107 : 1
أَرَءَيْتَ ٱلَّذِى يُكَذِّبُ بِٱلدِّينِ
তুমি তাক দেখিছানে, যিয়ে (আখিৰাতৰ) কৰ্মফলক অস্বীকাৰ কৰে?
107 : 2
فَذَٰلِكَ ٱلَّذِى يَدُعُّ ٱلْيَتِيمَ
সিয়েই হৈছে সেইজন, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায়,
107 : 3
وَلَا يَحُضُّ عَلَىٰ طَعَامِ ٱلْمِسْكِينِ
আৰু সি দুখিয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে।
107 : 4
فَوَيْلٌ لِّلْمُصَلِّينَ
এতেকে ধ্বংস সেইসকল ছালাত আদায়কাৰীৰ বাবে,
107 : 5
ٱلَّذِينَ هُمْ عَن صَلَاتِهِمْ سَاهُونَ
যিসকলে নিজৰ ছালাতত অমনোযোগী,
107 : 6
ٱلَّذِينَ هُمْ يُرَآءُونَ
যিসকলে আনক দেখুৱাবলৈহে (সৎকৰ্ম) কৰে,
107 : 7
وَيَمْنَعُونَ ٱلْمَاعُونَ
আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে।