۖ وَأُو۟لَـٰٓئِكَ ٱلْأَغْلَـٰلُ فِىٓ أَعْنَاقِهِمْ ۖ وَأُو۟لَـٰٓئِكَ أَصْحَـٰبُ ٱلنَّارِ ۖ هُمْ فِيهَا خَـٰلِدُونَ
আৰু যদি তুমি বিস্মিত হোৱা, তেন্তে (তাতোকৈ) বিস্মিয়কৰ বিষয় হৈছে সিহঁতৰ এই কথাঃ ‘(মৃত্যুৰ পিছত) আমি যেতিয়া মাটিত পৰিণত হ'ম, তাৰ পিছতো আমি নতুন জীৱন লাভ কৰিমনে’? ইহঁতেই হৈছে সেইসকল লোক যিসকলে নিজ প্ৰতিপালকৰ লগত কুফৰী কৰিছে, আৰু ইহঁতৰেই ডিঙিত থাকিব শিকলি, আৰু ইহঁতেই হ’ব অগ্নিৰ অধিবাসী, তাত সিহঁত স্থায়ী হ’ব।
★
13 : 6
وَيَسْتَعْجِلُونَكَ بِٱلسَّيِّئَةِ قَبْلَ ٱلْحَسَنَةِ وَقَدْ خَلَتْ مِن قَبْلِهِمُ ٱلْمَثُلَـٰتُ ۗ وَإِنَّ رَبَّكَ لَذُو مَغْفِرَةٍ لِّلنَّاسِ عَلَىٰ ظُلْمِهِمْ ۖ وَإِنَّ رَبَّكَ لَشَدِيدُ ٱلْعِقَابِ
আৰু সিহঁতে মঙ্গলৰ পূৰ্বেই অমঙ্গল আনিবলৈ তোমাৰ ওচৰত খৰখেদা কৰে। অথচ সিহঁতৰ পূৰ্বে শাস্তিৰ অনুৰূপ বহু (শিক্ষণীয়) দৃষ্টান্ত পাৰ হৈছে। নিশ্চয় তোমাৰ প্ৰতিপালক মানুহৰ অপৰাধৰ পিছতো সিহঁতৰ প্ৰতি ক্ষমাশীল, আৰু (শুনা) নিশ্চয় তোমাৰ প্ৰতিপালক শাস্তি প্ৰদানতো অতি কঠোৰ।
★
13 : 7
وَيَقُولُ ٱلَّذِينَ كَفَرُوا۟ لَوْلَآ أُنزِلَ عَلَيْهِ ءَايَةٌ مِّن رَّبِّهِۦٓ ۗ إِنَّمَآ أَنتَ مُنذِرٌ ۖ وَلِكُلِّ قَوْمٍ هَادٍ
আৰু যিসকলে কুফুৰী কৰিছে সিহঁতে কয়, ‘এওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এওঁৰ ওপৰত কোনো নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? নিশ্চয় তুমি হৈছা এজন সতৰ্ককাৰী, আৰু প্ৰত্যেক সম্প্ৰদায়ৰ বাবে আছে পথ প্ৰদৰ্শক।
★
13 : 8
ٱللَّهُ يَعْلَمُ مَا تَحْمِلُ كُلُّ أُنثَىٰ وَمَا تَغِيضُ ٱلْأَرْحَامُ وَمَا تَزْدَادُ ۖ وَكُلُّ شَىْءٍ عِندَهُۥ بِمِقْدَارٍ
প্ৰত্যেক নাৰীয়ে গৰ্ভত যি ধাৰণ কৰে আৰু গৰ্ভাশয়ত যি কমে আৰু বৃদ্ধি হয় সেয়া আল্লাহে জানে আৰু তেওঁৰ ওচৰত প্ৰত্যেক বস্তুৰে এটা নিৰ্দিষ্ট পৰিমাণ আছে।
★
13 : 9
عَـٰلِمُ ٱلْغَيْبِ وَٱلشَّهَـٰدَةِ ٱلْكَبِيرُ ٱلْمُتَعَالِ
তেওঁ গায়েব আৰু প্ৰকাশ্য সম্পৰ্কে অৱগত, মহান, সৰ্বোচ্চ।
★
13 : 10
سَوَآءٌ مِّنكُم مَّنْ أَسَرَّ ٱلْقَوْلَ وَمَن جَهَرَ بِهِۦ وَمَنْ هُوَ مُسْتَخْفٍۭ بِٱلَّيْلِ وَسَارِبٌۢ بِٱلنَّهَارِ
তোমালোকৰ মাজৰ যিয়ে গোপনে কথা কয় আৰু যিয়ে প্ৰকাশ্যভাৱে কথা কয়, ৰাতিত যিয়ে আত্মগোপন কৰে আৰু দিনত যিয়ে প্ৰকাশ্যৰূপে বিচৰণ কৰে, (আল্লাহৰ জ্ঞানত) সিহঁত সকলোৱে সমান।
★
13 : 11
لَهُۥ مُعَقِّبَـٰتٌ مِّنۢ بَيْنِ يَدَيْهِ وَمِنْ خَلْفِهِۦ يَحْفَظُونَهُۥ مِنْ أَمْرِ ٱللَّهِ ۗ إِنَّ ٱللَّهَ لَا يُغَيِّرُ مَا بِقَوْمٍ حَتَّىٰ يُغَيِّرُوا۟ مَا بِأَنفُسِهِمْ ۗ وَإِذَآ أَرَادَ ٱللَّهُ بِقَوْمٍ سُوٓءًا فَلَا مَرَدَّ لَهُۥ ۚ وَمَا لَهُم مِّن دُونِهِۦ مِن وَالٍ
মানুহৰ বাবে তাৰ সন্মুখত আৰু পিছত এটাৰ পিছত এটাকৈ আগমনকাৰী প্ৰহৰী থাকে, তেওঁলোকে আল্লাহৰ আদেশত তাৰ ৰক্ষণাবেক্ষণ কৰে। নিশ্চয় আল্লাহে কোনো সম্প্ৰদায়ৰ অৱস্থা তেতিয়ালৈকে পৰিবৰ্তন নকৰে যেতিয়ালৈকে সিহঁতে নিজেই নিজৰ অৱস্থা পৰিবৰ্তন নকৰে। লগতে কোনো সম্প্ৰদায়ৰ বাবে যদি আল্লাহে অশুভ কিবা ইচ্ছা কৰে তেন্তে তাক প্ৰতিৰোধ কৰিব পৰা কোনো নাই আৰু তেওঁৰ বাহিৰে সিহঁতৰ কোনো অভিভাৱকো নাই।
★
13 : 12
هُوَ ٱلَّذِى يُرِيكُمُ ٱلْبَرْقَ خَوْفًا وَطَمَعًا وَيُنشِئُ ٱلسَّحَابَ ٱلثِّقَالَ
তেৱেঁই ভয় আৰু আশা সঞ্চাৰ কৰাৰ বাবে তোমালোকক বিজুলীৰ চমক দেখুৱায়, আৰু তেৱেঁই গধূৰ মেঘ সৃষ্টি কৰে;
★
13 : 13
وَيُسَبِّحُ ٱلرَّعْدُ بِحَمْدِهِۦ وَٱلْمَلَـٰٓئِكَةُ مِنْ خِيفَتِهِۦ وَيُرْسِلُ ٱلصَّوَٰعِقَ فَيُصِيبُ بِهَا مَن يَشَآءُ وَهُمْ يُجَـٰدِلُونَ فِى ٱللَّهِ وَهُوَ شَدِيدُ ٱلْمِحَالِ
আৰু ৰা’দ (বজ্ৰধ্বনি অথবা ফিৰিস্তাৰ নাম) আল্লাহৰ প্ৰশংসাৰ সৈতে মহিমা আৰু পৱিত্ৰতা ঘোষণা কৰে আৰু ফিৰিস্তাসকলেও কৰে তেওঁৰ ভয়ত। তেৱেঁই গৰ্জনকাৰী বজ্ৰ প্ৰেৰণ কৰে, তাৰ পিছত যাক ইচ্ছা কৰে তাৰ দ্বাৰা আঘাত কৰে, কাৰণ সিহঁতে আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে, আৰু তেৱেঁই শক্তিত প্ৰবল, শাস্তিত অতি কঠোৰ।
★
13 : 14
لَهُۥ دَعْوَةُ ٱلْحَقِّ ۖ وَٱلَّذِينَ يَدْعُونَ مِن دُونِهِۦ لَا يَسْتَجِيبُونَ لَهُم بِشَىْءٍ إِلَّا كَبَـٰسِطِ كَفَّيْهِ إِلَى ٱلْمَآءِ لِيَبْلُغَ فَاهُ وَمَا هُوَ بِبَـٰلِغِهِۦ ۚ وَمَا دُعَآءُ ٱلْكَـٰفِرِينَ إِلَّا فِى ضَلَـٰلٍ
সত্যৰ আহ্বান তেওঁৰেই। যিসকলে তেওঁৰ বাহিৰে আনক আহ্বান কৰে, সিহঁতে সিহঁতৰ আহ্বানত অকণো সঁহাৰি নিদিয়ে। বৰং সিহঁতৰ দৃষ্টান্ত হৈছে সেই ব্যক্তিৰ দৰেই, যিজনে পানীৰ ফালে হাত প্ৰসাৰিত (কৰি আহ্বান) কৰে, যাতে তাৰ মুখলৈ পানী আহে অথচ এনেকৈ পানী লাভ কৰাটো সম্ভৱ নহয়। প্ৰকৃততে কাফিৰসকলৰ আহ্বান কেৱল ভ্ৰষ্টতাতেই নিপতিত।
★
13 : 15
وَلِلَّهِ يَسْجُدُ مَن فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ طَوْعًا وَكَرْهًا وَظِلَـٰلُهُم بِٱلْغُدُوِّ وَٱلْـَٔاصَالِ ۩
আকাশসমূহ আৰু পৃথিৱীত থকা সকলো বস্তুৱেই স্বেচ্ছাই হওক নাইবা অনিচ্ছাই হওক আল্লাহক ছাজদাহ কৰে, আৰু পুৱা-গধূলি সেইবোৰৰ ছাঁবোৰেও (তেওঁকেই ছাজদাহ কৰে)। (ছাজদাহ নং ২)
★
13 : 16
قُلْ مَن رَّبُّ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ قُلِ ٱللَّهُ ۚ قُلْ أَفَٱتَّخَذْتُم مِّن دُونِهِۦٓ أَوْلِيَآءَ لَا يَمْلِكُونَ لِأَنفُسِهِمْ نَفْعًا وَلَا ضَرًّا ۚ قُلْ هَلْ يَسْتَوِى ٱلْأَعْمَىٰ وَٱلْبَصِيرُ أَمْ هَلْ تَسْتَوِى ٱلظُّلُمَـٰتُ وَٱلنُّورُ ۗ أَمْ جَعَلُوا۟ لِلَّهِ شُرَكَآءَ خَلَقُوا۟ كَخَلْقِهِۦ فَتَشَـٰبَهَ ٱلْخَلْقُ عَلَيْهِمْ ۚ قُلِ ٱللَّهُ خَـٰلِقُ كُلِّ شَىْءٍ وَهُوَ ٱلْوَٰحِدُ ٱلْقَهَّـٰرُ
কোৱা, ‘আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক কোন’? কোৱা, ‘আল্লাহ’। কোৱা, ‘তেন্তে তোমালোকে তেওঁৰ বাহিৰে এনে বস্তুক অভিভাৱকৰূপে গ্ৰহণ কৰিছা নেকি যিসকলে নিজৰেই উপকাৰ বা অপকাৰ কৰিব নোৱাৰে’? কোৱাচোন, ‘অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি সমান হ’ব পাৰেনে? অথবা অন্ধকাৰ আৰু পোহৰ সমান হ’ব পাৰেনে’? নে সিহঁতে আল্লাহৰ লগত এনে কিছুমানক অংশী কৰিছে, যিসকলে আল্লাহৰ সৃষ্টিৰ দৰেই সৃষ্টি কৰিছে, যাৰ বাবে সিহঁতৰ ওচৰত সদৃশ বুলি ধাৰণা হৈছে? কোৱা, ‘কেৱল আল্লাহেই সকলো বস্তুৰ স্ৰষ্টা, আৰু তেওঁ একক, মহা প্ৰতাপশালী’।
★
13 : 17
أَنزَلَ مِنَ ٱلسَّمَآءِ مَآءً فَسَالَتْ أَوْدِيَةٌۢ بِقَدَرِهَا فَٱحْتَمَلَ ٱلسَّيْلُ زَبَدًا رَّابِيًا ۚ وَمِمَّا يُوقِدُونَ عَلَيْهِ فِى ٱلنَّارِ ٱبْتِغَآءَ حِلْيَةٍ أَوْ مَتَـٰعٍ زَبَدٌ مِّثْلُهُۥ ۚ كَذَٰلِكَ يَضْرِبُ ٱللَّهُ ٱلْحَقَّ وَٱلْبَـٰطِلَ ۚ فَأَمَّا ٱلزَّبَدُ فَيَذْهَبُ جُفَآءً ۖ وَأَمَّا مَا يَنفَعُ ٱلنَّاسَ فَيَمْكُثُ فِى ٱلْأَرْضِ ۚ كَذَٰلِكَ يَضْرِبُ ٱللَّهُ ٱلْأَمْثَالَ
তেৱেঁই আকাশৰ পৰা পানী বৰষায়, ফলত উপত্যকাসমূহ নিজ নিজ আয়তন অনুযায়ী প্লাৱিত হয় আৰু প্লাৱনে তাৰ ওপৰৰ আৱৰ্জনাবোৰক বহন কৰি লৈ যায়। এইদৰেই আৱৰ্জনাবোৰ উপৰি ভাগলৈ ভাহি আহে যেতিয়া অলংকাৰ আৰু সৰঞ্জাম তৈয়াৰ কৰিবলৈ ধাতুক জুইত উত্তপ্ত কৰা হয়। এইদৰেই আল্লাহে সত্য আৰু অসত্যৰ উদাহৰণ দিয়ে। ফলত আৱৰ্জনাবোৰ নিঃশেষ হৈ যায় আৰু যিখিনি মানুহৰ বাবে উপকাৰী সেইখিনি মাটিত স্থিতি লয়। এইদৰেই আল্লাহে উপমা দিয়ে।
★
13 : 18
لِلَّذِينَ ٱسْتَجَابُوا۟ لِرَبِّهِمُ ٱلْحُسْنَىٰ ۚ وَٱلَّذِينَ لَمْ يَسْتَجِيبُوا۟ لَهُۥ لَوْ أَنَّ لَهُم مَّا فِى ٱلْأَرْضِ جَمِيعًا وَمِثْلَهُۥ مَعَهُۥ لَٱفْتَدَوْا۟ بِهِۦٓ ۚ أُو۟لَـٰٓئِكَ لَهُمْ سُوٓءُ ٱلْحِسَابِ وَمَأْوَىٰهُمْ جَهَنَّمُ ۖ وَبِئْسَ ٱلْمِهَادُ
যিসকলে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে, তেওঁলোকৰ বাবে আছে শ্ৰেষ্ঠ প্ৰতিদান; আৰু যিসকলে তেওঁৰ আহ্বানত সঁহাৰি দিয়া নাই, পৃথিৱীৰ বুকুত থকা সকলো সম্পদ যদি সিহঁতৰ হ’লহেঁতেন লগতে ইয়াৰ সমপৰিমাণ আৰু কিবাকিবি থাকিলহেঁতেন, তেনেহ’লে (আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ) সিহঁতে সেই সকলো সম্পদ মুক্তিপণ হিচাপে দিবলৈ অৱশ্যে প্ৰস্তুত হ’লহেঁতেন। (জানি থোৱা) সিহঁতৰ হিচাব-নিকাচ হ’ব অতি কঠোৰ আৰু জাহান্নাম হ’ব সিহঁতৰ আবাসস্থল, আৰু সেইটো কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!
★
13 : 19
۞ أَفَمَن يَعْلَمُ أَنَّمَآ أُنزِلَ إِلَيْكَ مِن رَّبِّكَ ٱلْحَقُّ كَمَنْ هُوَ أَعْمَىٰٓ ۚ إِنَّمَا يَتَذَكَّرُ أُو۟لُوا۟ ٱلْأَلْبَـٰبِ
তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেইটোক যি ব্যক্তিয়ে সত্য বুলি মানি লৈছে, সেইজন ব্যক্তি আৰু অন্ধ ব্যক্তি সমান নে? নিশ্চয় কেৱল বিবেকসম্পন্ন ব্যক্তিসকলেই উপদেশ গ্ৰহণ কৰে।
★
13 : 20
ٱلَّذِينَ يُوفُونَ بِعَهْدِ ٱللَّهِ وَلَا يَنقُضُونَ ٱلْمِيثَـٰقَ
যিসকলে আল্লাহৰ লগত কৰা অঙ্গীকাৰ ৰক্ষা কৰে আৰু চুক্তি ভংগ নকৰে,
★
13 : 21
وَٱلَّذِينَ يَصِلُونَ مَآ أَمَرَ ٱللَّهُ بِهِۦٓ أَن يُوصَلَ وَيَخْشَوْنَ رَبَّهُمْ وَيَخَافُونَ سُوٓءَ ٱلْحِسَابِ
আৰু আল্লাহে যি সম্পৰ্ক অটুট ৰাখিবলৈ আদেশ কৰিছে যিসকলে সেয়া অটুট ৰাখে, আৰু নিজ প্ৰতিপালকক ভয় কৰে আৰু ভয় কৰে কঠোৰ হিচাব-নিকাচক,
★
13 : 22
وَٱلَّذِينَ صَبَرُوا۟ ٱبْتِغَآءَ وَجْهِ رَبِّهِمْ وَأَقَامُوا۟ ٱلصَّلَوٰةَ وَأَنفَقُوا۟ مِمَّا رَزَقْنَـٰهُمْ سِرًّا وَعَلَانِيَةً وَيَدْرَءُونَ بِٱلْحَسَنَةِ ٱلسَّيِّئَةَ أُو۟لَـٰٓئِكَ لَهُمْ عُقْبَى ٱلدَّارِ
আৰু যিসকলে নিজ প্ৰতিপালকৰ মুখমণ্ডল (দৰ্শন বা সন্তুষ্টি) লাভৰ বাবে ধৈৰ্য্য ধাৰণ কৰে আৰু ছালাত কায়েম কৰে, লগতে আমি তেওঁলোকক যি জীৱনোপকৰণ দিছোঁ তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে দান কৰে, লগতে ভাল কৰ্মৰ দ্বাৰা বেয়া কৰ্মক প্ৰতিহত কৰে, তেওঁলোকৰ বাবেই আছে আখিৰাতৰ শুভ পৰিণাম।
★
13 : 23
جَنَّـٰتُ عَدْنٍ يَدْخُلُونَهَا وَمَن صَلَحَ مِنْ ءَابَآئِهِمْ وَأَزْوَٰجِهِمْ وَذُرِّيَّـٰتِهِمْ ۖ وَٱلْمَلَـٰٓئِكَةُ يَدْخُلُونَ عَلَيْهِم مِّن كُلِّ بَابٍ
স্থায়ী জান্নাতসমূহ, তাত তেওঁলোক প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ পিতৃ-মাতৃ, পতি-পত্নী লগতে সন্তান-সন্ততিসকলৰ মাজত যিসকলে সৎকৰ্ম কৰিছে তেওঁলোকেও (প্ৰৱেশ কৰিব)। লগতে ফিৰিস্তাসকলে তেওঁলোকৰ ওচৰলৈ উপস্থিত হ’ব প্ৰত্যেক দুৱাৰেৰে,
★
13 : 24
سَلَـٰمٌ عَلَيْكُم بِمَا صَبَرْتُمْ ۚ فَنِعْمَ عُقْبَى ٱلدَّارِ
(তেওঁলোকে আহি ক’ব) ‘শান্তি বৰ্ষিত হওক তোমালোকৰ ওপৰত, কাৰণ তোমালোকে ধৈৰ্য্য ধাৰণ কৰিছিলা, আখিৰাতৰ এই পৰিণাম কিমান যে উত্তম’!
★
13 : 25
وَٱلَّذِينَ يَنقُضُونَ عَهْدَ ٱللَّهِ مِنۢ بَعْدِ مِيثَـٰقِهِۦ وَيَقْطَعُونَ مَآ أَمَرَ ٱللَّهُ بِهِۦٓ أَن يُوصَلَ وَيُفْسِدُونَ فِى ٱلْأَرْضِ ۙ أُو۟لَـٰٓئِكَ لَهُمُ ٱللَّعْنَةُ وَلَهُمْ سُوٓءُ ٱلدَّارِ
আনহাতে যিসকলে আল্লাহৰ লগত দৃঢ় অঙ্গীকাৰত আৱদ্ধ হোৱাৰ পিছত সেয়া ভংগ কৰে, আৰু যি সম্পৰ্ক অটুট ৰাখিবলৈ আল্লাহে আদেশ কৰিছে তাক ছিন্ন কৰে আৰু পৃথিৱীত অশান্তি সৃষ্টি কৰি ফুৰে, সিহঁতৰ বাবে আছে অভিশাপ, লগতে সিহঁতৰ বাবে আছে আখিৰাতৰ নিকৃষ্ট আবাসস্থল।
★
13 : 26
ٱللَّهُ يَبْسُطُ ٱلرِّزْقَ لِمَن يَشَآءُ وَيَقْدِرُ ۚ وَفَرِحُوا۟ بِٱلْحَيَوٰةِ ٱلدُّنْيَا وَمَا ٱلْحَيَوٰةُ ٱلدُّنْيَا فِى ٱلْـَٔاخِرَةِ إِلَّا مَتَـٰعٌ
আল্লাহে যাক ইচ্ছা কৰে তাৰ বাবে জীৱনোপকৰণ বৃদ্ধি কৰি দিয়ে আৰু সংকুচিত কৰে; কিন্তু ইহঁত পাৰ্থিৱ জীৱনক লৈয়ে আনন্দিত, অথচ পাৰ্থিৱ জীৱন হৈছে আখিৰাতৰ তুলনাত ক্ষণস্থায়ী ভোগমাত্ৰ।
★
13 : 27
وَيَقُولُ ٱلَّذِينَ كَفَرُوا۟ لَوْلَآ أُنزِلَ عَلَيْهِ ءَايَةٌ مِّن رَّبِّهِۦ ۗ قُلْ إِنَّ ٱللَّهَ يُضِلُّ مَن يَشَآءُ وَيَهْدِىٓ إِلَيْهِ مَنْ أَنَابَ
আৰু যিসকলে কুফুৰী কৰিছে সিহঁতে কয়, ‘এওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এওঁৰ ওচৰলৈ কোনো নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? কোৱা, ‘নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে বিভ্ৰান্ত কৰে, আৰু তেওঁ সেইসকল লোককহে তেওঁৰ পথ দেখুৱায়, যিসকলে তেওঁৰ অভিমুখী হয়’।
★
13 : 28
ٱلَّذِينَ ءَامَنُوا۟ وَتَطْمَئِنُّ قُلُوبُهُم بِذِكْرِ ٱللَّهِ ۗ أَلَا بِذِكْرِ ٱللَّهِ تَطْمَئِنُّ ٱلْقُلُوبُ
‘যিসকলে ঈমান আনিছে, আৰু তেওঁলোকৰ মনে আল্লাহৰ স্মৰণৰ দ্বাৰা প্ৰশান্তি লাভ কৰে; জানি থোৱা! আল্লাহৰ স্মৰণৰ দ্বাৰাই অন্তৰে শান্তি লাভ কৰে’;
★
13 : 29
ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ طُوبَىٰ لَهُمْ وَحُسْنُ مَـَٔابٍ
‘যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবেই আছে পৰম আনন্দ আৰু সুন্দৰ প্ৰত্যাৱৰ্তনস্থল’।
★
13 : 30
كَذَٰلِكَ أَرْسَلْنَـٰكَ فِىٓ أُمَّةٍ قَدْ خَلَتْ مِن قَبْلِهَآ أُمَمٌ لِّتَتْلُوَا۟ عَلَيْهِمُ ٱلَّذِىٓ أَوْحَيْنَآ إِلَيْكَ وَهُمْ يَكْفُرُونَ بِٱلرَّحْمَـٰنِ ۚ قُلْ هُوَ رَبِّى لَآ إِلَـٰهَ إِلَّا هُوَ عَلَيْهِ تَوَكَّلْتُ وَإِلَيْهِ مَتَابِ
এইদৰে আমি তোমাক প্ৰেৰণ কৰিছোঁ এনে এটা জাতিৰ প্ৰতি যিসকলৰ আগত বহুতো জাতি পাৰ হৈছে, আমি তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছোঁ, সেয়া যাতে তুমি সিহঁতৰ ওচৰত তিলাৱত কৰা। তথাপিও সিহঁতে ৰহমানক অস্বীকাৰ কৰে। কোৱা, ‘তেৱেঁই মোৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁৰ ওপৰতেই মই নিৰ্ভৰ কৰোঁ আৰু তেওঁৰ ওচৰলৈকেই মোৰ প্ৰত্যাৱৰ্তন’।
★
13 : 31
وَلَوْ أَنَّ قُرْءَانًا سُيِّرَتْ بِهِ ٱلْجِبَالُ أَوْ قُطِّعَتْ بِهِ ٱلْأَرْضُ أَوْ كُلِّمَ بِهِ ٱلْمَوْتَىٰ ۗ بَل لِّلَّهِ ٱلْأَمْرُ جَمِيعًا ۗ أَفَلَمْ يَا۟يْـَٔسِ ٱلَّذِينَ ءَامَنُوٓا۟ أَن لَّوْ يَشَآءُ ٱللَّهُ لَهَدَى ٱلنَّاسَ جَمِيعًا ۗ وَلَا يَزَالُ ٱلَّذِينَ كَفَرُوا۟ تُصِيبُهُم بِمَا صَنَعُوا۟ قَارِعَةٌ أَوْ تَحُلُّ قَرِيبًا مِّن دَارِهِمْ حَتَّىٰ يَأْتِىَ وَعْدُ ٱللَّهِ ۚ إِنَّ ٱللَّهَ لَا يُخْلِفُ ٱلْمِيعَادَ
আৰু যদি কোৰআনখন এনেকুৱা হ’লহেঁতেন যাৰ দ্বাৰা পৰ্বতক গতিশীল কৰা গ’লহেঁতেন আৰু পৃথিৱীক টুকুৰা-টুকুৰ কৰা গ’লহেঁতেন নাইবা মৃত ব্যক্তিৰ লগত কথা ক’ব পৰা গ’লহেঁতেন, (তথাপিও সিহঁতে তাক বিশ্বাস নকৰিলেহেঁতেন)। বৰং সকলো বিষয় আল্লাহৰেই ইখতিয়াৰভুক্ত। তেন্তে যিসকলে ঈমান আনিছে তেওঁলোকে নাজানে নেকি যে, আল্লাহে ইচ্ছা কৰিলে সকলোকে সৎপথত পৰিচালিত কৰিব পাৰিলেহেঁতেন? আৰু যিসকলে কুফুৰী কৰিছে সিহঁতৰ কৰ্মকাণ্ডৰ কাৰণে সিহঁতৰ বিপৰ্যয় ঘটিয়েই থাকিব, অথবা বিপৰ্যয় সিহঁতৰ আবাসৰ ওচৰে-পাঁজৰে আপতিত হৈয়ে থাকিব, যেতিয়ালৈকে আল্লাহৰ প্ৰতিশ্ৰুতি আহি নপৰে। নিশ্চয় আল্লাহ প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰে।
★
13 : 32
وَلَقَدِ ٱسْتُهْزِئَ بِرُسُلٍ مِّن قَبْلِكَ فَأَمْلَيْتُ لِلَّذِينَ كَفَرُوا۟ ثُمَّ أَخَذْتُهُمْ ۖ فَكَيْفَ كَانَ عِقَابِ
নিশ্চয় তোমাৰ পূৰ্বেও বহু ৰাছুলক উপহাস কৰা হৈছে আৰু যিসকলে কুফুৰী কৰিছিল সিহঁতক মই অকণমান অৱকাশ দিছিলোঁ, তাৰ পিছত সিহঁতক কৰায়ত্ব কৰিছিলোঁ। এতেকে কেনেকুৱা আছিল মোৰ শাস্তি!
★
13 : 33
أَفَمَنْ هُوَ قَآئِمٌ عَلَىٰ كُلِّ نَفْسٍۭ بِمَا كَسَبَتْ ۗ وَجَعَلُوا۟ لِلَّهِ شُرَكَآءَ قُلْ سَمُّوهُمْ ۚ أَمْ تُنَبِّـُٔونَهُۥ بِمَا لَا يَعْلَمُ فِى ٱلْأَرْضِ أَم بِظَـٰهِرٍ مِّنَ ٱلْقَوْلِ ۗ بَلْ زُيِّنَ لِلَّذِينَ كَفَرُوا۟ مَكْرُهُمْ وَصُدُّوا۟ عَنِ ٱلسَّبِيلِ ۗ وَمَن يُضْلِلِ ٱللَّهُ فَمَا لَهُۥ مِنْ هَادٍ
তেন্তে প্ৰত্যেক মানুহে যি কৰে সেইবোৰৰ যিজন পৰ্যবেক্ষক (তেওঁ ইহঁতৰ এই অক্ষম ইলাহবোৰৰ দৰে নেকি?) অথচ সিহঁতে আল্লাহৰ লগত বহুতো অংশীদাৰ বনাই লৈছে। কোৱা, ‘তোমালোকে ইহঁতৰ পৰিচয় দিয়া। নে তোমালোকে পৃথিৱীৰ মাজৰ এনেকুৱা কোনো সংবাদ তেওঁক দিব বিচৰা যিটো তেওঁ নাজানে? নে (তোমালোকে কেৱল) বাহ্যিক কথাহে কৈ আছা’? বৰং যিসকলে কুফুৰী কৰিছে সিহঁতৰ দৃষ্টিত সিহঁতৰ চক্ৰান্তক শোভনীয় কৰি দিয়া হৈছে আৰু সিহঁতক সৎপথৰ পৰা আঁতৰত ৰখা হৈছে, আৰু আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ কোনো পথপ্ৰদৰ্শক নাই।
★
13 : 34
لَّهُمْ عَذَابٌ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا ۖ وَلَعَذَابُ ٱلْـَٔاخِرَةِ أَشَقُّ ۖ وَمَا لَهُم مِّنَ ٱللَّهِ مِن وَاقٍ
সিহঁতৰ বাবে পাৰ্থিৱ জীৱনত আছে শাস্তি, আৰু আখিৰাতৰ শাস্তি ইয়াতকৈও কঠোৰ! আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ সিহঁতৰ কোনো নাই।
★
13 : 35
۞ مَّثَلُ ٱلْجَنَّةِ ٱلَّتِى وُعِدَ ٱلْمُتَّقُونَ ۖ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَـٰرُ ۖ أُكُلُهَا دَآئِمٌ وَظِلُّهَا ۚ تِلْكَ عُقْبَى ٱلَّذِينَ ٱتَّقَوا۟ ۖ وَّعُقْبَى ٱلْكَـٰفِرِينَ ٱلنَّارُ
মুত্তাক্বীসকলক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, তাৰ উপমা হৈছে এনেকুৱাঃ তাৰ তলত নদীসমূহ প্ৰবাহিত, তাৰ ফল-মূল আৰু ছাঁ হ’ব চিৰস্থায়ী। যিসকলে তাক্বৱা অৱলম্বন কৰিছে, এইটোৱে হৈছে তেওঁলোকৰ প্ৰতিফল; আনহাতে কাফিৰসকলৰ প্ৰতিফল হৈছে অগ্নি।
★
13 : 36
وَٱلَّذِينَ ءَاتَيْنَـٰهُمُ ٱلْكِتَـٰبَ يَفْرَحُونَ بِمَآ أُنزِلَ إِلَيْكَ ۖ وَمِنَ ٱلْأَحْزَابِ مَن يُنكِرُ بَعْضَهُۥ ۚ قُلْ إِنَّمَآ أُمِرْتُ أَنْ أَعْبُدَ ٱللَّهَ وَلَآ أُشْرِكَ بِهِۦٓ ۚ إِلَيْهِ أَدْعُوا۟ وَإِلَيْهِ مَـَٔابِ
আৰু আমি যিসকলক কিতাব প্ৰদান কৰিছোঁ তেওঁলোকে তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাকলৈ আনন্দ প্ৰকাশ কৰে। কিন্তু কিছুমান দলে ইয়াৰ কিছু অংশক অস্বীকাৰ কৰে। কোৱা, ‘মোক আদেশ কৰা হৈছে মই যাতে কেৱল আল্লাহৰেই ইবাদত কৰোঁ আৰু তেওঁৰ লগত যাতে আন কাকো অংশী নকৰোঁ। মই তেওঁৰ পিনেই আহ্বান কৰোঁ আৰু তেওঁৰ ওচৰতেই মোৰ প্ৰত্যাৱৰ্তন’।
★
13 : 37
وَكَذَٰلِكَ أَنزَلْنَـٰهُ حُكْمًا عَرَبِيًّا ۚ وَلَئِنِ ٱتَّبَعْتَ أَهْوَآءَهُم بَعْدَ مَا جَآءَكَ مِنَ ٱلْعِلْمِ مَا لَكَ مِنَ ٱللَّهِ مِن وَلِىٍّ وَلَا وَاقٍ
