10 : 1
الٓر ۚ تِلْكَ ءَايَـٰتُ ٱلْكِتَـٰبِ ٱلْحَكِيمِ
আলিফ লাম-ৰা।[1] এইবোৰ হৈছে প্ৰজ্ঞাপূৰ্ণ কিতাবৰ আয়াত।
★
10 : 2
أَكَانَ لِلنَّاسِ عَجَبًا أَنْ أَوْحَيْنَآ إِلَىٰ رَجُلٍ مِّنْهُمْ أَنْ أَنذِرِ ٱلنَّاسَ وَبَشِّرِ ٱلَّذِينَ ءَامَنُوٓا۟ أَنَّ لَهُمْ قَدَمَ صِدْقٍ عِندَ رَبِّهِمْ ۗ قَالَ ٱلْكَـٰفِرُونَ إِنَّ هَـٰذَا لَسَـٰحِرٌ مُّبِينٌ
মানুহৰ বাবে এইটো বিস্ময়কৰ বিষয় নেকি যে, আমি সিহঁতৰ মাজৰ পৰাই এজনৰ ওচৰলৈ অহী প্ৰেৰণ কৰিছোঁ যে, তুমি মানুহক সতৰ্ক কৰা আৰু মুমিনসকলক সুসংবাদ দিয়া যে, তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে উচ্চ মৰ্যাদা। কাফিৰসকলে কয়, ‘নিশ্চয় এওঁ এজন প্ৰকাশ্য যাদুকৰ’।
★
10 : 3
إِنَّ رَبَّكُمُ ٱللَّهُ ٱلَّذِى خَلَقَ ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضَ فِى سِتَّةِ أَيَّامٍ ثُمَّ ٱسْتَوَىٰ عَلَى ٱلْعَرْشِ ۖ يُدَبِّرُ ٱلْأَمْرَ ۖ مَا مِن شَفِيعٍ إِلَّا مِنۢ بَعْدِ إِذْنِهِۦ ۚ ذَٰلِكُمُ ٱللَّهُ رَبُّكُمْ فَٱعْبُدُوهُ ۚ أَفَلَا تَذَكَّرُونَ
নিশ্চয় তোমালোকৰ প্ৰতিপালক হৈছে (মহান) আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেৱেঁই সকলো বিষয় পৰিচালনা কৰে। তেওঁৰ অনুমতি লাভ নকৰাকৈ চুপাৰিছ কৰাৰ ক্ষমতা কাৰো নাই। সেইজন (স্ৰষ্টা আৰু পৰিচালকেই) হৈছে আল্লাহ, তোমালোকৰ প্ৰতিপালক; গতিকে তোমালোকে তেওঁৰেই ইবাদত কৰা। তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?
★
10 : 4
إِلَيْهِ مَرْجِعُكُمْ جَمِيعًا ۖ وَعْدَ ٱللَّهِ حَقًّا ۚ إِنَّهُۥ يَبْدَؤُا۟ ٱلْخَلْقَ ثُمَّ يُعِيدُهُۥ لِيَجْزِىَ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ بِٱلْقِسْطِ ۚ وَٱلَّذِينَ كَفَرُوا۟ لَهُمْ شَرَابٌ مِّنْ حَمِيمٍ وَعَذَابٌ أَلِيمٌۢ بِمَا كَانُوا۟ يَكْفُرُونَ
তেওঁৰ ওচৰতেই তোমালোক সকলোৰে প্ৰত্যাৱৰ্তন, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। নিশ্চয় তেৱেঁই সৃষ্টিৰ সূচনা কৰিছে, তাৰ পিছত তেৱেঁই সেইটোৰ পুনৰাবৃত্তি ঘটাব, যাতে সেইসকল লোকক ইনচাফপূৰ্ণ প্ৰতিফল প্ৰদান কৰিব পাৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। আনহাতে যিসকলে কুফুৰী কৰিছে সিহঁতৰ বাবে আছে অত্যন্ত গৰম পানী আৰু অতি কষ্টদায়ক শাস্তি; কাৰণ সিহঁতে কুফুৰী কৰিছিল।
★
10 : 5
هُوَ ٱلَّذِى جَعَلَ ٱلشَّمْسَ ضِيَآءً وَٱلْقَمَرَ نُورًا وَقَدَّرَهُۥ مَنَازِلَ لِتَعْلَمُوا۟ عَدَدَ ٱلسِّنِينَ وَٱلْحِسَابَ ۚ مَا خَلَقَ ٱللَّهُ ذَٰلِكَ إِلَّا بِٱلْحَقِّ ۚ يُفَصِّلُ ٱلْـَٔايَـٰتِ لِقَوْمٍ يَعْلَمُونَ
তেৱেঁই সূৰ্যক দীপ্তিমান আৰু চন্দ্ৰক জ্যোতিৰ্ময় কৰিছে আৰু তাৰ (গতিৰ) বাবে নিৰ্দিষ্ট কৰিছে বিভিন্ন মনযিল (কক্ষপথ), যাতে তোমালোকে বছৰ গণনা কৰিব পাৰা আৰু সময়ৰ হিচাপ জানিব পাৰা। আল্লাহে এইবোৰক যথাযথভাৱেই সৃষ্টি কৰিছে। তেওঁ জ্ঞানী সম্প্ৰদায়ৰ বাবে এইবোৰ নিদৰ্শন বিশদভাৱে বৰ্ণনা কৰে।
★
10 : 6
إِنَّ فِى ٱخْتِلَـٰفِ ٱلَّيْلِ وَٱلنَّهَارِ وَمَا خَلَقَ ٱللَّهُ فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ لَـَٔايَـٰتٍ لِّقَوْمٍ يَتَّقُونَ
নিশ্চয় দিন আৰু ৰাতিৰ পৰিবৰ্তনত আৰু আল্লাহে আকাশসমূহ আৰু পৃথিৱীত যি সৃষ্টি কৰিছে তাৰ মাজত বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে তাক্বৱা অৱলম্বন কৰে।
★
10 : 7
إِنَّ ٱلَّذِينَ لَا يَرْجُونَ لِقَآءَنَا وَرَضُوا۟ بِٱلْحَيَوٰةِ ٱلدُّنْيَا وَٱطْمَأَنُّوا۟ بِهَا وَٱلَّذِينَ هُمْ عَنْ ءَايَـٰتِنَا غَـٰفِلُونَ
নিশ্চয় যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে, আৰু পাৰ্থিৱ জীৱনক লৈয়ে সন্তুষ্ট হৈছে, লগতে ইয়াকলৈয়ে পৰিতৃপ্ত, আৰু যিসকলে আমাৰ নিদৰ্শনাৱলী সম্পৰ্কে গাফিল,
★
10 : 8
أُو۟لَـٰٓئِكَ مَأْوَىٰهُمُ ٱلنَّارُ بِمَا كَانُوا۟ يَكْسِبُونَ
সিহঁতৰ কৃতকৰ্মৰ বাবেই সিহঁতৰ ঠিকনা হ’ব অগ্নি (জাহান্নাম)।
★
10 : 9
إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّـٰلِحَـٰتِ يَهْدِيهِمْ رَبُّهُم بِإِيمَـٰنِهِمْ ۖ تَجْرِى مِن تَحْتِهِمُ ٱلْأَنْهَـٰرُ فِى جَنَّـٰتِ ٱلنَّعِيمِ
নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক পথ নিৰ্দেশ কৰিব, কাৰণ তেওঁলোকে ঈমান পোষণ কৰিছে; নিয়ামতেৰে পৰিপূৰ্ণ জান্নাতত তেওঁলোকৰ (বাসস্থানৰ) তলত নদীসমূহ প্ৰবাহিত থাকিব।
★
10 : 10
دَعْوَىٰهُمْ فِيهَا سُبْحَـٰنَكَ ٱللَّهُمَّ وَتَحِيَّتُهُمْ فِيهَا سَلَـٰمٌ ۚ وَءَاخِرُ دَعْوَىٰهُمْ أَنِ ٱلْحَمْدُ لِلَّهِ رَبِّ ٱلْعَـٰلَمِينَ
তাত তেওঁলোকৰ ধ্বনি হ’বঃ ‘হে আল্লাহ! তুমি মহান, পৱিত্ৰ’! আৰু তাত তেওঁলোকৰ (পৰস্পৰৰ) অভিবাদন হ’ব, ‘ছালাম’ লগতে তেওঁলোকৰ শেষ ধ্বনি হ’বঃ ‘সকলো ধৰণৰ প্ৰশংসা সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ বাবে’।
★
10 : 11
۞ وَلَوْ يُعَجِّلُ ٱللَّهُ لِلنَّاسِ ٱلشَّرَّ ٱسْتِعْجَالَهُم بِٱلْخَيْرِ لَقُضِىَ إِلَيْهِمْ أَجَلُهُمْ ۖ فَنَذَرُ ٱلَّذِينَ لَا يَرْجُونَ لِقَآءَنَا فِى طُغْيَـٰنِهِمْ يَعْمَهُونَ
আৰু যদি আল্লাহে মানুহৰ অকল্যাণ (প্ৰাৰ্থনাত সহাঁৰি দিওঁতে) খৰখেদা কৰিলেহেঁতেন, যেনেকৈ তেওঁ সিহঁতৰ কল্যাণ (প্ৰাৰ্থনাত সহাঁৰি দিওঁতে) খৰধৰ কৰে, তেন্তে নিশ্চয় সিহঁতৰ নিৰ্দিষ্টি সময় কেতিয়াবাই আহি গ’লহেঁতেন। গতিকে যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে সিহঁতক আমি সিহঁতৰ অবাধ্যতাত উদ্ভ্ৰান্তৰ দৰে ঘূৰি ফুৰিবলৈ এৰি দিওঁ।
★
10 : 12
وَإِذَا مَسَّ ٱلْإِنسَـٰنَ ٱلضُّرُّ دَعَانَا لِجَنۢبِهِۦٓ أَوْ قَاعِدًا أَوْ قَآئِمًا فَلَمَّا كَشَفْنَا عَنْهُ ضُرَّهُۥ مَرَّ كَأَن لَّمْ يَدْعُنَآ إِلَىٰ ضُرٍّ مَّسَّهُۥ ۚ كَذَٰلِكَ زُيِّنَ لِلْمُسْرِفِينَ مَا كَانُوا۟ يَعْمَلُونَ
আৰু মানুহক যেতিয়া দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সি শুই, বহি অথবা থিয় হৈও আমাক আহ্বান কৰে। তাৰ পিছত যেতিয়া আমি তাৰ সেই দুখ-দৈন্য দূৰ কৰি দিওঁ, তেতিয়া সি এনেকৈ চলা-ফুৰা কৰে যে তাক আক্ৰান্ত কৰা দুখ-দৈন্যৰ পৰা পৰিত্ৰাণ কৰিবলৈ সি যেনিবা আমাক আহ্বান কৰাই নাছিল। এইদৰেই সীমালংঘনকাৰীসকলৰ কৃতকৰ্মক সিহঁতৰ ওচৰত শোভনীয় কৰি দিয়া হৈছে।
★
10 : 13
وَلَقَدْ أَهْلَكْنَا ٱلْقُرُونَ مِن قَبْلِكُمْ لَمَّا ظَلَمُوا۟ ۙ وَجَآءَتْهُمْ رُسُلُهُم بِٱلْبَيِّنَـٰتِ وَمَا كَانُوا۟ لِيُؤْمِنُوا۟ ۚ كَذَٰلِكَ نَجْزِى ٱلْقَوْمَ ٱلْمُجْرِمِينَ
আৰু নিশ্চয় আমি তোমালোকৰ পূৰ্বে বহু প্ৰজন্মক ধ্বংস কৰিছোঁ, যেতিয়া সিহঁতে যুলুম (সীমালংঘন) কৰিছিল; আৰু সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণাদিসহ আগমন কৰিছিল, তথাপিও সিহঁতে ঈমান পোষণ কৰিবলৈ প্ৰস্তুত নাছিল। এইদৰেই আমি অপৰাধী সম্প্ৰদায়ক প্ৰতিফল দি থাকোঁ।
★
10 : 14
ثُمَّ جَعَلْنَـٰكُمْ خَلَـٰٓئِفَ فِى ٱلْأَرْضِ مِنۢ بَعْدِهِمْ لِنَنظُرَ كَيْفَ تَعْمَلُونَ
তাৰ পিছত আমি তোমালোকক সিহঁতৰ পিছত পৃথিৱীত স্থলাভিষিক্ত কৰিছোঁ, যাতে আমি এইটো চাব পাৰোঁ যে তোমালোকে কেনেকুৱা আমল কৰা।
★
10 : 15
وَإِذَا تُتْلَىٰ عَلَيْهِمْ ءَايَاتُنَا بَيِّنَـٰتٍ ۙ قَالَ ٱلَّذِينَ لَا يَرْجُونَ لِقَآءَنَا ٱئْتِ بِقُرْءَانٍ غَيْرِ هَـٰذَآ أَوْ بَدِّلْهُ ۚ قُلْ مَا يَكُونُ لِىٓ أَنْ أُبَدِّلَهُۥ مِن تِلْقَآئِ نَفْسِىٓ ۖ إِنْ أَتَّبِعُ إِلَّا مَا يُوحَىٰٓ إِلَىَّ ۖ إِنِّىٓ أَخَافُ إِنْ عَصَيْتُ رَبِّى عَذَابَ يَوْمٍ عَظِيمٍ
আৰু যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ সিহঁতৰ ওচৰত পাঠ কৰা হয়, তেতিয়া যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে সিহঁতে কয়, ‘ইয়াৰ বাহিৰে আন এখন কোৰআন লৈ আহা, অথবা ইয়াকে পৰিবৰ্তন কৰা’। কোৱা, ‘মই মোৰ নিজৰ ফালৰ পৰা ইয়াত সাল-সলনি কৰাটো সম্ভৱ নহয়। মোৰ প্ৰতি যি অহী প্ৰেৰণ কৰা হয় মই কেৱল সেইটোৰহে অনুসৰণ কৰোঁ। যদি মই মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰোঁ তেন্তে মই ভয় কৰোঁ নিশ্চয় মহা দিৱসৰ শাস্তিয়ে মোক আক্ৰান্ত কৰিব’।
★
10 : 16
قُل لَّوْ شَآءَ ٱللَّهُ مَا تَلَوْتُهُۥ عَلَيْكُمْ وَلَآ أَدْرَىٰكُم بِهِۦ ۖ فَقَدْ لَبِثْتُ فِيكُمْ عُمُرًا مِّن قَبْلِهِۦٓ ۚ أَفَلَا تَعْقِلُونَ
কোৱা, ‘আল্লাহে যদি বিচাৰিলেহেঁতেন তেন্তে ময়ো তোমালোকৰ ওচৰত এইটো তিলাৱত নকৰিলোঁহেঁতেন আৰু তেৱোঁ তোমালোকক এই বিষয়ে নজনালেহেঁতেন। মইতো ইয়াৰ আগতেও তোমালোকৰ মাজত জীৱনৰ এটা দীৰ্ঘকাল অৱস্থান কৰিছোঁ, তথাপিও তোমালোকে বুজি নোপোৱানে’?
★
10 : 17
فَمَنْ أَظْلَمُ مِمَّنِ ٱفْتَرَىٰ عَلَى ٱللَّهِ كَذِبًا أَوْ كَذَّبَ بِـَٔايَـٰتِهِۦٓ ۚ إِنَّهُۥ لَا يُفْلِحُ ٱلْمُجْرِمُونَ
এতেকে যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে বা আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে, সেইজনতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে? নিশ্চয় অপৰাধীসকল কেতিয়াও সফল হ’ব নোৱাৰে।
★
10 : 18
وَيَعْبُدُونَ مِن دُونِ ٱللَّهِ مَا لَا يَضُرُّهُمْ وَلَا يَنفَعُهُمْ وَيَقُولُونَ هَـٰٓؤُلَآءِ شُفَعَـٰٓؤُنَا عِندَ ٱللَّهِ ۚ قُلْ أَتُنَبِّـُٔونَ ٱللَّهَ بِمَا لَا يَعْلَمُ فِى ٱلسَّمَـٰوَٰتِ وَلَا فِى ٱلْأَرْضِ ۚ سُبْحَـٰنَهُۥ وَتَعَـٰلَىٰ عَمَّا يُشْرِكُونَ
আৰু সিহঁতে আল্লাহক এৰি বেলেগৰ ইবাদত কৰে যিসকলে সিহঁতৰ ক্ষতিও কৰিব নোৱাৰে আৰু উপকাৰো কৰিব নোৱাৰে; লগতে সিহঁতে কয়, ‘এইসকল হৈছে আল্লাহৰ ওচৰত আমাৰ চুপাৰিছকাৰী’। কোৱা, ‘তোমালোকে আল্লাহক আকাশমণ্ডল আৰু পৃথিৱীৰ এনেকুৱা কোনো বিষয়ৰ সংবাদ দি আছা নেকি, যি বিষয়ে তেওঁ নাজানে?, তেওঁ মহান, পৱিত্ৰ’, আৰু সিহঁতে যিবোৰক তেওঁৰ সৈতে অংশী কৰে, তেওঁ তাৰ পৰা বহু ঊৰ্দ্ধত।
★
10 : 19
وَمَا كَانَ ٱلنَّاسُ إِلَّآ أُمَّةً وَٰحِدَةً فَٱخْتَلَفُوا۟ ۚ وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِن رَّبِّكَ لَقُضِىَ بَيْنَهُمْ فِيمَا فِيهِ يَخْتَلِفُونَ
আৰু (আৰম্ভণিত) মানুহৰ এটাই উম্মত আছিল, পিছতহে সিহঁতে মতভেদ সৃষ্টি কৰিছে। তোমাৰ প্ৰতিপালকৰ পূৰ্ব-ঘোষণা নাথাকিলে, সিহঁতে যিবোৰ বিষয়ত মতভেদ কৰিছে সেইবোৰৰ মীমাংসা হৈয়ে গ’লহেঁতেন।
★
10 : 20
وَيَقُولُونَ لَوْلَآ أُنزِلَ عَلَيْهِ ءَايَةٌ مِّن رَّبِّهِۦ ۖ فَقُلْ إِنَّمَا ٱلْغَيْبُ لِلَّهِ فَٱنتَظِرُوٓا۟ إِنِّى مَعَكُم مِّنَ ٱلْمُنتَظِرِينَ
আৰু সিহঁতে কয়, ‘এওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এওঁৰ ওচৰলৈ কোনো নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? এতেকে তুমি কোৱা, ‘গায়েবৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে। গতিকে তোমালোকে অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত অপেক্ষা কৰিছোঁ’।
★
10 : 21
وَإِذَآ أَذَقْنَا ٱلنَّاسَ رَحْمَةً مِّنۢ بَعْدِ ضَرَّآءَ مَسَّتْهُمْ إِذَا لَهُم مَّكْرٌ فِىٓ ءَايَاتِنَا ۚ قُلِ ٱللَّهُ أَسْرَعُ مَكْرًا ۚ إِنَّ رُسُلَنَا يَكْتُبُونَ مَا تَمْكُرُونَ
দুখ-দন্যই সিহঁতক স্পৰ্শ কৰাৰ পিছত যেতিয়াই আমি মানুহক অনুগ্ৰহৰ সোৱাদ দিওঁ তেতিয়াই সিহঁতে আমাৰ আয়াতসমূহৰ বিৰুদ্ধে অপকৌশল আৰম্ভ কৰে। কোৱা, ‘আল্লাহ কৌশল অৱলম্বনত আৰু অধিক তৎপৰ’। তোমালোকে যি অপকৌশল কৰা, নিশ্চয় আমাৰ ফিৰিস্তাসকলে সেইবোৰ লিখি ৰাখে।
★
10 : 22
هُوَ ٱلَّذِى يُسَيِّرُكُمْ فِى ٱلْبَرِّ وَٱلْبَحْرِ ۖ حَتَّىٰٓ إِذَا كُنتُمْ فِى ٱلْفُلْكِ وَجَرَيْنَ بِهِم بِرِيحٍ طَيِّبَةٍ وَفَرِحُوا۟ بِهَا جَآءَتْهَا رِيحٌ عَاصِفٌ وَجَآءَهُمُ ٱلْمَوْجُ مِن كُلِّ مَكَانٍ وَظَنُّوٓا۟ أَنَّهُمْ أُحِيطَ بِهِمْ ۙ دَعَوُا۟ ٱللَّهَ مُخْلِصِينَ لَهُ ٱلدِّينَ لَئِنْ أَنجَيْتَنَا مِنْ هَـٰذِهِۦ لَنَكُونَنَّ مِنَ ٱلشَّـٰكِرِينَ
তেৱেঁই তোমালোকক জল-স্থলত ভ্ৰমণ কৰায়। আনকি তোমালোকে যেতিয়া নৌযানত আৰোহণ কৰা, আৰু সেই নৌযানবোৰে আৰোহীসকলকলৈ অনুকূল বতাহৰ সহায়ত চলাচল কৰে তেতিয়া সিহঁত আনন্দিত হয়, কিন্তু হঠাৎ যেতিয়া প্ৰবল ধুমুহা আহে, আৰু চাৰিওফালৰ পৰা ঢৌ আহিবলৈ ধৰে তেতিয়া সিহঁতে নিশ্চিত ধাৰণা কৰে যে, সিহঁত (বিপদৰ দ্বাৰা) পৰিবেষ্টিত হৈছে, (তেতিয়া) সিহঁতে সৰলচিত্তে আনুগত্য সহকাৰে কেৱল আল্লাহকেই প্ৰাৰ্থনা কৰে যে, ‘তুমি যদি আমাক ইয়াৰ পৰা ৰক্ষা কৰা, নিশ্চয় আমি কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।
★
10 : 23
فَلَمَّآ أَنجَىٰهُمْ إِذَا هُمْ يَبْغُونَ فِى ٱلْأَرْضِ بِغَيْرِ ٱلْحَقِّ ۗ يَـٰٓأَيُّهَا ٱلنَّاسُ إِنَّمَا بَغْيُكُمْ عَلَىٰٓ أَنفُسِكُم ۖ مَّتَـٰعَ ٱلْحَيَوٰةِ ٱلدُّنْيَا ۖ ثُمَّ إِلَيْنَا مَرْجِعُكُمْ فَنُنَبِّئُكُم بِمَا كُنتُمْ تَعْمَلُونَ
তাৰ পিছত তেওঁ যেতিয়া সিহঁতক বিপদমুক্ত কৰে তেতিয়া সিহঁতে পৃথিৱীত অন্যায়ভাৱে সীমালংঘন কৰি থাকে। হে মানৱ! (জানি থোৱা) তোমালোকৰ সীমালংঘন কেৱল তোমালোকৰ বিৰুদ্ধেই (ক্ষতিকৰ) হয়; পাৰ্থিৱ জীৱনৰ সুখ উপভোগ কৰি লোৱা, পিছত আমাৰ ওচৰলৈকেই তোমালোকৰ প্ৰত্যাৱৰ্তন হ’ব। তেতিয়া আমি তোমালোকক জনাই দিম তোমালোকে কি কৰিছিলা।
★
10 : 24
إِنَّمَا مَثَلُ ٱلْحَيَوٰةِ ٱلدُّنْيَا كَمَآءٍ أَنزَلْنَـٰهُ مِنَ ٱلسَّمَآءِ فَٱخْتَلَطَ بِهِۦ نَبَاتُ ٱلْأَرْضِ مِمَّا يَأْكُلُ ٱلنَّاسُ وَٱلْأَنْعَـٰمُ حَتَّىٰٓ إِذَآ أَخَذَتِ ٱلْأَرْضُ زُخْرُفَهَا وَٱزَّيَّنَتْ وَظَنَّ أَهْلُهَآ أَنَّهُمْ قَـٰدِرُونَ عَلَيْهَآ أَتَىٰهَآ أَمْرُنَا لَيْلًا أَوْ نَهَارًا فَجَعَلْنَـٰهَا حَصِيدًا كَأَن لَّمْ تَغْنَ بِٱلْأَمْسِ ۚ كَذَٰلِكَ نُفَصِّلُ ٱلْـَٔايَـٰتِ لِقَوْمٍ يَتَفَكَّرُونَ
পাৰ্থিৱ জীৱনৰ উদাহৰণ পানীৰ দৰে, যিটো আমি আকাশৰ পৰা বৰ্ষণ কৰোঁ, ইয়াৰ দ্বাৰা ভূমিজ উদ্ভিদ ঘন সন্নিবিষ্ট হৈ উৎপন্ন হয়, যিবোৰ মানুহে আৰু জীৱ-জন্তুৱে খায়। তাৰ পিছত যেতিয়া ভূমি সুজলা-সুফলা আৰু মনোমোহা হৈ উঠে আৰু তাৰ গিৰিহঁতে ভাৱে যে, সেইবোৰ সিহঁতৰ আয়ত্তাধীন, তেতিয়া দিনতে হওক বা ৰাতিত আমাৰ আদেশ আহি পৰে, তাৰ পিছত আমি সেইবোৰ এনেকৈ নিৰ্মূল কৰি দিওঁ যেনিবা যোৱাকালি ইয়াৰ কোনো অস্তিত্বই নাছিল। এইদৰেই আমি চিন্তাশীল সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰোঁ।
★
10 : 25
وَٱللَّهُ يَدْعُوٓا۟ إِلَىٰ دَارِ ٱلسَّلَـٰمِ وَيَهْدِى مَن يَشَآءُ إِلَىٰ صِرَٰطٍ مُّسْتَقِيمٍ
আল্লাহে (মানুহক) শান্তিৰ আবাসৰ ফালে আহ্বান কৰে আৰু যাক ইচ্ছা কৰে সৰল পথত পৰিচালিত কৰে।
★
10 : 26
۞ لِّلَّذِينَ أَحْسَنُوا۟ ٱلْحُسْنَىٰ وَزِيَادَةٌ ۖ وَلَا يَرْهَقُ وُجُوهَهُمْ قَتَرٌ وَلَا ذِلَّةٌ ۚ أُو۟لَـٰٓئِكَ أَصْحَـٰبُ ٱلْجَنَّةِ ۖ هُمْ فِيهَا خَـٰلِدُونَ
যিসকলে ইহছানৰ সৈতে আমল কৰে (উত্তমৰূপে কাম কৰে) তেওঁলোকৰ বাবে আছে জান্নাত বৰং আৰু অধিক (আল্লাহৰ সাক্ষাৎ)। মলিনতা আৰু হীনতাই তেওঁলোকৰ মুখমণ্ডলক আচ্ছন্ন নকৰিব। তেওঁলোকেই হৈছে জান্নাতৰ অধিবাসী, তেওঁলোকে তাত অনন্তকাল বসবাস কৰিব।
★
10 : 27
وَٱلَّذِينَ كَسَبُوا۟ ٱلسَّيِّـَٔاتِ جَزَآءُ سَيِّئَةٍۭ بِمِثْلِهَا وَتَرْهَقُهُمْ ذِلَّةٌ ۖ مَّا لَهُم مِّنَ ٱللَّهِ مِنْ عَاصِمٍ ۖ كَأَنَّمَآ أُغْشِيَتْ وُجُوهُهُمْ قِطَعًا مِّنَ ٱلَّيْلِ مُظْلِمًا ۚ أُو۟لَـٰٓئِكَ أَصْحَـٰبُ ٱلنَّارِ ۖ هُمْ فِيهَا خَـٰلِدُونَ
আনহাতে যিসকলে বেয়া কাম কৰে, প্ৰতিটো বেয়া কামৰ প্ৰতিদান হ’ব সেই অনুপাতেই; লগতে হীনতাই সিহঁতক আচ্ছন্ন কৰিব; আল্লাহৰ (শাস্তিৰ) পৰা সিহঁতক ৰক্ষা কৰিবলৈ কোনো নাথাকিব; সিহঁতৰ মুখমণ্ডল এনেকৈ অন্ধকাৰাচ্ছন্ন হৈ থাকিব যেনিবা ৰাতিৰ অন্ধকাৰৰ আৱৰণে সিহঁতক ছাটি ধৰিছে। সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ’ব।
★
10 : 28
وَيَوْمَ نَحْشُرُهُمْ جَمِيعًا ثُمَّ نَقُولُ لِلَّذِينَ أَشْرَكُوا۟ مَكَانَكُمْ أَنتُمْ وَشُرَكَآؤُكُمْ ۚ فَزَيَّلْنَا بَيْنَهُمْ ۖ وَقَالَ شُرَكَآؤُهُم مَّا كُنتُمْ إِيَّانَا تَعْبُدُونَ
আৰু (স্মৰণ কৰা) যিদিনা আমি সিহঁত সকলোকে একত্ৰিত কৰিম। তাৰ পিছত মুশ্বৰিকসকলক সুধিম, ‘তোমালোক আৰু তোমালোকে নিৰূপণ কৰা অংশীবিলাক (আটায়ে) নিজৰ নিজৰ স্থানত অৱস্থান কৰা’; তাৰ পিছত আমি সিহঁতক পৰস্পৰৰ পৰা পৃথক কৰি দিম, তেতিয়া সিহঁতৰ অংশীবিলাকে (সিহঁতক সম্বোধন কৰি) ক’ব, ‘তোমালোকে আমাৰ ইবাদত কৰা নাছিলা’।
★
10 : 29
فَكَفَىٰ بِٱللَّهِ شَهِيدًۢا بَيْنَنَا وَبَيْنَكُمْ إِن كُنَّا عَنْ عِبَادَتِكُمْ لَغَـٰفِلِينَ
‘প্ৰকৃততে আল্লাহেই আমাৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে যথেষ্ট যে, নিশ্চয় আমি তোমালোকৰ ইবাদত সম্পৰ্কে অজ্ঞাত আছিলোঁ’।
★
10 : 30
هُنَالِكَ تَبْلُوا۟ كُلُّ نَفْسٍ مَّآ أَسْلَفَتْ ۚ وَرُدُّوٓا۟ إِلَى ٱللَّهِ مَوْلَىٰهُمُ ٱلْحَقِّ ۖ وَضَلَّ عَنْهُم مَّا كَانُوا۟ يَفْتَرُونَ
সেইদিনা প্ৰত্যেকেই পূৰ্বে কৰা নিজৰ কৃতকৰ্মসমূহ পৰীক্ষা কৰি লব আৰু সিহঁতক সিহঁতৰ প্ৰকৃত অভিভাৱক আল্লাহৰ ওচৰলৈ ওভতাই নিয়া হ’ব, তেতিয়া সিহঁতৰ উদ্ভাৱিত মিছা আৰোপীসকল সিহঁতৰ পৰা উধাও হৈ যাব।
★
10 : 31
قُلْ مَن يَرْزُقُكُم مِّنَ ٱلسَّمَآءِ وَٱلْأَرْضِ أَمَّن يَمْلِكُ ٱلسَّمْعَ وَٱلْأَبْصَـٰرَ وَمَن يُخْرِجُ ٱلْحَىَّ مِنَ ٱلْمَيِّتِ وَيُخْرِجُ ٱلْمَيِّتَ مِنَ ٱلْحَىِّ وَمَن يُدَبِّرُ ٱلْأَمْرَ ۚ فَسَيَقُولُونَ ٱللَّهُ ۚ فَقُلْ أَفَلَا تَتَّقُونَ
কোৱা, ‘কোনে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱনোপকৰণ সৰবৰাহ কৰে অথবা শ্ৰৱণ আৰু দৃষ্টিশক্তি কাৰ কৰ্তৃত্বাধীন; জীৱিতৰ পৰা মৃতক কোনে উলিয়ায় আৰু মৃতক জীৱিতৰ পৰা কোনে উলিয়ায়, লগতে সকলো বিষয় কোনে নিয়ন্ত্ৰণ কৰে’? তেতিয়া সিহঁতে নিশ্চয় ক’ব, ‘আল্লাহ’। এতেকে কোৱা, ‘তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?
★
10 : 32
فَذَٰلِكُمُ ٱللَّهُ رَبُّكُمُ ٱلْحَقُّ ۖ فَمَاذَا بَعْدَ ٱلْحَقِّ إِلَّا ٱلضَّلَـٰلُ ۖ فَأَنَّىٰ تُصْرَفُونَ
এতেকে তেৱেঁই আল্লাহ, তোমালোকৰ প্ৰকৃত প্ৰতিপালক। সত্য ত্যাগ কৰাৰ পিছত বিভ্ৰান্তিৰ বাহিৰে আন কি থাকিব পাৰে? গতিকে (সত্যক এৰি) তোমালোকক কোন ফালে আঁতৰাই নিয়া হৈছে?
★
10 : 33
كَذَٰلِكَ حَقَّتْ كَلِمَتُ رَبِّكَ عَلَى ٱلَّذِينَ فَسَقُوٓا۟ أَنَّهُمْ لَا يُؤْمِنُونَ
যিসকলে অবাধ্য হৈছে এইদৰেই সিহঁতৰ বিষয়ে তোমাৰ প্ৰতিপালকৰ বাণী সত্য প্ৰতিপন্ন হৈছে যে, সিহঁতে ঈমান পোষণ নকৰিব।
★
10 : 34
قُلْ هَلْ مِن شُرَكَآئِكُم مَّن يَبْدَؤُا۟ ٱلْخَلْقَ ثُمَّ يُعِيدُهُۥ ۚ قُلِ ٱللَّهُ يَبْدَؤُا۟ ٱلْخَلْقَ ثُمَّ يُعِيدُهُۥ ۖ فَأَنَّىٰ تُؤْفَكُونَ
কোৱা, ‘তোমালোকে অংশী স্থাপন কৰা (উপাস্য)বিলাকৰ মাজত এনেকুৱা কোনোবা আছে নেকি যিয়ে সৃষ্টিৰ সূচনা কৰিব পাৰে আৰু তাৰ পিছত সেইটোৰ পুনৰাবৃত্তিও কৰিব পাৰে’? কোৱা, ‘কেৱল আল্লাহেই সৃষ্টিক অস্তিত্বত আনিব পাৰে আৰু তেৱেঁই পুনৰাবৃত্তিও ঘটাব’। গতিকে (সত্যৰ পৰা) তোমালোকক কোন পিনে ওভতাই নিয়া হৈছে।
★
10 : 35
قُلْ هَلْ مِن شُرَكَآئِكُم مَّن يَهْدِىٓ إِلَى ٱلْحَقِّ ۚ قُلِ ٱللَّهُ يَهْدِى لِلْحَقِّ ۗ أَفَمَن يَهْدِىٓ إِلَى ٱلْحَقِّ أَحَقُّ أَن يُتَّبَعَ أَمَّن لَّا يَهِدِّىٓ إِلَّآ أَن يُهْدَىٰ ۖ فَمَا لَكُمْ كَيْفَ تَحْكُمُونَ
কোৱা, ‘তোমালোকে যিসকলক অংশী স্থাপন কৰা সিহঁতৰ মাজত এনেকুৱা কোনোবা আছে নেকি, যিয়ে সত্যৰ পথ নিৰ্দেশ কৰে’? কোৱা, ‘আল্লাহেই সত্যৰ পথ নিৰ্দেশ কৰে। তেনেহ’লে (কোৱাচোন) আনুগত্যৰ বেছি হকদাৰ কোন? যিজনে সত্যৰ পথৰ নিৰ্দেশ দিয়ে তেওঁ, নে যাক পথ নেদেখুৱালে পথ বিচাৰি নাপায় সেইজন? এতেকে তোমালোকৰ কি হৈছে? তোমালোকে কেনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰা?
★
10 : 36
وَمَا يَتَّبِعُ أَكْثَرُهُمْ إِلَّا ظَنًّا ۚ إِنَّ ٱلظَّنَّ لَا يُغْنِى مِنَ ٱلْحَقِّ شَيْـًٔا ۚ إِنَّ ٱللَّهَ عَلِيمٌۢ بِمَا يَفْعَلُونَ
আৰু সিহঁতৰ অধিকাংশই কেৱল অনুমানৰহে অনুসৰণ কৰে, অথচ সত্যৰ বিপৰীতে ধাৰণা কোনো কামত নাহে, সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ অৱগত।
★
10 : 37
وَمَا كَانَ هَـٰذَا ٱلْقُرْءَانُ أَن يُفْتَرَىٰ مِن دُونِ ٱللَّهِ وَلَـٰكِن تَصْدِيقَ ٱلَّذِى بَيْنَ يَدَيْهِ وَتَفْصِيلَ ٱلْكِتَـٰبِ لَا رَيْبَ فِيهِ مِن رَّبِّ ٱلْعَـٰلَمِينَ
আৰু এই কোৰআন আল্লাহৰ বাহিৰে আন কাৰোবাৰ দ্বাৰা ৰচনা হোৱাটো সম্ভৱ নহয়। বৰং এইখন হৈছে ইয়াৰ পূৰ্বে যি অৱতীৰ্ণ হৈছে সেইবোৰৰ সত্যতা সাব্যস্তকাৰী আৰু আল-কিতাবৰ বিশদ ব্যাখ্যা। ইয়াত কোনো সন্দেহ নাই যে, এইখন সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা (অৱতীৰ্ণ)।
★
10 : 38
أَمْ يَقُولُونَ ٱفْتَرَىٰهُ ۖ قُلْ فَأْتُوا۟ بِسُورَةٍ مِّثْلِهِۦ وَٱدْعُوا۟ مَنِ ٱسْتَطَعْتُم مِّن دُونِ ٱللَّهِ إِن كُنتُمْ صَـٰدِقِينَ
সিহঁতে এই কথা কয় নেকি যে, ‘তেওঁ নিজেই এইখন ৰচনা কৰিছে’? কোৱা, ‘তেন্তে তোমালোকে ইয়াৰ অনুৰূপ এটা ছুৰা লৈ আহাচোন আৰু আল্লাহৰ বাহিৰে আন যাকেই ইচ্ছা তাকেই মাতি লোৱা, যদি তোমালোকে সত্যবাদী হোৱা’।
★
10 : 39
بَلْ كَذَّبُوا۟ بِمَا لَمْ يُحِيطُوا۟ بِعِلْمِهِۦ وَلَمَّا يَأْتِهِمْ تَأْوِيلُهُۥ ۚ كَذَٰلِكَ كَذَّبَ ٱلَّذِينَ مِن قَبْلِهِمْ ۖ فَٱنظُرْ كَيْفَ كَانَ عَـٰقِبَةُ ٱلظَّـٰلِمِينَ
বৰং সিহঁতে এনেকুৱা এটা বিষয়ক মিছা বুলি ধাৰণা কৰিছে যিটোক সিহঁতে নিজৰ জ্ঞানৰ দ্বাৰা আয়ত্ত কৰিব পৰা নাই, আৰু এতিয়াও সিহঁতৰ ওচৰলৈ ইয়াৰ প্ৰকৃত পৰিণতি আহি পোৱা নাই। এইদৰেই সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল, গতিকে চোৱা, যালিমসকলৰ কি পৰিণাম হৈছিল।
★
10 : 40
وَمِنْهُم مَّن يُؤْمِنُ بِهِۦ وَمِنْهُم مَّن لَّا يُؤْمِنُ بِهِۦ ۚ وَرَبُّكَ أَعْلَمُ بِٱلْمُفْسِدِينَ
আৰু সিহঁতৰ মাজৰ কিছুমানে ইয়াৰ প্ৰতি ঈমান পোষণ কৰে আৰু কিছুমানে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰে। (জানি থোৱা) তোমাৰ প্ৰতিপালক ফাছাদ সৃষ্টিকাৰীসকলৰ বিষয়ে ভালদৰেই অৱগত।
★
10 : 41
وَإِن كَذَّبُوكَ فَقُل لِّى عَمَلِى وَلَكُمْ عَمَلُكُمْ ۖ أَنتُم بَرِيٓـُٔونَ مِمَّآ أَعْمَلُ وَأَنَا۠ بَرِىٓءٌ مِّمَّا تَعْمَلُونَ
আৰু যদি সিহঁতে তোমাক মিছা বুলি অস্বীকাৰ কৰে তেন্তে তুমি কোৱা, মোৰ কামৰ দায়িত্ব মোৰ ওপৰত আৰু তোমালোকৰ কামৰ দায়িত্ব তোমালোকৰ ওপৰত। মই যি কাম কৰোঁ তাৰ লগত তোমালোকৰ কোনো সম্পৰ্ক নাই আৰু তোমালোকে যি কৰা তাৰ লগত মোৰো কোনো সম্পৰ্ক নাই।
★
10 : 42
وَمِنْهُم مَّن يَسْتَمِعُونَ إِلَيْكَ ۚ أَفَأَنتَ تُسْمِعُ ٱلصُّمَّ وَلَوْ كَانُوا۟ لَا يَعْقِلُونَ
আৰু সিহঁতৰ কিছুমানে তোমাৰ প্ৰতি কাণ পাতি থাকে। কিন্তু তুমি বধিৰবিলাকক কিবা শুনাব পাৰিবানে যদিও সিহঁতে একো বুজি নাপায়?
★
10 : 43
وَمِنْهُم مَّن يَنظُرُ إِلَيْكَ ۚ أَفَأَنتَ تَهْدِى ٱلْعُمْىَ وَلَوْ كَانُوا۟ لَا يُبْصِرُونَ
আৰু সিহঁতৰ মাজৰ কিছুমানে তোমাৰ প্ৰতি চাই থাকে। এতেকে তুমি অন্ধক পথ দেখুৱাব পাৰিবানে, যদিও সিহঁতৰ দৃষ্টিশক্তি নাথাকে?
★
10 : 44
إِنَّ ٱللَّهَ لَا يَظْلِمُ ٱلنَّاسَ شَيْـًٔا وَلَـٰكِنَّ ٱلنَّاسَ أَنفُسَهُمْ يَظْلِمُونَ
নিশ্চয় আল্লাহে মানুহৰ প্ৰতি কোনো অন্যায় নকৰে, বৰং মানুহে নিজেই নিজৰ প্ৰতি অন্যায় কৰি থাকে।
★
10 : 45
وَيَوْمَ يَحْشُرُهُمْ كَأَن لَّمْ يَلْبَثُوٓا۟ إِلَّا سَاعَةً مِّنَ ٱلنَّهَارِ يَتَعَارَفُونَ بَيْنَهُمْ ۚ قَدْ خَسِرَ ٱلَّذِينَ كَذَّبُوا۟ بِلِقَآءِ ٱللَّهِ وَمَا كَانُوا۟ مُهْتَدِينَ
আৰু যিদিনা তেওঁ সিহঁতক একত্ৰিত কৰিব (সেই দিনা সিহঁতৰ এনে লাগিব যেনিবা পৃথিৱীত) কেৱল সিহঁতৰ অৱস্থিতি দিনৰ এটা মুহূৰ্তকাল মাত্ৰ আছিল; সিহঁতে পৰস্পৰক চিনি পাব। অৱশ্যে সিহঁত ক্ষতিগ্ৰস্ত হৈছে যিসকলে আল্লাহৰ সাক্ষাতক মিছা বুলি ভাবিছিল আৰু সিহঁত সৎপথ প্ৰাপ্ত নাছিল।
★
10 : 46
وَإِمَّا نُرِيَنَّكَ بَعْضَ ٱلَّذِى نَعِدُهُمْ أَوْ نَتَوَفَّيَنَّكَ فَإِلَيْنَا مَرْجِعُهُمْ ثُمَّ ٱللَّهُ شَهِيدٌ عَلَىٰ مَا يَفْعَلُونَ
আৰু আমি সিহঁতক যি (শাস্তিৰ) প্ৰতিশ্ৰুতি দিছোঁ তাৰে অলপ যদি তোমাক (পৃথিৱীতে) দেখুৱাই দিওঁ অথবা (সিহঁতৰ ওপৰত সেই শাস্তি অহাৰ আগতেই) তোমাক মৃত্যু প্ৰদান কৰোঁ, তথাপিও সিহঁতে আমাৰ ওচৰলৈকেই উভতি আহিব লাগিব; তদুপৰি সিহঁতে যি কৰে আল্লাহেই তাৰ সাক্ষী।
★
10 : 47
وَلِكُلِّ أُمَّةٍ رَّسُولٌ ۖ فَإِذَا جَآءَ رَسُولُهُمْ قُضِىَ بَيْنَهُم بِٱلْقِسْطِ وَهُمْ لَا يُظْلَمُونَ
আৰু প্ৰত্যেক উম্মতৰ বাবেই একোজনকৈ ৰাছুল আছিল। এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ ৰাছুল আহিছিল তেতিয়া সিহঁতৰ মাজত ন্যায়ভিত্তিক মীমাংসা কৰা হৈছিল আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা হোৱা নাছিল।
★
10 : 48
وَيَقُولُونَ مَتَىٰ هَـٰذَا ٱلْوَعْدُ إِن كُنتُمْ صَـٰدِقِينَ
আৰু সিহঁতে কয়, ‘যদি তোমালোকে সত্যবাদী হোৱা, (তেন্তে কোৱা) এই প্ৰতিশ্ৰুতি কেতিয়া পূৰ্ণ হ’ব’?
★
10 : 49
قُل لَّآ أَمْلِكُ لِنَفْسِى ضَرًّا وَلَا نَفْعًا إِلَّا مَا شَآءَ ٱللَّهُ ۗ لِكُلِّ أُمَّةٍ أَجَلٌ ۚ إِذَا جَآءَ أَجَلُهُمْ فَلَا يَسْتَـْٔخِرُونَ سَاعَةً ۖ وَلَا يَسْتَقْدِمُونَ
কোৱা, ‘আল্লাহে যি ইচ্ছা কৰে তাৰ বাহিৰে মোৰ নিজৰ কোনো অপকাৰ বা উপকাৰ কৰাৰো অধিকাৰ নাই। প্ৰত্যেক উম্মতৰ বাবেই নিৰ্ধাৰিত আছে এটা নিৰ্দিষ্ট সময়-সীমা; যেতিয়া সিহঁতৰ সেই নিৰ্দিষ্ট সময় আহিব পৰিব, তেতিয়া সিহঁতে মুহূৰ্তকালো পিছুৱাব নোৱাৰিব আৰু আগুৱাবও নোৱাৰিব’।
★
10 : 50
قُلْ أَرَءَيْتُمْ إِنْ أَتَىٰكُمْ عَذَابُهُۥ بَيَـٰتًا أَوْ نَهَارًا مَّاذَا يَسْتَعْجِلُ مِنْهُ ٱلْمُجْرِمُونَ
কোৱা, ‘তোমালোকে কোৱাচোন, যদি তেওঁৰ শাস্তি তোমালোকৰ ওপৰত ৰাতিত অথবা দিনতেই আহি পৰে, তেন্তে (সেই শাস্তিৰ মাজত) এনেকুৱা কি আছে যিটোক অপাৰধীসকলে অতি সোনকালে পাব বিচাৰে’?
★
10 : 51
أَثُمَّ إِذَا مَا وَقَعَ ءَامَنتُم بِهِۦٓ ۚ ءَآلْـَٔـٰنَ وَقَدْ كُنتُم بِهِۦ تَسْتَعْجِلُونَ
তেন্তে তোমালোকে এইটো সংঘটিত হোৱাৰ পিছত ঈমান আনিবা নেকি? (কোৱা হ’ব) এতিয়া (মানিলানে)?! অথচ তোমালোকে ইয়াৰ আগমনকলৈ খৰখেদা কৰিছিলা।
★
10 : 52
ثُمَّ قِيلَ لِلَّذِينَ ظَلَمُوا۟ ذُوقُوا۟ عَذَابَ ٱلْخُلْدِ هَلْ تُجْزَوْنَ إِلَّا بِمَا كُنتُمْ تَكْسِبُونَ
তাৰ পিছত যালিমসকলক কোৱা হ’ব, ‘স্থায়ী শাস্তিৰ সোৱাদ লোৱা; তোমালোকে যি কৰিছিলা তোমালোকক কেৱল তাৰেই প্ৰতিফল দিয়া হৈছে’।
★
10 : 53
۞ وَيَسْتَنۢبِـُٔونَكَ أَحَقٌّ هُوَ ۖ قُلْ إِى وَرَبِّىٓ إِنَّهُۥ لَحَقٌّ ۖ وَمَآ أَنتُم بِمُعْجِزِينَ
আৰু সিহঁতে তোমাৰ ওচৰত জানিব বিচাৰে যে, ‘এই (শাস্তি)টো সঁচাই নেকি’? কোৱা, ‘হয়, মোৰ প্ৰতিপালকৰ শপত! এইটো নিশ্চয় সত্য আৰু তোমালোকে কেতিয়াও প্ৰতিৰোধ কৰিব নোৱাৰিবা’।
★
10 : 54
وَلَوْ أَنَّ لِكُلِّ نَفْسٍ ظَلَمَتْ مَا فِى ٱلْأَرْضِ لَٱفْتَدَتْ بِهِۦ ۗ وَأَسَرُّوا۟ ٱلنَّدَامَةَ لَمَّا رَأَوُا۟ ٱلْعَذَابَ ۖ وَقُضِىَ بَيْنَهُم بِٱلْقِسْطِ ۚ وَهُمْ لَا يُظْلَمُونَ
যদি প্ৰত্যেক অন্যায়কাৰী ব্যক্তিৰ ওচৰত পৃথিৱীৰ সমপৰিমাণ সম্পদ থাকে, তেন্তে সি সেই গোটেইবোৰ মুক্তিপণ হিচাপে প্ৰদান কৰি হ’লেও নিজকে ৰক্ষা কৰিবলৈ উদ্যত হ’ব আৰু যেতিয়া সিহঁতে শাস্তি প্ৰত্যক্ষ কৰিব তেতিয়া সিহঁতে (নিজৰ) অনুতাপ গোপন কৰিব। তথাপিও সিহঁতৰ মীমাংসা ন্যায়ভিত্তিক কৰা হ’ব আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।
★
10 : 55
أَلَآ إِنَّ لِلَّهِ مَا فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۗ أَلَآ إِنَّ وَعْدَ ٱللَّهِ حَقٌّ وَلَـٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ
জানি থোৱা! আকাশসমূহ আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰ আল্লাহৰেই। জানি থোৱা! আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, কিন্তু সিহঁতৰ অধিকাংশই নাজানে।
★
10 : 56
هُوَ يُحْىِۦ وَيُمِيتُ وَإِلَيْهِ تُرْجَعُونَ
তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে আৰু তেওঁৰ ওচৰতেই তোমালোকক ওভতাই নিয়া হ’ব।
★
10 : 57
يَـٰٓأَيُّهَا ٱلنَّاسُ قَدْ جَآءَتْكُم مَّوْعِظَةٌ مِّن رَّبِّكُمْ وَشِفَآءٌ لِّمَا فِى ٱلصُّدُورِ وَهُدًى وَرَحْمَةٌ لِّلْمُؤْمِنِينَ
হে মানৱ! তোমালোকৰ প্ৰতি তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা উপদেশ আৰু অন্তৰত যি (ব্যাধি) আছে তাৰ প্ৰতিষেধক লগতে মুমিনসকলৰ বাবে হিদায়ত আৰু ৰহমত আহিছে।
★
10 : 58
قُلْ بِفَضْلِ ٱللَّهِ وَبِرَحْمَتِهِۦ فَبِذَٰلِكَ فَلْيَفْرَحُوا۟ هُوَ خَيْرٌ مِّمَّا يَجْمَعُونَ
কোৱা, ‘এইটো আল্লাহৰ অনুগ্ৰহ আৰু তেওঁৰ কৃপাত (আহিছে); এতেকে সিহঁতে এই বিষয়ে আনন্দিত হোৱা উচিত’। সিহঁতে যি পুঞ্জীভূত কৰে তাতকৈ এইটো অধিক উত্তম।
★
10 : 59
قُلْ أَرَءَيْتُم مَّآ أَنزَلَ ٱللَّهُ لَكُم مِّن رِّزْقٍ فَجَعَلْتُم مِّنْهُ حَرَامًا وَحَلَـٰلًا قُلْ ءَآللَّهُ أَذِنَ لَكُمْ ۖ أَمْ عَلَى ٱللَّهِ تَفْتَرُونَ
কোৱা, ‘তোমালোকে এই বিষয়ে কি কোৱা, আল্লাহে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে তাৰ পৰা তোমালোকে কিছুমানক হালাল আৰু আন কিছুমানক হাৰাম কৰি লৈছা’, কোৱা, ‘আল্লাহে তোমালোকক ইয়াৰ অনুমতি দিছে নেকি, নে তোমালোকে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰা’?
★
10 : 60
وَمَا ظَنُّ ٱلَّذِينَ يَفْتَرُونَ عَلَى ٱللَّهِ ٱلْكَذِبَ يَوْمَ ٱلْقِيَـٰمَةِ ۗ إِنَّ ٱللَّهَ لَذُو فَضْلٍ عَلَى ٱلنَّاسِ وَلَـٰكِنَّ أَكْثَرَهُمْ لَا يَشْكُرُونَ
আৰু যিসকলে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, ক্বিয়ামত দিৱস সম্পৰ্কে সিহঁতৰ ধাৰণা কি? নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহপৰায়ণ, কিন্তু সিহঁতৰ অধিকাংশই কৃতজ্ঞতা প্ৰকাশ নকৰে।
★
10 : 61
وَمَا تَكُونُ فِى شَأْنٍ وَمَا تَتْلُوا۟ مِنْهُ مِن قُرْءَانٍ وَلَا تَعْمَلُونَ مِنْ عَمَلٍ إِلَّا كُنَّا عَلَيْكُمْ شُهُودًا إِذْ تُفِيضُونَ فِيهِ ۚ وَمَا يَعْزُبُ عَن رَّبِّكَ مِن مِّثْقَالِ ذَرَّةٍ فِى ٱلْأَرْضِ وَلَا فِى ٱلسَّمَآءِ وَلَآ أَصْغَرَ مِن ذَٰلِكَ وَلَآ أَكْبَرَ إِلَّا فِى كِتَـٰبٍ مُّبِينٍ
আৰু তুমি যি অৱস্থাতেই নথকা কিয় আৰু তুমি সেই সম্পৰ্কে কোৰআনৰ পৰা যিটোৱেই তিলাৱত কৰা আৰু তোমালোকে যি আমলেই নকৰা কিয়, আমি তোমালোকৰ সাক্ষী থাকোঁ, যেতিয়া তোমালোকে তাত প্ৰবৃত্ত হোৱা। আকাশসমূহ আৰু পৃথিৱীৰ অণু পৰিমাণ বস্তুও তোমাৰ প্ৰতিপালকৰ দৃষ্টিৰ অগোচৰ নহয় আৰু তাতকৈও ক্ষুদ্ৰ বা বৃহত একোৱেই নাই যিটোৰ বিষয়ে সুস্পষ্ট কিতাবত (লাওহে মাহফুজত লিপিবদ্ধ) নাই।
★
10 : 62
أَلَآ إِنَّ أَوْلِيَآءَ ٱللَّهِ لَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ
জানি থোৱা! আল্লাহৰ বন্ধুসকলৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।
★
10 : 63
ٱلَّذِينَ ءَامَنُوا۟ وَكَانُوا۟ يَتَّقُونَ
যিসকলে ঈমান আনিছিল আৰু তাক্বৱা অৱলম্বন কৰিছিল।
★
10 : 64
لَهُمُ ٱلْبُشْرَىٰ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا وَفِى ٱلْـَٔاخِرَةِ ۚ لَا تَبْدِيلَ لِكَلِمَـٰتِ ٱللَّهِ ۚ ذَٰلِكَ هُوَ ٱلْفَوْزُ ٱلْعَظِيمُ
তেওঁলোকৰ বাবেই আছে সুসংবাদ পাৰ্থিৱ জীৱনত আৰু আখিৰাততো, আল্লাহৰ বাণীৰ কোনো পৰিবৰ্তন নাই; এইটোৱেই হৈছে মহাসফলতা।
★
10 : 65
وَلَا يَحْزُنكَ قَوْلُهُمْ ۘ إِنَّ ٱلْعِزَّةَ لِلَّهِ جَمِيعًا ۚ هُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ
আৰু সিহঁতৰ কথাই যাতে তোমাক চিন্তিত নকৰে। নিশ্চয় সকলো ধৰণৰ মান-মৰ্যাদা কেৱল আল্লাহৰ বাবেই; তেওঁ সৰ্বশ্ৰোতা সৰ্বজ্ঞ।
★
10 : 66
أَلَآ إِنَّ لِلَّهِ مَن فِى ٱلسَّمَـٰوَٰتِ وَمَن فِى ٱلْأَرْضِ ۗ وَمَا يَتَّبِعُ ٱلَّذِينَ يَدْعُونَ مِن دُونِ ٱللَّهِ شُرَكَآءَ ۚ إِن يَتَّبِعُونَ إِلَّا ٱلظَّنَّ وَإِنْ هُمْ إِلَّا يَخْرُصُونَ
জানি থোৱা! নিশ্চয় যিসকল আকাশত আছে আৰু যিসকল পৃথিৱীত আছে সিহঁত আল্লাহৰেই; আৰু যিসকলে আল্লাহৰ বাহিৰে আনক শ্বৰীকৰূপে আহ্বান কৰে, সিহঁতে কিহৰ অনুসৰণ কৰে? সিহঁতে কেৱলমাত্ৰ ধাৰণাৰহে অনুসৰণ কৰে, লগতে সিহঁতে কেৱল মিছা কথাহে কয়।
★
10 : 67
هُوَ ٱلَّذِى جَعَلَ لَكُمُ ٱلَّيْلَ لِتَسْكُنُوا۟ فِيهِ وَٱلنَّهَارَ مُبْصِرًا ۚ إِنَّ فِى ذَٰلِكَ لَـَٔايَـٰتٍ لِّقَوْمٍ يَسْمَعُونَ
তেৱেঁই সেই সত্তা, যিজনে তোমালোকৰ বাবে সৃষ্টি কৰিছে ৰাতি, যাতে তোমালোকে বিশ্ৰাম কৰিব পাৰা আৰু দেখিবলৈ (সৃষ্টি কৰিছে) দিন। যি সম্প্ৰদায়ে কথা শুনে নিশ্চয় সিহঁতৰ বাবে ইয়াত আছে বহুতো নিদৰ্শন।
★
10 : 68
قَالُوا۟ ٱتَّخَذَ ٱللَّهُ وَلَدًا ۗ سُبْحَـٰنَهُۥ ۖ هُوَ ٱلْغَنِىُّ ۖ لَهُۥ مَا فِى ٱلسَّمَـٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۚ إِنْ عِندَكُم مِّن سُلْطَـٰنٍۭ بِهَـٰذَآ ۚ أَتَقُولُونَ عَلَى ٱللَّهِ مَا لَا تَعْلَمُونَ
সিহঁতে কয়, ‘আল্লাহে সন্তান গ্ৰহণ কৰিছে’। তেওঁ মহান পৱিত্ৰ! তেওঁ অভাৱমুক্ত! আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। এই বিষয়ে তোমালোকৰ ওচৰত কোনো প্ৰমাণো নাই। তোমালোকে আল্লাহ সম্পৰ্কে এনে কথা কোৱা নেকি যিটো তোমালোকে নিজেই নাজানা?
★
10 : 69
قُلْ إِنَّ ٱلَّذِينَ يَفْتَرُونَ عَلَى ٱللَّهِ ٱلْكَذِبَ لَا يُفْلِحُونَ
কোৱা, ‘যিসকলে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, সিহঁত কেতিয়াও সফল হ’ব নোৱাৰিব’।
★
10 : 70
مَتَـٰعٌ فِى ٱلدُّنْيَا ثُمَّ إِلَيْنَا مَرْجِعُهُمْ ثُمَّ نُذِيقُهُمُ ٱلْعَذَابَ ٱلشَّدِيدَ بِمَا كَانُوا۟ يَكْفُرُونَ
পৃথিৱীতেই সিহঁতৰ বাবে আছে অলপ ভোগসামগ্ৰী; তাৰ পিছত আমাৰ ওচৰতেই সিহঁতে প্ৰত্যাৱৰ্তন কৰিব লাগিব। তেতিয়া আমি সিহঁতক কঠোৰ শাস্তিৰ সোৱাদ ভোগ কৰাম; কাৰণ সিহঁতে কুফুৰী কৰিছিল।
★
10 : 71
۞ وَٱتْلُ عَلَيْهِمْ نَبَأَ نُوحٍ إِذْ قَالَ لِقَوْمِهِۦ يَـٰقَوْمِ إِن كَانَ كَبُرَ عَلَيْكُم مَّقَامِى وَتَذْكِيرِى بِـَٔايَـٰتِ ٱللَّهِ فَعَلَى ٱللَّهِ تَوَكَّلْتُ فَأَجْمِعُوٓا۟ أَمْرَكُمْ وَشُرَكَآءَكُمْ ثُمَّ لَا يَكُنْ أَمْرُكُمْ عَلَيْكُمْ غُمَّةً ثُمَّ ٱقْضُوٓا۟ إِلَىَّ وَلَا تُنظِرُونِ
আৰু তুমি সিহঁতক নূহৰ সংবাদ পাঠ কৰি শুনোৱা। যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘হে মোৰ সম্প্ৰদায়! মোৰ অৱস্থিতি আৰু আল্লাহৰ আয়াতসমূহৰ দ্বাৰা মোৰ উপদেশ প্ৰদান কৰাটো যদি তোমালোকৰ ওচৰত অসহ্য হয়, তেন্তে মইতো কেৱল আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰোঁ। এতেকে তোমালোকে নিজৰ কৰ্তব্য স্থিৰ কৰি লোৱা আৰু তোমালোকে যিসকলক অংশী কৰিছা সিহঁতকো মাতা, পিছত যাতে কৰ্তব্য বিষয়ত তোমালোকৰ কোনো অস্পষ্টতা নাথাকে। তাৰ পিছত মোৰ বিষয়ে তোমালোকৰ যি কৰিবলগীয়া আছে কৰা আৰু মোক অকণো অৱকাশ নিদিবা’।
★
10 : 72
فَإِن تَوَلَّيْتُمْ فَمَا سَأَلْتُكُم مِّنْ أَجْرٍ ۖ إِنْ أَجْرِىَ إِلَّا عَلَى ٱللَّهِ ۖ وَأُمِرْتُ أَنْ أَكُونَ مِنَ ٱلْمُسْلِمِينَ
‘তথাপিও যদি তোমালোকে মোৰ পৰা ফালৰি কাটি যোৱা তেন্তে মইতো তোমালোকৰ ওচৰত কোনো পাৰিশ্ৰমিক বিচৰা নাই, মোৰ পাৰিশ্ৰমিক আছে কেৱল আল্লাহৰ ওচৰত, আৰু মই মুছলিমসকলৰ অন্তৰ্ভুক্ত হ’বলৈ আদেশপ্ৰাপ্ত হৈছোঁ’।
★
10 : 73
فَكَذَّبُوهُ فَنَجَّيْنَـٰهُ وَمَن مَّعَهُۥ فِى ٱلْفُلْكِ وَجَعَلْنَـٰهُمْ خَلَـٰٓئِفَ وَأَغْرَقْنَا ٱلَّذِينَ كَذَّبُوا۟ بِـَٔايَـٰتِنَا ۖ فَٱنظُرْ كَيْفَ كَانَ عَـٰقِبَةُ ٱلْمُنذَرِينَ
তথাপিও সিহঁতে তেওঁক মিছা বুলি অস্বীকাৰ কৰিছিল; ফলত আমি তেওঁক আৰু তেওঁৰ সৈতে যিসকলে নাৱঁত আৰোহণ কৰিছিল তেওঁলোকক উদ্ধাৰ কৰিছিলোঁ আৰু তেওঁলোকক প্ৰতিনিধি বনাইছিলোঁ; আনহাতে যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল সিহঁতক ডুবাই মাৰিছিলোঁ। গতিকে চোৱা, যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ কেনেকুৱা পৰিণাম হৈছিল?
★
10 : 74
ثُمَّ بَعَثْنَا مِنۢ بَعْدِهِۦ رُسُلًا إِلَىٰ قَوْمِهِمْ فَجَآءُوهُم بِٱلْبَيِّنَـٰتِ فَمَا كَانُوا۟ لِيُؤْمِنُوا۟ بِمَا كَذَّبُوا۟ بِهِۦ مِن قَبْلُ ۚ كَذَٰلِكَ نَطْبَعُ عَلَىٰ قُلُوبِ ٱلْمُعْتَدِينَ
নূহৰ পিছত আমি বহুতো ৰাছুলক তেওঁলোকৰ নিজ নিজ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ; এতেকে তেওঁলোকে সিহঁতৰ ওচৰলৈ স্পষ্ট প্ৰমাণাদিসহ আগমন কৰিছিল। কিন্তু সিহঁতে যিটোক আগতেই অস্বীকাৰ কৰিছিল তাত ঈমান আনিবলৈ সিহঁত দুনাই প্ৰস্তুত নাছিল। এইদৰেই আমি সীমালংঘনকাৰীসকলৰ হৃদয়ত মোহৰ মাৰি দিওঁ।
★
10 : 75
ثُمَّ بَعَثْنَا مِنۢ بَعْدِهِم مُّوسَىٰ وَهَـٰرُونَ إِلَىٰ فِرْعَوْنَ وَمَلَإِي۟هِۦ بِـَٔايَـٰتِنَا فَٱسْتَكْبَرُوا۟ وَكَانُوا۟ قَوْمًا مُّجْرِمِينَ
তাৰ পিছত আমি মুছা আৰু হাৰুনক আমাৰ নিদৰ্শনসহ ফিৰআউন আৰু তাৰ পৰিষদবৰ্গৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। কিন্তু সিহঁতে অহংকাৰ কৰিছিল, কাৰণ সিহঁত আছিল অপৰাধী সম্প্ৰদায়।
★
10 : 76
فَلَمَّا جَآءَهُمُ ٱلْحَقُّ مِنْ عِندِنَا قَالُوٓا۟ إِنَّ هَـٰذَا لَسِحْرٌ مُّبِينٌ
এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ আমাৰ তৰফৰ পৰা সত্য আহিল তেতিয়া সিহঁতে ক’লে, ‘এয়া নিশ্চয় স্পষ্ট যাদু’।
★
10 : 77
قَالَ مُوسَىٰٓ أَتَقُولُونَ لِلْحَقِّ لَمَّا جَآءَكُمْ ۖ أَسِحْرٌ هَـٰذَا وَلَا يُفْلِحُ ٱلسَّـٰحِرُونَ
মুছাই ক’লে, ‘সত্য যিহেতু তোমালোকৰ ওচৰলৈ আহিছে, এতিয়া তোমালোকে এইদৰে (যাদু বুলি) কৈ আছা? এইটো যাদু নেকি? অথচ যাদুকৰসকলে কেতিয়াও সফল নহয়’।
★
10 : 78
قَالُوٓا۟ أَجِئْتَنَا لِتَلْفِتَنَا عَمَّا وَجَدْنَا عَلَيْهِ ءَابَآءَنَا وَتَكُونَ لَكُمَا ٱلْكِبْرِيَآءُ فِى ٱلْأَرْضِ وَمَا نَحْنُ لَكُمَا بِمُؤْمِنِينَ
সিহঁতে ক’লে, তুমি আমাক সেই পথৰ পৰা বিচ্যুত কৰিবলৈ আহিছা নেকি যি পথত আমি আমাৰ পিতৃ-পুৰুষসকলক পাইছোঁ, লগতে পৃথিৱীত তোমালোক দুজনৰ আধিপত্য বিস্তাৰ কৰিবলৈ আহিছা নেকি? তোমালোক দুজনৰ ওপৰত আমি বিশ্বাস নকৰোঁ’।
★
10 : 79
وَقَالَ فِرْعَوْنُ ٱئْتُونِى بِكُلِّ سَـٰحِرٍ عَلِيمٍ
আৰু ফিৰআউনে (নিজৰ মন্ত্ৰীসভাক সম্বোধন কৰি) ক’লে, ‘মোৰ ওচৰলৈ সকলো সুদক্ষ যাদুকৰক উপস্থিত কৰা’।
★
10 : 80
فَلَمَّا جَآءَ ٱلسَّحَرَةُ قَالَ لَهُم مُّوسَىٰٓ أَلْقُوا۟ مَآ أَنتُم مُّلْقُونَ
এতেকে যেতিয়া যাদুকৰসকল আহি উপস্থিত হ’ল তেতিয়া মুছাই ক’লে, ‘তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে নিক্ষেপ কৰা’।
★
10 : 81
فَلَمَّآ أَلْقَوْا۟ قَالَ مُوسَىٰ مَا جِئْتُم بِهِ ٱلسِّحْرُ ۖ إِنَّ ٱللَّهَ سَيُبْطِلُهُۥٓ ۖ إِنَّ ٱللَّهَ لَا يُصْلِحُ عَمَلَ ٱلْمُفْسِدِينَ
ফলত যেতিয়া সিহঁতে নিক্ষেপ কৰিলে, তেতিয়া মুছাই ক’লে, ‘তোমালোকে যি লৈ আহিছা সেয়া হৈছে যাদু, নিশ্চয় আল্লাহে এইবোৰক এতিয়াই অসাৰ (বাতিল) কৰি দিব। নিশ্চয় আল্লাহে অশান্তি সৃষ্টিকাৰীসকলৰ কৰ্মক সাৰ্থক নকৰে’।
★
10 : 82
وَيُحِقُّ ٱللَّهُ ٱلْحَقَّ بِكَلِمَـٰتِهِۦ وَلَوْ كَرِهَ ٱلْمُجْرِمُونَ
আৰু আল্লাহে তেওঁৰ বাণীৰ দ্বাৰা সত্যক প্ৰতিষ্ঠিত কৰিব যদিও অপৰাধীসকলে ইয়াক অপছন্দ কৰে।
★
10 : 83
فَمَآ ءَامَنَ لِمُوسَىٰٓ إِلَّا ذُرِّيَّةٌ مِّن قَوْمِهِۦ عَلَىٰ خَوْفٍ مِّن فِرْعَوْنَ وَمَلَإِي۟هِمْ أَن يَفْتِنَهُمْ ۚ وَإِنَّ فِرْعَوْنَ لَعَالٍ فِى ٱلْأَرْضِ وَإِنَّهُۥ لَمِنَ ٱلْمُسْرِفِينَ
কিন্তু ফিৰআউন আৰু তাৰ পৰিষদবৰ্গই নিৰ্যাতন কৰিব বুলি আশংকা কৰি মুছাৰ সম্প্ৰদায়ৰ এটা সৰু যুৱক দলৰ বাহিৰে আন কোনেও তেওঁৰ প্ৰতি ঈমান পোষণ কৰা নাছিল। কাৰণ ফিৰআউন আছিল দেশৰ শক্তিশালী ব্যক্তি আৰু নিশ্চয় সি আছিল সীমালংঘনকাৰীসকলৰ অন্তৰ্ভুক্ত।
★
10 : 84
وَقَالَ مُوسَىٰ يَـٰقَوْمِ إِن كُنتُمْ ءَامَنتُم بِٱللَّهِ فَعَلَيْهِ تَوَكَّلُوٓا۟ إِن كُنتُم مُّسْلِمِينَ
আৰু মুছাই ক’লে, ‘হে মোৰ সম্প্ৰদায়! যদি তোমালোকে আল্লাহৰ ওপৰত ঈমান আনিছা, তেন্তে তোমালোকে কেৱল তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰা, যদি তোমালোকে (প্ৰকৃত) মুছলিম’।
★
10 : 85
فَقَالُوا۟ عَلَى ٱللَّهِ تَوَكَّلْنَا رَبَّنَا لَا تَجْعَلْنَا فِتْنَةً لِّلْقَوْمِ ٱلظَّـٰلِمِينَ
তেতিয়া তেওঁলোকে ক’লে, ‘আমি আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰিলোঁ। হে আমাৰ প্ৰতিপালক! তুমি আমাক যালিম সম্প্ৰদায়ৰ উৎপীড়নৰ পাত্ৰ নকৰিবা’।
★
10 : 86
وَنَجِّنَا بِرَحْمَتِكَ مِنَ ٱلْقَوْمِ ٱلْكَـٰفِرِينَ
‘আৰু তুমি আমাক তোমাৰ অনুগ্ৰহৰ দ্বাৰা কাফিৰ সম্প্ৰদায়ৰ পৰা ৰক্ষা কৰা’।
★
10 : 87
وَأَوْحَيْنَآ إِلَىٰ مُوسَىٰ وَأَخِيهِ أَن تَبَوَّءَا لِقَوْمِكُمَا بِمِصْرَ بُيُوتًا وَٱجْعَلُوا۟ بُيُوتَكُمْ قِبْلَةً وَأَقِيمُوا۟ ٱلصَّلَوٰةَ ۗ وَبَشِّرِ ٱلْمُؤْمِنِينَ
আমি মুছা আৰু তেওঁৰ ভাতৃৰ প্ৰতি অহী প্ৰেৰণ কৰিলোঁ যে, ‘মিচৰত তোমালোকৰ সম্প্ৰদায়ৰ বাবে কিছুমান ঘৰ নিৰ্মাণ কৰা আৰু তোমালোকৰ ঘৰবোৰক ‘কিবলা’ তথা ইবাদতৰ স্থান কৰি লোৱা, আৰু ছালাত কায়েম কৰা লগতে মুমিনসকলক সুসংবাদ দিয়া’।
★
10 : 88
وَقَالَ مُوسَىٰ رَبَّنَآ إِنَّكَ ءَاتَيْتَ فِرْعَوْنَ وَمَلَأَهُۥ زِينَةً وَأَمْوَٰلًا فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا رَبَّنَا لِيُضِلُّوا۟ عَن سَبِيلِكَ ۖ رَبَّنَا ٱطْمِسْ عَلَىٰٓ أَمْوَٰلِهِمْ وَٱشْدُدْ عَلَىٰ قُلُوبِهِمْ فَلَا يُؤْمِنُوا۟ حَتَّىٰ يَرَوُا۟ ٱلْعَذَابَ ٱلْأَلِيمَ
মুছাই ক’লে, ‘হে আমাৰ প্ৰতিপালক! তুমিয়েই ফিৰআউন আৰু তাৰ পৰিষদবৰ্গক পাৰ্থিৱ জীৱনত সৌন্দৰ্য আৰু ধন-সম্পদ প্ৰদান কৰিছা, হে আমাৰ প্ৰতিপালক! সিহঁতে ইয়াৰ দ্বাৰাই মানুহক তোমাৰ পথৰ পৰা বিভ্ৰান্ত কৰে। হে আমাৰ প্ৰতিপালক! সিহঁতৰ এই ধন-সম্পদ বিনষ্ট কৰি দিয়া আৰু সিহঁতৰ হৃদয়সমূহক কঠিন কৰি দিয়া, যাতে সিহঁতে যন্ত্ৰণাদায়ক শাস্তি প্ৰত্যক্ষ নকৰালৈকে ঈমান পোষণ কৰিব নোৱাৰে’।
★
10 : 89
قَالَ قَدْ أُجِيبَت دَّعْوَتُكُمَا فَٱسْتَقِيمَا وَلَا تَتَّبِعَآنِّ سَبِيلَ ٱلَّذِينَ لَا يَعْلَمُونَ
তেওঁ ক’লে, ‘তোমালোক দুয়োৰে দুআ কবুল কৰা হ’ল। এতেকে তোমালোক দৃঢ় হৈ থাকা আৰু তোমালোকে কেতিয়াও নজনাসকলৰ পথ অনুসৰণ নকৰিবা’।
★
10 : 90
۞ وَجَـٰوَزْنَا بِبَنِىٓ إِسْرَٰٓءِيلَ ٱلْبَحْرَ فَأَتْبَعَهُمْ فِرْعَوْنُ وَجُنُودُهُۥ بَغْيًا وَعَدْوًا ۖ حَتَّىٰٓ إِذَآ أَدْرَكَهُ ٱلْغَرَقُ قَالَ ءَامَنتُ أَنَّهُۥ لَآ إِلَـٰهَ إِلَّا ٱلَّذِىٓ ءَامَنَتْ بِهِۦ بَنُوٓا۟ إِسْرَٰٓءِيلَ وَأَنَا۠ مِنَ ٱلْمُسْلِمِينَ
আৰু আমি বনী ঈছৰাইলক সাগৰ পাৰ কৰালোঁ। ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে ঔদ্ধত্য সহকাৰে আৰু বিদ্বেষবশতঃ তেওঁলোকৰ পিছ ল’লে। অৱশেষত যেতিয়া সি ডুবিবলৈ ধৰিলে তেতিয়া ক’লে, ‘মই ঈমান আনিলোঁ যে, নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, যাৰ প্ৰতি বনী ঈছৰাইলে ঈমান আনিছে, আৰু মই মুছলিমসকলৰ অন্তৰ্ভুক্ত’।
★
10 : 91
ءَآلْـَٔـٰنَ وَقَدْ عَصَيْتَ قَبْلُ وَكُنتَ مِنَ ٱلْمُفْسِدِينَ
এতিয়া (ঈমান আনিছা)! অথচ ইতিপূৰ্বে তুমি অমান্য কৰিছিলা আৰু তুমি অশান্তি সৃষ্টিকাৰীসকলৰ অন্তৰ্ভুক্ত আছিলা।
★
10 : 92
فَٱلْيَوْمَ نُنَجِّيكَ بِبَدَنِكَ لِتَكُونَ لِمَنْ خَلْفَكَ ءَايَةً ۚ وَإِنَّ كَثِيرًا مِّنَ ٱلنَّاسِ عَنْ ءَايَـٰتِنَا لَغَـٰفِلُونَ
‘এতেকে আজি আমি তোমাৰ শৰীৰটোক ৰক্ষা কৰিম যাতে তুমি তোমাৰ পৰবৰ্তীসকলৰ বাবে নিদৰ্শন হৈ থাকা। নিশ্চয় মানুহৰ মাজত বহুতেই আমাৰ নিদৰ্শন সম্পৰ্কে উদাসীন’।
★
10 : 93
وَلَقَدْ بَوَّأْنَا بَنِىٓ إِسْرَٰٓءِيلَ مُبَوَّأَ صِدْقٍ وَرَزَقْنَـٰهُم مِّنَ ٱلطَّيِّبَـٰتِ فَمَا ٱخْتَلَفُوا۟ حَتَّىٰ جَآءَهُمُ ٱلْعِلْمُ ۚ إِنَّ رَبَّكَ يَقْضِى بَيْنَهُمْ يَوْمَ ٱلْقِيَـٰمَةِ فِيمَا كَانُوا۟ فِيهِ يَخْتَلِفُونَ
আৰু অৱশ্যে আমি বনী ইছৰাঈলক উৎকৃষ্ট আবাস ভূমিত বাসস্থান প্ৰদান কৰিছিলো আৰু আমি সিহঁতক উত্তম জীৱিকা প্ৰদান কৰিছিলোঁ, তথাপিও সিহঁতৰ ওচৰলৈ জ্ঞান অহাৰ পিছত সিহঁতে বিভেদ সৃষ্টি কৰিছিল। নিশ্চয় সিহঁতে যি বিষয়ে বিভেদ সৃষ্টি কৰিছিল তোমাৰ প্ৰতিপালকে সিহঁতৰ মাজত ক্বিয়ামতৰ দিনা সেইটোৰ মীমাংসা কৰি দিব।
★
10 : 94
فَإِن كُنتَ فِى شَكٍّ مِّمَّآ أَنزَلْنَآ إِلَيْكَ فَسْـَٔلِ ٱلَّذِينَ يَقْرَءُونَ ٱلْكِتَـٰبَ مِن قَبْلِكَ ۚ لَقَدْ جَآءَكَ ٱلْحَقُّ مِن رَّبِّكَ فَلَا تَكُونَنَّ مِنَ ٱلْمُمْتَرِينَ
এতেকে (হে নবী!) আমি তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছোঁ সেই বিষয়ে যদি তুমি সন্দেহ পোষণ কৰা তেন্তে তুমি সিহঁতক সুধি চোৱা যিসকলে তোমাৰ পূৰ্বে অৱতীৰ্ণ হোৱা গ্ৰন্থ পাঠ কৰে; নিশ্চয় তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ ওচৰলৈ সত্য আহিছে। সেয়ে তুমি কেতিয়াও সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’বা।
★
10 : 95
وَلَا تَكُونَنَّ مِنَ ٱلَّذِينَ كَذَّبُوا۟ بِـَٔايَـٰتِ ٱللَّهِ فَتَكُونَ مِنَ ٱلْخَـٰسِرِينَ
লগতে সেইসকল লোকৰো অন্তৰ্ভুক্ত নহ’বা যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে- অন্যথা তুমিও ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাবা।
★
10 : 96
إِنَّ ٱلَّذِينَ حَقَّتْ عَلَيْهِمْ كَلِمَتُ رَبِّكَ لَا يُؤْمِنُونَ
নিশ্চয় যিসকলৰ বিৰুদ্ধে তোমাৰ প্ৰতিপালকৰ বাণী সাব্যস্ত হৈ গৈছে, সিহঁতে ঈমান পোষণ নকৰিব।
★
10 : 97
وَلَوْ جَآءَتْهُمْ كُلُّ ءَايَةٍ حَتَّىٰ يَرَوُا۟ ٱلْعَذَابَ ٱلْأَلِيمَ
যদিও সিহঁতৰ ওচৰলৈ সকলো নিদৰ্শন আহি যায় তথাপিও সিহঁতে যন্ত্ৰণাদায়ক শাস্তি নেদেখালৈকে (ঈমান পোষণ নকৰিব)।
★
10 : 98
فَلَوْلَا كَانَتْ قَرْيَةٌ ءَامَنَتْ فَنَفَعَهَآ إِيمَـٰنُهَآ إِلَّا قَوْمَ يُونُسَ لَمَّآ ءَامَنُوا۟ كَشَفْنَا عَنْهُمْ عَذَابَ ٱلْخِزْىِ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا وَمَتَّعْنَـٰهُمْ إِلَىٰ حِينٍ
এতেকে (সিহঁতৰ) কোনো এটা জনপদবাসীয়ে কিয় ঈমান পোষণ নকৰিলে, যিসকলৰ ঈমানে সিহঁতক উপকাৰ কৰিলেহেঁতেন? কিন্তু ইউনুছৰ সম্প্ৰদায়ৰ বাহিৰে, তেওঁলোকে যেতিয়া ঈমান আনিছিল তেতিয়া আমি তেওঁলোকৰ পৰা পাৰ্থিৱ জীৱনৰ লাঞ্ছনামূলক শাস্তি দূৰ কৰিছিলোঁ আৰু সিহঁতক কিছু সময়ৰ বাবে জীৱনোপভোগ কৰিবলৈ দিছিলোঁ।
★
10 : 99
وَلَوْ شَآءَ رَبُّكَ لَـَٔامَنَ مَن فِى ٱلْأَرْضِ كُلُّهُمْ جَمِيعًا ۚ أَفَأَنتَ تُكْرِهُ ٱلنَّاسَ حَتَّىٰ يَكُونُوا۟ مُؤْمِنِينَ
আৰু তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে পৃথিৱীৰ সকলোৱেই ঈমান আনিলেহেঁতেন; তেন্তে তুমি মানুহক মুমিন হ’বলৈ বাধ্য কৰিবা নেকি?
★
10 : 100
وَمَا كَانَ لِنَفْسٍ أَن تُؤْمِنَ إِلَّا بِإِذْنِ ٱللَّهِ ۚ وَيَجْعَلُ ٱلرِّجْسَ عَلَى ٱلَّذِينَ لَا يَعْقِلُونَ
অথচ আল্লাহৰ অনুমতি অবিহনে কাৰো পক্ষে ঈমান পোষণ কৰা সম্ভৱ নহয়, আৰু যিসকলে নুবুজে আল্লাহে সিহঁতৰ ওপৰতেই (কুফৰীৰ) অপৱিত্ৰতা স্থাপন কৰি দিয়ে।
★
10 : 101
قُلِ ٱنظُرُوا۟ مَاذَا فِى ٱلسَّمَـٰوَٰتِ وَٱلْأَرْضِ ۚ وَمَا تُغْنِى ٱلْـَٔايَـٰتُ وَٱلنُّذُرُ عَن قَوْمٍ لَّا يُؤْمِنُونَ
কোৱা, ‘আকাশসমূহ আৰু পৃথিৱীত যি আছে সেইবোৰৰ প্ৰতি লক্ষ্য কৰা। (জানি থোৱা) যিসকলে ঈমান পোষণ নকৰে, নিদৰ্শনাৱলী আৰু ভীতি প্ৰদৰ্শন তেনেকুৱা লোকৰ কোনো কামত নাহে’।
★
10 : 102
فَهَلْ يَنتَظِرُونَ إِلَّا مِثْلَ أَيَّامِ ٱلَّذِينَ خَلَوْا۟ مِن قَبْلِهِمْ ۚ قُلْ فَٱنتَظِرُوٓا۟ إِنِّى مَعَكُم مِّنَ ٱلْمُنتَظِرِينَ
তেন্তে সিহঁতে কেৱল সিহঁতৰ পূৰ্বে যি ঘটিছে সেই অনুৰূপ ঘটনাৰ প্ৰতীক্ষা কৰি আছে নেকি? কোৱা, ‘তোমালোকে প্ৰতীক্ষা কৰা, ময়ো তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছোঁ’।
★
10 : 103
ثُمَّ نُنَجِّى رُسُلَنَا وَٱلَّذِينَ ءَامَنُوا۟ ۚ كَذَٰلِكَ حَقًّا عَلَيْنَا نُنجِ ٱلْمُؤْمِنِينَ
তাৰ পিছত আমি আমাৰ ৰাছুলসকলক আৰু যিসকলে ঈমান আনিছে তেওঁলোকক উদ্ধাৰ কৰিছোঁ। এইদৰে মুমিনসকলক উদ্ধাৰ কৰাটো হৈছে আমাৰ দায়িত্ব।
★
10 : 104
قُلْ يَـٰٓأَيُّهَا ٱلنَّاسُ إِن كُنتُمْ فِى شَكٍّ مِّن دِينِى فَلَآ أَعْبُدُ ٱلَّذِينَ تَعْبُدُونَ مِن دُونِ ٱللَّهِ وَلَـٰكِنْ أَعْبُدُ ٱللَّهَ ٱلَّذِى يَتَوَفَّىٰكُمْ ۖ وَأُمِرْتُ أَنْ أَكُونَ مِنَ ٱلْمُؤْمِنِينَ
কোৱা, ‘হে মানৱজাতি! তোমালোকে যদি মোৰ দ্বীন সম্পৰ্কে সন্দেহ পোষণ কৰা তেন্তে জানি থোৱা! তোমালোকে আল্লাহৰ বাহিৰে যিসকলৰ ইবাদত কৰা মই সিহঁতৰ ইবাদত নকৰোঁ। বৰং মই ইবাদত কৰোঁ আল্লাহৰ, যিজনে তোমালোকক মৃত্যু প্ৰদান কৰে; আৰু মই আদিষ্ট হৈছোঁ যে মই যাতে মুমিনসকলৰ অন্তৰ্ভুক্ত হওঁ’।
★
10 : 105
وَأَنْ أَقِمْ وَجْهَكَ لِلدِّينِ حَنِيفًا وَلَا تَكُونَنَّ مِنَ ٱلْمُشْرِكِينَ
লগতে (এই নিৰ্দেশ দিছে) যে, তুমি একনিষ্ঠভাৱে নিজকে দ্বীনৰ ওপৰত প্ৰতিষ্ঠিত ৰাখা আৰু কেতিয়াও মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা।
★
10 : 106
وَلَا تَدْعُ مِن دُونِ ٱللَّهِ مَا لَا يَنفَعُكَ وَلَا يَضُرُّكَ ۖ فَإِن فَعَلْتَ فَإِنَّكَ إِذًا مِّنَ ٱلظَّـٰلِمِينَ
আৰু তুমি আল্লাহৰ বাহিৰে আন কাকো আহ্বান নকৰিবা, যিবোৰে তোমাৰ কোনো উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে; আৰু যদি তুমি এনেকুৱা কৰা তেন্তে নিশ্চয় তুমি যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা।
★
10 : 107
وَإِن يَمْسَسْكَ ٱللَّهُ بِضُرٍّ فَلَا كَاشِفَ لَهُۥٓ إِلَّا هُوَ ۖ وَإِن يُرِدْكَ بِخَيْرٍ فَلَا رَآدَّ لِفَضْلِهِۦ ۚ يُصِيبُ بِهِۦ مَن يَشَآءُ مِنْ عِبَادِهِۦ ۚ وَهُوَ ٱلْغَفُورُ ٱلرَّحِيمُ
আৰু যদি আল্লাহে তোমাক কোনো ক্ষতিৰ দ্বাৰা স্পৰ্শ কৰায়, তেন্তে তেওঁৰ বাহিৰে আন কোনেও সেইটোক দূৰ কৰিব নোৱাৰে; আৰু যদি আল্লাহে তোমাৰ মঙ্গল বিচাৰে, তেন্তে তেওঁৰ অনুগ্ৰহক প্ৰতিহত কৰিবলৈও কোনো নাই। তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক তেওঁ ইচ্ছা কৰে তাৰ ওচৰতেই সেইটো পৌঁচাই দিয়ে; আৰু তেওঁ পৰম ক্ষমাশীল, অতি দয়ালু।
★
10 : 108
قُلْ يَـٰٓأَيُّهَا ٱلنَّاسُ قَدْ جَآءَكُمُ ٱلْحَقُّ مِن رَّبِّكُمْ ۖ فَمَنِ ٱهْتَدَىٰ فَإِنَّمَا يَهْتَدِى لِنَفْسِهِۦ ۖ وَمَن ضَلَّ فَإِنَّمَا يَضِلُّ عَلَيْهَا ۖ وَمَآ أَنَا۠ عَلَيْكُم بِوَكِيلٍ
কোৱা, ‘হে মানৱজাতি! নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ সত্য আহি পাইছে। গতিকে যিয়ে সৎপথ অৱলম্বন কৰিব সি নিজৰ মঙ্গলৰ বাবেই সৎপথ ধৰিব আৰু যিয়ে পথভ্ৰষ্ট হ’ব সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হ’ব; আৰু মই তোমালোকৰ ওপৰত কৰ্মবিধায়ক নহয়’।
★
10 : 109
وَٱتَّبِعْ مَا يُوحَىٰٓ إِلَيْكَ وَٱصْبِرْ حَتَّىٰ يَحْكُمَ ٱللَّهُ ۚ وَهُوَ خَيْرُ ٱلْحَـٰكِمِينَ
আৰু তোমাৰ প্ৰতি যি অহী অৱতীৰ্ণ হৈছে তুমি কেৱল তাৰেই অনুসৰণ কৰা, লগতে আল্লাহে ফয়চালা নকৰালৈকে তুমি ধৈৰ্য্য ধাৰণ কৰা, আৰু তেৱেঁই সৰ্বোত্তম ফয়চালা প্ৰদানকাৰী।
★