এইদৰেই আমি কোৰআনক বিধানৰূপে আৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ। এতেকে জ্ঞান পোৱাৰ পিছতো যদি তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰা তেন্তে আল্লাহৰ বিৰুদ্ধে তোমাৰ কোনো অভিভাৱক আৰু ৰক্ষক নাথাকিব।
★
13 : 38
وَلَقَدْ أَرْسَلْنَا رُسُلًا مِّن قَبْلِكَ وَجَعَلْنَا لَهُمْ أَزْوَٰجًا وَذُرِّيَّةً ۚ وَمَا كَانَ لِرَسُولٍ أَن يَأْتِىَ بِـَٔايَةٍ إِلَّا بِإِذْنِ ٱللَّهِ ۗ لِكُلِّ أَجَلٍ كِتَابٌ
আৰু নিশ্চয় আমি তোমাৰ পূৰ্বেও বহুতো ৰাছুল প্ৰেৰণ কৰিছিলোঁ আৰু তেওঁলোককো স্ত্ৰী আৰু সন্তান-সন্ততি প্ৰদান কৰিছিলোঁ। আল্লাহৰ অনুমতি অবিহনে কোনো নিদৰ্শন উপস্থিত কৰাটো কোনো ৰাছুলৰ দ্বাৰা সম্ভৱ নহয়। প্ৰত্যেক বিষয়ৰ বাবেই নিৰ্ধাৰিত সময় লিপিবদ্ধ আছে।
★
13 : 39
يَمْحُوا۟ ٱللَّهُ مَا يَشَآءُ وَيُثْبِتُ ۖ وَعِندَهُۥٓ أُمُّ ٱلْكِتَـٰبِ
(তাৰ মাজৰ পৰা) আল্লাহে যি ইচ্ছা কৰে মচি দিয়ে, আৰু যি ইচ্ছা কৰে বাহাল ৰাখে, আৰু তেওঁৰ ওচৰতেই আছে উম্মুল কিতাব।
★
13 : 40
وَإِن مَّا نُرِيَنَّكَ بَعْضَ ٱلَّذِى نَعِدُهُمْ أَوْ نَتَوَفَّيَنَّكَ فَإِنَّمَا عَلَيْكَ ٱلْبَلَـٰغُ وَعَلَيْنَا ٱلْحِسَابُ
আৰু আমি সিহঁতক যি (শাস্তিৰ) প্ৰতিশ্ৰুতি দিওঁ, তাৰে অলপ যদি তোমাক (পৃথিৱীতে) দেখুৱাই দিওঁ অথবা (সিহঁতৰ ওপৰত সেয়া অহাৰ আগতেই) তোমাক যদি মৃত্যু প্ৰদান কৰোঁ, -- তেন্তে তোমাৰ কৰ্তব্যতো হৈছে কেৱল প্ৰচাৰ কৰা, আৰু আমাৰ দায়িত্ব হৈছে হিচাব-নিকাচ গ্ৰহণ কৰা।
★
13 : 41
أَوَلَمْ يَرَوْا۟ أَنَّا نَأْتِى ٱلْأَرْضَ نَنقُصُهَا مِنْ أَطْرَافِهَا ۚ وَٱللَّهُ يَحْكُمُ لَا مُعَقِّبَ لِحُكْمِهِۦ ۚ وَهُوَ سَرِيعُ ٱلْحِسَابِ
সিহঁতে দেখা নাইনে যে, আমি পৃথিৱীক কেউফালৰ পৰা সংকুচিত কৰি আনি আছোঁ? আৰু আল্লাহেই আদেশ কৰে, তেওঁৰ আদেশ ৰদ কৰিব পৰা কোনো নাই আৰু তেওঁ হিচাব গ্ৰহণত অতি তৎপৰ।
★
13 : 42
وَقَدْ مَكَرَ ٱلَّذِينَ مِن قَبْلِهِمْ فَلِلَّهِ ٱلْمَكْرُ جَمِيعًا ۖ يَعْلَمُ مَا تَكْسِبُ كُلُّ نَفْسٍ ۗ وَسَيَعْلَمُ ٱلْكُفَّـٰرُ لِمَنْ عُقْبَى ٱلدَّارِ
সিহঁতৰ পূৰ্বে যিসকল আছিল সিহঁতেও চক্ৰান্ত কৰিছিল; কিন্তু সকলো চক্ৰান্ত আল্লাহৰ অধীনস্থ। প্ৰত্যেক ব্যক্তিয়ে যি উপাৰ্জন কৰে সেই বিষয়ে তেওঁ অৱগত, আৰু কাফিৰসকলে অনতিপলমে জানিব পাৰিব যে, আখিৰাতৰ শুভ পৰিণাম কাৰ বাবে।
★
13 : 43
وَيَقُولُ ٱلَّذِينَ كَفَرُوا۟ لَسْتَ مُرْسَلًا ۚ قُلْ كَفَىٰ بِٱللَّهِ شَهِيدًۢا بَيْنِى وَبَيْنَكُمْ وَمَنْ عِندَهُۥ عِلْمُ ٱلْكِتَـٰبِ
আৰু যিসকলে কুফুৰী কৰিছে সিহঁতে কয়, ‘তুমি আল্লাহৰ প্ৰেৰিত নহয়’। কোৱা, ‘মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট, আৰু যিসকলৰ ওচৰত কিতাবৰ জ্ঞান আছে, তেওঁলোকেও (এই বিষয়ে সাক্ষী)’।
★